আজি লোকসভাত উত্থাপিত হোৱা নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে নিজৰ উদ্বেগ ব্যক্ত কৰি দেশৰ হাজাৰোধিক বিজ্ঞানী আৰু পণ্ডিতে স্বাক্ষৰ কৰি এটা বিবৃতি প্ৰকাশ কৰিছে।
সংবিধানৰ ১৪ নং অনুচ্ছেদৰ কথা উল্লেখ কৰি স্বাক্ষৰকাৰীসকলে ধৰ্মক নাগৰিকত্বৰ বাবে আৱেদনৰ এটা অৰ্হতা হিচাপে নিৰ্ধাৰণ কৰাটোক “গম্ভীৰৰূপে উদ্বেগজনক” বুলি মন্তব্য কৰিছে।
দেশৰ বিভিন্ন স্থান আৰু ক্ষেত্ৰক প্ৰতিনিধিত্ব কৰা এই ব্যক্তিসকলে বিবৃতিটোত বিধেয়কখন গৃহীত নকৰিবলৈও সকীয়াই দিয়ে।
চুবুৰীয়া দেশত নিপীড়িত সংখ্যালঘুসকলৰ কথা ভবাটোক প্ৰশংসা কৰি ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিয়া “কেব”ৰ পৰিৱৰ্তে বৈষম্যহীনভাৱে এওঁলোকৰ সমস্যা সমাধান কৰিব পৰাকৈ এখন আইন অনাৰ বাবেহে আহ্বান জনাইছে।
পত্ৰখনত সকলোকে সোঁৱৰাই দি তেওঁলোকে কয়, “স্বাধীনতা আন্দোলনৰ মাজেৰে ভাৰত এনে এখন দেশ হিচাপে জন্ম হৈছিল, যি সকলো ধৰ্মৰ লোকক সমান চকুৰে চোৱাটো বিচাৰিছিল।”
“প্ৰস্তাৱিত বিধেয়কখনত ধৰ্মক নাগৰিকত্বৰ এটা অৰ্হতা হিচাপে ব্যৱহাৰ কৰাটোৱে এই ইতিহাসত মূলগত আঘাত সানিব আৰু সংবিধানৰ বুনিয়াদী গাঁথনিৰ বিৰোধপূৰ্ণ হ’ব”, ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বিবৃতিটোৰ উদ্ধৃতি।
তাৰোপৰি কোৱা হৈছে, “আমি বিশেষভাৱে এই ভয় কৰিছো যে বিধেয়কখনৰ পৰিসৰৰ পৰা মুছলমানসকলৰ সচেতন নিলগকৰণে দেশখনৰ বহুত্ববাদৰ গাঁথনিটোক বেয়াকৈ দুৰ্বল কৰি পেলাব।”
উল্লেখযোগ্য যে আজি লোকসভা বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখন ২৯৬/৮২ ভোটত উত্থাপনৰ বাবে সন্মত হয়।
বিধেয়কখনৰ জৰিয়তে বিজেপি চৰকাৰে ভাৰতত ২০১৪ চনলৈকে পাকিস্তান, বাংলাদেশ, আফগানিস্তানৰ পৰা অনুপ্ৰৱেশ কৰা অবৈধ হিন্দু, শিখ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টানসকলক নাগৰিকত্ব দিব বিচাৰিছে। ধৰ্মনিৰপেক্ষ দেশখনৰ বাবে এয়া হ’ব ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিয়াৰ প্ৰথমখন আইন।