• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুপ্তহত্যা সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিলে প্ৰাক্তন ডিজিপি হৰেকৃষ্ণ ডেকাই

এন ই নাও নিউজ by এন ই নাও নিউজ
December 10, 2019 10:49 am
Harekrishna-Deka

প্ৰাক্তন ডিজিপি হৰেকৃষ্ণ ডেকা। ফাইল ফটো

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুপ্তহত্যাত জড়িত থকাৰ অভিযোগ তুলি কৰা মন্তব্যক উভতি ধৰিছে অসমৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান হৰেকৃষ্ণ ডেকাই।

সোমবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত বিজেপি দলৰ এখন সভাত  হিমন্তই অভিযোগ কৰিছিল যে হৰেকৃষ্ণ ডেকা অসম আৰক্ষীৰ মুৰব্বী হিচাপে থকাৰ সময়ত অসমত গুপ্তহত্যা সংঘটিত হৈছিল।

Apply Now

নৰ্থইষ্ট নাওৰ সৈতে বাৰ্তালাপত ডেকাই ৰাজ্যৰ বিত্ত মন্ত্ৰীগৰাকীয়ে তেওঁৰ বিৰুদ্ধে অনা অভিযোগ অস্বীকাৰ কৰে।

ডেকাই হিমন্তক উভতি ধৰি তেওঁক ইয়াৰ সত্যতা বিচাৰি গৃহ বিভাগৰ ফাইল পৰীক্ষা কৰিবলৈ সোঁৱৰাই দিয়ে।

ডেকাই ব্যক্ত কৰে যে ৰাজ্যখনত যেতিয়া গুপ্তহত্যা সংঘটিত হৈছিল সেই সময়ত তেওঁ ডেপুটেশ্যনত ৰেইলৱে বিভাগতহে আছিল।

‘’এই অধ্যায়ৰ (গুপ্তহত্যাৰ) যেতিয়া সামৰণি পৰিছিল তেতিয়াহে মই অসমৰ আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত সঞ্চালক প্ৰধান হিচাপে যোগদান কৰিছিলো। বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে প্ৰফুল্ল মহন্ত কাৰ্যকালৰ মাত্ৰ কেইমাহমানহে মই ডিজিপি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলো,’’-তেওঁ নৰ্থইষ্ট নাওক এইদৰে কয়।

‘’ডিজিপি হিচাপে মোৰ কাৰ্যকাল প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ শাসনকালতহে অধিক আছিল। আকৌ সেই সময়ত শৰ্মা অসম মন্ত্ৰীসভাৰ এটা গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী আছিল.’’-ডেকাই লগতে কয়।

‘’যদি সেই সময়ত কোনো গুপ্তহত্যাৰ ঘটনা সংঘটিত হৈছিল তেতিয়াহ’লে হিমন্তই তাৰ বাবে দায়বদ্ধতা গ্ৰহণ কৰিব লাগিব। অৱশ্যে, মই নিশ্চিতভাৱে কওঁ যে গগৈৰ শাসনকালত তেনেধৰণৰ কোনো ঘটনা ঘটা নাছিল,’’-ডেকাই কয়।

‘’হিমন্তই তেওঁৰ ন্যস্ত স্বাৰ্থৰ বাবে আৰু মোৰ ভাবমূৰ্তি বিনষ্ট কৰিবৰ বাবে এনেধৰণৰ ভিত্তিহীন মন্তব্য কৰিছে। মই তেওঁক ভৱিষ্যতে এনেধৰণৰ ভিত্তিহীন আৰু দায়িত্বহীন মন্তব্য নকৰিবলৈ সকীয়াই দিছো,’’-ডেকাই লগতে কয়।

ডেকাই ছচিয়েল মিডিয়াত দিয়া এটা প’ষ্টতো হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ দি কয় যে তেওঁ আৰু লগতে আন বিষয়াসকলে অতীতৰ পৰা হিমন্তৰ বহু কামকাজৰ বিষয়ে “সজাগ’।

প্ৰাক্তন ডিজিপি গৰাকীয়ে লগতে হিমন্তক দুতলীয়া স্থিতি গ্ৰহণ কৰা বুলি অভিযুক্ত কৰে।

ডেকাই লগতে সদৰী কৰে যে হিমন্তই কংগ্ৰেছত থাকে এটা বিশেষ দৃষ্টিভংগী গ্ৰহণ কৰিছিল যিটো তেওঁ গেৰুৱা দলটোত অহাৰ পাছত সুবিধাজনকভাৱে সলনি কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

September 20, 2026 9:30 pm
পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

September 20, 2026 8:13 pm
ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

September 20, 2026 7:36 pm
মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

September 20, 2026 6:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

September 20, 2026 9:30 pm
পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

September 20, 2026 8:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd