• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক্ষমতাৰ খকত ‘কেব’ক সমৰ্থন জনোৱা অতুল বৰাৰ বিৰুদ্ধে দলীয় নেতা-কৰ্মীৰ ক্ষোভ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 5, 2019 1:57 pm
atul

অগপ সভাপতি অতুল বৰাৰ ফাইল ফটো

8.7k
VIEWS
Share on FacebookShare on Twitter

অসমীয়া জাতি-ভাষা-সংস্কৃতিক নিঃশেষ কৰিব পৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ পক্ষত অৱস্থান গ্ৰহণ কৰা অগপৰ সভাপতি অতুল বৰাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে দলটোৰ একাংশ জিলা নেতৃত্বৰ লগতে তৃণমূল পৰ্যায়ৰ বহু নেতা-কৰ্মী।

অসম আন্দোলনৰ ফলশ্ৰুতিত সম্পাদিত অসম চুক্তিক গীতা, কোৰাণ, বাইবেল আখ্যা দিয়া অতুল বৰাই এতিয়া একমাত্ৰ মন্ত্ৰিত্বৰ লালসা তথা ক্ষমতাৰ খকত বিজেপিক দিয়া সমৰ্থন সহজভাৱে মানি ল’ব পৰা নাই তেজপুৰৰ নেতা-কৰ্মী।

প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামীৰ নেতৃত্বত তেজপুৰ অগপৰ নেতা-কৰ্মীসকলে অতুল বৰাৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি কেব কোনো পধ্যে গ্ৰহণ কৰা নহ’ব বুলি বুধবাৰে স্পষ্ট কৰি দিয়ে।

তেজপুৰ জিলা অগপ কাৰ্যালয়ত আয়োজিত হোৱা এখন সভাত অসম ৰাজ্যিক মহিলা পৰিষদৰ উপ-সভানেত্ৰী তৰুলতা দাসে সভাপতি অতুল বৰাৰ মন্তব্য আৰু অসম চুক্তিক অৱমাননা কৰা কোনো কাৰ্যক মানি লোৱা নহ’ব বুলি মন্তব্য কৰে।

ইয়াৰ উপৰি কেবৰ বিৰুদ্ধে তেজপুৰৰ অগপই সদায় মাত মাতি আহিছে আৰু সদায় প্ৰতিবাদ কৰি যাব বুলিও মহিলা নেত্ৰীগৰাকীয়ে কয়।

আনহাতে তেজপুৰ যুৱ পৰিষদৰ সভাপতি দাদুল বৰায়ো দলৰ সভাপতি অতুল বৰাৰ মন্তব্য গ্ৰহণযোগ্য নহয় বুলি স্পষ্টভাৱে কোৱাৰ লগতে কেব বিৰোধী শ্লোগানেৰে তেজপুৰৰ কাৰ্যালয়ৰ পৰিৱেশ উত্তাল কৰি তোলে।

ইফালে সংবিধান বিৰোধী নাগৰিকত্ব সংশোধনী বিধেয়কৰ পক্ষ লোৱা অগপৰ তিনি মন্ত্ৰীৰ এনে কাৰ্যত ক্ষুন্ন হৈ পৰিছে প্ৰাক্তন মন্ত্ৰী তথা অগপৰ জ্যেষ্ঠ নেতা গিৰীন্দ্ৰ কুমাৰ বৰুৱা। অতুল বৰাৰ মন্তব্যক অতিশয় দুৰ্ভাজ্যনক আখ্য্যা দিছে বৰুৱাই।

লগতে পঢ়ক : অতুল বৰাৰ কেব সমৰ্থন ব্যক্তিগত

অসম চুক্তিৰ ৬নং দফা অনুসৰি খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিব লগা বিষয়সমূহ নিশ্চিত নোহোৱাকৈ কেন্দ্ৰীয় চৰকাৰে কেব আনি অসমবাসীক পুনৰ এবাৰ প্ৰতাৰণা কৰিব বিচাৰিছে। এইক্ষেত্ৰত অগপ দলে সবল ভূমিকা লোৱাটো প্ৰয়োজন আছিল।

অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক নেতা প্ৰফুল্ল কুমাৰ মহন্তয়ো দলৰ সভাপতি অতুল বৰাৰ কেব সমৰ্থন ব্যক্তিগত বুলি মন্তব্য কৰি সভাপতিগৰাকীক সমালোচনা কৰে।

“অতুল বৰাৰ বক্তব্যই আমাৰ দলৰ সিদ্ধান্ত প্ৰতিফলিত নকৰে,” বুলি মহন্তই মন্তব্য কৰিছিল। কেব বাতিল নোহোৱালৈকে তেওঁ বিৰোধিতা কৰি যাব বুলিও কৈছে।

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd