• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লক্ষ্য পশ্চিমবংগৰ নিৰ্বাচন: এইবাৰ বাংলা শিকিছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে!

এন ই নাও নিউজ by এন ই নাও নিউজ
January 2, 2020 3:57 pm
1493217945_amit-shah

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ ফাইল ফটো। ফটো: টুইটাৰৰ সৌজন্যত

2.3k
VIEWS
Share on FacebookShare on Twitter

বিজেপিৰ সন্মুখত এতিয়া মাত্ৰ এটাই লক্ষ্য আৰু সেয়া হৈছে পশ্চিমবংগৰ বিধানসভাৰ নিৰ্বাচন। ইয়াৰ বাবে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে সম্ভৱপৰ যিকোনো কৌশল গ্ৰহণ কৰিব পাৰে।

পিচে, মুখৰ কথাতেইতো আৰু চিৰা নিভিজে। বাংলা দখল কৰাৰ বাবে বাংলাৰ ভাষা-সংস্কৃতিও আয়ত্ব কৰাৰ প্ৰয়োজন আছে।

এই বাস্তৱ সত্য বুজিব পাৰি বিজেপিৰ নেতাসকলে বংগবাসীৰ মন জয় কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে।

বিজেপিৰ ৰাজ্যিক নেতাসকলে ইতিমধ্যে সম্ভৱপৰ সকলোখিনি উজাৰি দিয়াৰ চেষ্টা কৰিছে। আনকি বঙালী মহানায়কসকলকো প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰিছে। ঋত্ত্বিক ঘটকৰ ছবিৰ অংশও শেহতীয়াভাৱে ব্যৱহাৰ কৰিছে ৰাজ্যিক বিজেপিয়ে।

কিন্তু ৰাজ্যিক বিজেপিৰ ওপৰতে ভৰসা কৰি বহি থাকিব বিচৰা নাই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে। বিজেপি সূত্ৰৰ খবৰ অনুসৰি, সেয়ে হেনো নিজেই বাংলা শিকিছে শ্বাহে।

জানিব পৰা মতে, বিজেপিৰ ৰাজ্যিক নেতাৰ বক্তৱ্য, তেওঁলোকৰ কাৰ্যসূচীকে ধৰি বাংলা বাতৰিকাকতসমূহে প্ৰকাশ বাতৰি এই সকলো প্ৰতিবেদন অমিত শ্বাহলৈ প্ৰেৰণ কৰা হয়।

বাংলাৰ এই সমস্ত প্ৰতিবেদন অমিত শ্বাহক অনুবাদ কৰি শুনোৱা হয়। কিন্তু অনুবাদকৰ ওপৰত ভৰসা নকৰি ২১’ত বিধানসভা নিৰ্বাচনত যাতে ভাষা বাধা হৈ নপৰে তাৰ বাবে বাংলা শিকি ল’ব বিচাৰিছে ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে।

উল্লেখযোগ্য যে বিজেপিৰ ৰাজ্যিক নেতাসকল তেওঁলোকৰ ভাষাৰ বাবে কটাক্ষৰ সন্মুখীন হৈছে। ৰাজ্যিক সভাপতি দিলীপ ঘোষক তেওঁৰ ভাষাৰ বাবে তৃণমূলৰ ফালৰ পৰা আক্ৰমণ কৰাই নহয়, বহিৰাগত বুলিও কটাক্ষ কৰা হৈছে।

এতিয়া বঙালী আৰু বাংলা ভাষাৰ সৈতে গভীৰ একাত্মতা গঢ়াৰ লক্ষ্য স্থিৰ কৰিছে বিজেপিয়ে। সূত্ৰ অনুসৰি, পশ্চিমবংগ বিধানসভাৰ নিৰ্বাচনী সভাত অমিত শ্বাহে বাংলাতে ভাষণ দিয়াৰো সম্বাৱনা আছে।

Recent News

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd