বিজেপিয়ে নাগৰিকত্ব (সংশোধন) আইন-বিৰোধী “অপপ্ৰচাৰ”ৰ বিৰুদ্ধে ৪ জানুৱাৰিৰ পৰা অসমজুৰি প্ৰচাৰ অভিযান আৰম্ভ কৰিব।
দলটোৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে বৃহস্পতিবাৰে গুৱাহাটীত সংবাদমেলযোগে এই কথা ঘোষণা কৰিছে।
তেওঁ কয় যে সেইদিনা খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত দলৰ সকলো কাৰ্য্যকৰ্তা উপস্থিত হ’ব আৰু প্ৰচাৰ অভিযানৰ আৰম্ভ কৰা হ’ব।
বিজেপি চৰকাৰ শাসনত থকালৈকে অসমত এজনো বিদেশী অনুপ্ৰৱেশকাৰী প্ৰৱেশ কৰিব নোৱাৰে বুলি দাবী কৰি দাসে কয়, কা-ক লৈ ৰাজ্যত অপপ্ৰচাৰ চলি আছে।
“গুজৱ উলিওৱা হৈছে যে কা-ৰ যোগেদি অসমত ১.৩ কোটি অবৈধ বিদেশী প্ৰৱেশ কৰিব। এনে গুজৱো চৰ্চিত হৈ আছে যে ৫৪ লাখ অবৈধ বিদেশী ভাৰত-বাংলা সীমান্তত প্ৰৱেশৰ বাবে ৰৈ আছে,” কা-ৰ সত্য অপপ্ৰচাৰে ঢাকি ৰখা বুলি উল্লেখ কৰি দাসে কয়।
“অপপ্ৰচাৰ”ৰ বিপৰীতে অসম বিজেপিৰ ৪২ লাখ কাৰ্য্যকৰ্তাই বিষয়টো ৰাইজৰ সন্মুখত পৰিস্কাৰ কৰি দিব, দাসে কয়।
লগতে পঢ়ক– কা-বিৰোধী আন্দোলনত জেহাদী সোমাই থকাৰ দাবী ৰঞ্জিত দাসৰ
“অসম আৰু অসমীয়া মানুহৰ স্বাৰ্থত বিজেপিৰ ৪২ লাখ কাৰ্য্যকৰ্তা জীয়াই থকালৈকে কোনো আপোচ নহ’ব। বিজেপিয়ে ৰাজ্যখনৰ বাবে যি কৰিছে, কোনো লুকঢাক নোহোৱাকৈ কৰিছে আৰু ৰাজ্যখনৰ ক্ষতি হোৱা কোনো কাম ই কৰা নাই।”
বিদেশী অনুপ্ৰৱেশৰ সমস্যাৰ বাবে কংগ্ৰেছ আৰু প্ৰয়াত প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীক জগৰীয়া কৰি দাসে কয় যে তেওঁলোকেই গোটেই বিষয়টোত খেলিমেলি লগালে।
তেওঁ অসম আন্দোলনৰ ৮৫৫ গৰাকী শ্বহীদৰ ঘৰলৈ গৈ পৰিয়ালক ক্ষমা খুজিবলৈ কংগ্ৰেছক দাবী জনায়।