কৃষক নেতা অখিল গগৈক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। আজি দিনৰ ১ বজাৰ পৰা সন্ধিয়া ৫:৪৫ বজালৈকে প্ৰায় ৫ ঘন্টা NIA ৰ বিশেষ ন্যায়াধীশৰ আদালতত যুক্তি তৰ্ক চলে।
NIA ই ১০ দিনৰ বাবে অখিলক নিজৰ জিম্মাত বিচাৰিছিল যদিও আদালতে এই আবেদন খাৰিজ কৰে।
তদুপৰি, NIA ৰ বিশেষ আদালতত হাজিৰ কৰোৱাৰ প্ৰথম দিনা অপৰাধীৰ দৰে হাতত হাতকেৰেয়া লগাই অনাৰ বাবে আদালতে NIA, অসম আৰক্ষী আৰু যোৰহাট আৰক্ষীক কাৰম দৰ্শোৱাৰ জাননী জাৰি কৰিছে।
এতিয়া কৃষক নেতাগৰাকীক গুৱাহাটী জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰা হ’ব।
ইপিনে, অখিল গগৈৰ বাসগৃহত NIA ৰ এটা দলে বৃহস্পতিবাৰে পুৱা প্ৰায় ৭:৩০ বজাত অভিযান চলাই NHPC ৰ ফাইল, বেংক নথি, লেপটপ আদি জব্দ কৰিছিল।
বুধবাৰে সন্ধিয়া অতি গোপনে দিল্লীৰ পৰা কৃষক নেতা অখিল গগৈক গুৱাহাটীলৈ অনা হৈছিল। বিমানযোগে অতি কটকটীয়া নিৰাপত্তা ব্যেষ্টনীৰ মাজত গুৱাহাটীলৈ অনা হৈছিল অখিলক।
উল্লেখযোগ্য যে সমগ্ৰ ৰাজ্যতে নাগৰিকত্ব সংশোধনী আইন বিৰোধিতাৰে উত্তাল প্ৰতিবাদ চলি থকাৰ মাজতে যোৱা ১২ ডিচেম্বৰত কৃষক নেতা অখিল গগৈক যোৰহাটৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।
ইয়াৰ পাছতে ১৪ ডিচেম্বৰত NIA ই গগৈৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। সংস্থাটোৱে দাখিল কৰা এজাহাৰত কৃষক নেতা গৰাকীক মাওবাদী সজোৱাৰ লগতে তেওঁৰ বিৰুদ্ধে কেইবাটাও বে-আইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ ধাৰা জাপি দি ১৬ ডিচেম্বৰত গগৈক NIAই গ্ৰেপ্তাৰ কৰিছিল।
গগৈৰ বিৰুদ্ধে NIAয়ে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১২০ বি (অপৰাধমূলক ষড়যন্ত্ৰৰ শাস্তি), ১২৪ এ (ৰাষ্ট্ৰদ্ৰোহ), ১৫৩ এ (বেআইনী ) আৰু ১৫৩ বি তথা বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন (UAPA)ৰ ধাৰা ১৮ আৰু ৩৯ ডিৰ অধীনত ১৩/২০১৯ নম্বৰৰ গোচৰ ৰুজু কৰে।
১৭ ডিচেম্বৰত কৃষক নেতাগৰাকীক NIA বিশেষ আদালতত হাজিৰ কৰাই ১০ দিনৰ নিজৰ জিম্মাত লৈ দিল্লীলৈ নিয়া হৈছিল কৃষক নেতাজনক।
অহা ১০ জানুৱাৰীত পুনৰ আদালতত হাজিৰ কৰোৱা হ’ব অখিল গগৈক। সেইদিনাই জাননীৰ প্ৰত্যুত্তৰ দিবলৈ NIA, অসম আৰক্ষী আৰু যোৰহাট আৰক্ষীক আদালতৰ নিৰ্দেশ দিয়ে।
যোৱাৰ সময়ত উপস্থিত সকলোকে অখিলে “জয় আই অসম’, অসমবাসীৰ জয় হওঁক বুলি কৈ যায়।




