• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰত নাগৰিকত্ব আইনৰ বিৰুদ্ধে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গণ প্ৰতিবাদ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
December 27, 2019 9:54 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“দিল্লীয়ে জোৰ কৰি আমাক ভাৰতীয় কৰিব বিচাৰিছে। দিল্লীৰ এই নীতিক আমি বিৰোধিতা কৰিছো। দিল্লীয়ে জোৰ কৰি আমাক ভাৰতীয় কৰিবলৈ গ’লে আমাৰ স্বকীয়তা, ঐতিহ্য, পৰম্পৰা আদি আমি হেৰুৱাব লাগিব। আমি এয়া হ’বলৈ নিদিওঁ। প্ৰথমতে আমি অসমীয়া, তাৰ পিছতহে ভাৰতীয়।” এই মন্তব্য অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইৰ।

নাগৰিকত্ব (সংশোধন) আইনৰ বিৰুদ্ধে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিয়ে জিলাখনত থকা টাই আহোম বিকাশ পৰিষদৰ সন্মুখত আয়োজন কৰা গণ প্ৰতিবাদ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি উক্ত মন্তব্য কৰে সাধাৰণ সম্পাদক পলাশ চাংমায়ে।

Apply Now

নাগৰিকত্ব (সংশোধন) আইনৰ ভয়াৱহতাৰ কথা উল্লেখ কৰি পলাশ চাংমায়ে কয়, “নাগৰিকত্ব আইনৰ বিৰুদ্ধে অসৰ ৰাইজে কৰা প্ৰতিবাদ কোনো ধৰ্মৰ বিৰুদ্ধে কৰা প্ৰতিবাদ নহয়। এই সংগ্ৰাম আমাৰ ভাষাটোক সুৰক্ষিত কৰি ৰাখিবলৈ কৰা সংগ্ৰাম। সমগ্ৰ অসমতে মাথো ডেৰকোটি মানুহে অসমীয়া কয়। সেই দৃষ্টিকোণৰ পৰা আমাৰ অসমীয়া ভাষা বিশ্বৰ ৬৫ নম্বৰত আছে। বাঙালী ভাষা কিন্তু বিশ্বৰ চতুৰ্থ সৰ্ববৃহৎ ভাষা। ‘কা’ৰ যোগেদি হিন্দু বাংলাদেশীক অসমত সংস্থাপিত কৰিলে অসমত বাঙালী  ভাষাটো সংখ্যা গৰিষ্ঠ মানুহে কোৱা ভাষালৈ পৰিণত হ’ব। সংবিধানৰ নিয়ম অনুসৰি যি খন ৰাজ্যত যিটো ভাষা কোৱাৰ লোক সংখ্যাগৰিষ্ঠ হ’ব সেই ৰাজ্যখনত সেই ভাষাটোৱেই ৰাজ্যিক ভাষা ৰূপে স্বীকৃতি পাব।”

প্ৰায় ৫ শতাধিক ৰাইজ উপস্থিত থকা এই গণ প্ৰতিবাদ কাৰ্যসূচীত পলাশ চাংমায়ে কেন্দ্ৰীয় চৰকাৰে উভয় সদনতে গৃহীত কৰা নাগৰিকত্ব সংশোধনী আইনে ভাৰতবৰ্ষৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰক আঘাত কৰিছে বুলি উল্লেখ কৰে আৰু চৰকাৰে আক্ৰোশমূলক ভাবে বন্দী কৰি ৰখা অখিল গগৈ, শৃংখল চলিহা সহিতে সকলোকে মুকলি কৰি দিবলৈ দাবী উত্থাপন কৰে।

সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শিক্ষা সম্পাদক শৰৎ হাজৰিকাই গণ প্ৰতিবাদ কাৰ্যসূচীত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰে। ছাত্ৰ নেতা গৰাকীয়ে সদৌ অসম ছাত্ৰ সন্থাৰ গুৰু দায়িত্ব বহন কৰি ৰাজনীতিলৈ ধাৱমান হোৱা সৰ্বানন্দ সোণোৱালে এতিয়া ঐতিহাসিক অসম চুক্তিখনক অৱমাননা কৰিছে বুলি কয় ।

লগতে তেওঁ ‘৭১ চনৰ পিছত অহা হিন্দু কিম্বা মুছলমান কোনো বিদেশীৰ বোজা অসমে বহন নকৰে বুলি স্পষ্ট কৰি দিয়ে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে প্ৰলোভন, ভয় আৰু দমন নীতি চলায় অসমত ‘কা’ বিৰোধী সংগ্ৰামখনক মষিমূৰ কৰিব নোৱাৰে বুলি উল্লেখ কৰি তেওঁ অসমৰ ৰাইজে বিধান সভা নিৰ্বাচনত বিজেপি দলটোক শিক্ষাৰ দিয়াৰ আহ্বান জনায়।

সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উপ-সভাপতি বসন্ত গগৈয়ে দিল্লী-দিচপুৰে দমন নীতি চলাব বিচাৰিলেও নাগৰিকত্ব (সংশোধন) আইনৰ বিৰুদ্ধে অসমৰ ৰাইজে কৰা প্ৰতিবাদ স্থৱিৰ নহয় বুলি কয়। আটাছু নেতা গৰাকীয়ে ক্ষমতাত থকাৰ সময়ত ঐতিহাসিক অসম চুক্তি ৰূপায়ণ কৰিব নোৱাৰা কংগ্ৰেছ দলটোৱে অসমত এক বিশেষ শ্ৰেণীৰ সন্দেহজনক ব্যক্তিক অসমত ৰক্ষণা দিছিল বুলি অভিযোগ কৰে।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ‘কা’ বিৰোধী এই প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি উকীল সন্থাৰ সভাপতি দিগন্ত মংগল দত্তই কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ গৃহিত কৰা নাগৰিকত্ব আইনখন ভাৰতৰ সংবিধান বিৰোধী হোৱাৰ লগতে অসমীয়া বিৰোধী বুলি আখ্যা দিয়ে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd