• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দেৰগাওঁ অধিৱেশনৰ আজি তৃতীয় দিন : মুকলি সভাত উপস্থিত থাকিব মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

এন ই নাও নিউজ by এন ই নাও নিউজ
February 9, 2018 8:33 am
Sankardev Adhibeshan

৮৭সংখ্যক দেৰগাওঁ অধিৱেশনৰ মূল তোৰণৰ এটা দৃশ্য।

276
VIEWS
Share on FacebookShare on Twitter

গোলাঘাট জিলাৰ দেৰগাঁওৰ দাধৰা আহোম পথাৰৰ পণ্ডিত ৰায়বাহাদুৰ গোপিকাবল্লভ সমন্বয় ক্ষেত্ৰত যোৱা বুধবাৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে চলি থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৭ সংখ্যক দেৰগাওঁ অধিৱেশনৰ আজি তৃতীয় দিন।

বিগত দুদিনত লাখ লাখ ভক্তৰ সমাগম হোৱা অধিৱেশনৰ আজি তৃতীয় দিনা অধিক ভক্তপ্ৰাণ লোকৰ সমাগম হোৱাৰ সম্ভাৱনা আছে। অধিৱেশনৰ বাবেই আজি গোলাঘাট জিলা প্ৰশাসনে গোলাঘাট জিলা স্থানীয় বন্ধ ঘোষণা কৰিছে। এই পৰিপ্ৰেক্ষিতত জিলাখনৰ সকলো প্ৰান্তৰ পৰাই ভক্তসকল অহাৰ আশা আছে।

আনহাতে আয়োজকৰ সূত্ৰই জনোৱামতে আজিৰ মুকলি সভাত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুখ্য মন্ত্ৰী হিচাপে উপস্থিত থকাৰ কথা। দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হ’ব লগীয়া মুকলি সভাত ৰাজ্যৰ মুখ্য মন্ত্ৰীৰ লগতে উপৰি কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজু আৰু ৰাজেন গোহাঁই, ৰাজ্যখনৰ কৃষি মন্ত্ৰী অতুল বৰা, আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যও উপস্থিত থাকিব।

সূত্ৰটোৱে জনোৱামতে আজি পুৱাই তৃতীয় দিনৰ কাৰ্যসূচী অনুসৰি পতাকা উত্তোলন কৰে পদাধিকাৰ ভবেন্দ্ৰ ডেকাই। ইয়াৰ পিছতে দেৰগাঁও চহৰ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকা সমূহৰ মাজেৰে ভাগৱতসহ সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়।

কালিৰ প্ৰধান প্ৰধান কাৰ্য্যসূচীৰ ভিতৰত আছিল দিনৰ ১১.৩০ বজাৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাহিত্য শাখাৰ সভাপতি ড০ জগত চন্দ্ৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সাহিত্য শাখাৰ সভা। সভাখন উদ্বোধন কৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদালয়ৰ পঞ্জীয়ক ড০ ৰাতুল চন্দ্ৰ বৰাই। সভাত বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে ড০ গিৰীশ শৰ্মাই আৰু নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে সংঘৰ সাহিত্য গৱেষণা পৰিষদৰ সদস্য ড০ সুৰেশ চন্দ্ৰ বৰাই।

ইয়াৰ উপৰি আবেলি ৩ বজাৰ পৰা অনুষ্ঠিত হোৱা সংস্কৃতি শাখাৰ সভাখন সঞ্চালনা কৰিছিল সংস্কৃতি শাখাৰ সভাপতি বসুন্ধৰা ডেকাই। সভাখন উদ্বোধন কৰিছিল নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ গোস্বামীয়ে।

উল্লেখযোগ্য যে কালি শিশু আৰু আই মাতৃ সমাৰোহো অনুষ্ঠিত হৈছিল। সন্ধিয়া অনুষ্ঠিত হৈছিল প্ৰতিনিধি সভা আৰু নীলকান্ত বৰা সোঁৱৰণী সাংস্কৃতিক সমাৰোহ।

Recent News

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd