• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টুইটাৰৰ ভাৰতীয় ট্ৰেণ্ডত ভাৰতৰ প্ৰথম শিক্ষয়িত্ৰী সাৱিত্ৰীবাই ফুলে

"সাবিত্ৰীবায়ে শিক্ষয়িত্ৰী হিচাপে বিদ্যালয়লৈ যাওঁতে সদায়ে তেওঁৰ লগত দুখন শাড়ী লৈ গৈছিল, কাৰণ তেওঁলৈ বোকা দলিয়াইছিল"

এন ই নাও নিউজ by এন ই নাও নিউজ
January 3, 2020 7:58 pm
savitribai phule

সাবিত্ৰীবাই ফুলেৰ প্ৰতিচ্ছবি।

16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ভাৰতীয় টুইটাৰ য়ুজাৰসকলে দেশখনৰ প্ৰথমগৰাকী শিক্ষয়িত্ৰী হিচাপে খ্যাত সাৱিত্ৰীবাই ফুলেক শ্ৰদ্ধাৰে স্মৰণ কৰে আৰু তাৰ বাবে সৃষ্ট #SavitribaiPhule হেছটেগটো দিনটোৰ বহু সময় ধৰি ইণ্ডিয়ান ট্ৰেণ্ডৰ শীৰ্ষত ৰয়।

টুইটাৰ য়ুজাৰসকলৰ অনেকেই ঊনবিংশ শতিকাৰ প্ৰথমাৰ্ধত জন্মগ্ৰহণ কৰা সমাজ সংস্কাৰকগৰাকীয়ে বৰ্ণবাদী সমাজখনৰ পৰা পোৱা নিৰ্য্যাতনৰ কাহিনী, ছবি, ডকুমেণ্টেৰি শ্বেয়াৰ কৰিছে।

Apply Now

এজন টুইটাৰ য়ুজাৰে How do I understand #SavitribaiPhule বুলি এটা পোষ্ট দি কয়, 1. Education was being denied & banned for women by Brahmins, she is the first 1 who defied the ban 2. Men = Women were declared unequal by Brahmins, she destroyed that declaration, became equal 3. Led movement of education & social change.

ৰবি ৰতন নামৰ এজন য়ুজাৰে এখন তথ্যচিত্ৰৰ এটা ভিডিঅ’ৰ সৈতে পোষ্ট দি কয়, “সাবিত্ৰীবায়ে শিক্ষয়িত্ৰী হিচাপে বিদ্যালয়লৈ যাওঁতে সদায়ে তেওঁৰ লগত দুখন শাড়ী লৈ গৈছিল। কাৰণ ছোৱালীক শিক্ষা দি তেওঁলোকৰ ধৰ্মটো অশুচি কৰা বুলি পুণেৰ ব্ৰাহ্মিণসকলে অভিযোগ তুলি তেওঁৰ গালৈ বোকা দলিয়াইছিল”।

উল্লেখযোগ্য যে দেশৰ প্ৰথম মহিলা শিক্ষয়িত্ৰী সাৱিত্ৰীবাইৰ জন্ম হৈছিল ১৮৩১ চনৰ ৩ জানুৱাৰিত মহাৰাষ্ট্ৰৰ চাতাৰা জিলাৰ নাইগাৱঁত। স্বামী জ্যোতিৰাও ফুলেৰ সহযোগত তেওঁ ভাৰতৰ মহিলাসকলৰ অধিকাৰৰ ক্ষেত্ৰত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল। ভাৰতবৰ্ষত যুগে যুগে প্ৰচলিত হৈ থকা কুসংস্কাৰ নিৰ্মূলত এইগৰাকী মহীয়সী মহিলাৰ অৱদান অতুলনীয়।

মাত্ৰ ১০ বছৰ বয়সতে সাৱিত্ৰীবাইৰ ১৪ বছৰীয়া জ্যোতিৰাওৰ লগত বিবাহ হৈছিল।

শিক্ষাৰ পৰা বঞ্চিত, বাল্যবিবাহৰ কৱলত পৰা সাৱিত্ৰীবাইৰ পৰৱৰ্তী জীৱন সংগ্ৰাম আৰু সমাজ সংস্কাৰকৰ ভূমিকাৰ মাজত বিচাৰি পোৱা যায় এটা অদম্য সত্তা।

বিবাহপাশত আবদ্ধ হোৱা পৰ্যন্ত তেওঁ শিক্ষালাভৰ পৰা বঞ্চিত আছিল। সেইসময়ৰ সমাজ ৱ্যবস্থাত তথাকথিত উচ্চ জাতৰ লোকসকলে তথাকথিত নিম্নজাতৰ লোকসকলক শিক্ষা গ্ৰহণত বাধা দিছিল।

স্বামীৰ তত্ত্বাৱধানত প্ৰাথমিক শিক্ষা লাভ কৰা সাৱিত্ৰীবায়ে সেই শিক্ষা সম্পূৰ্ণ কৰি ট্ৰেইনিং প্ৰগেমত যোগদান কৰে।

নাৰীৰ শিক্ষাত বাধা দিয়া সমকালীন সমাজখনৰ পৰা পোৱা প্ৰচণ্ড প্ৰত্যাহ্বান নেওচি সাৱিত্ৰীবায়ে মহিলাসকলৰ বাবে স্কুল প্ৰতিষ্ঠা কৰিছিল। স্বামীৰ সৈতে লগ লাগি তেওঁ পুনেত তিনিখন স্কুল প্ৰতিষ্ঠা কৰিছিল আৰু উক্ত স্কুলসমূহত ১৫০গৰাকীতকৈ অধিক মহিলাই শিক্ষা লাভ কৰিছিল।

তেওঁলোকৰ এই প্ৰচেষ্টাক সেই সময়ৰ সংৰ্কীণ মনোবৃত্তিৰ সমাজে কঠোৰ হাতেৰে দমন কৰিবলৈ চেষ্টা কৰিছিল। শিক্ষয়িত্ৰী হিচাপে স্কুললৈ যোৱাৰ পথত সাৱিত্ৰীবাইৰ গালৈ শিল, গোবৰ আদি ছটিয়াই তেওঁক বাধা দিব বিচাৰিছিল। মহিলাক শিক্ষিত কৰাৰ তেওঁৰ প্ৰয়াসক সমাজৰ উচ্চ শ্ৰেণীটোৱে পাপ আখ্যা দিছিল।

কিন্তু এই সকলো বাধা সত্ত্বেও সাৱিত্ৰীবাই আৰু জ্যোতিৰাও ১৮খন বিদ্যালয় স্থাপন কৰিবলৈ সক্ষম হৈছিল, য’ত সমাজৰ  বিভিন্ন শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰিছিল।

সাৱিত্ৰীবাই ফুলে এগৰাকী সুকবিও আছিল, যি নিজৰ কবিতাৰে জনগণক শিক্ষাগ্ৰহণ কৰিবলৈ উদগনি দিছিল। ইয়াৰ উপৰি তেওঁ ‘মহিলা সেৱা মণ্ডল’ গঠন কৰি নাৰীৰ অধিকাৰসমূহ প্ৰচাৰ কৰি মহিলাৰ সৱলীকৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল।

১৮৯৭ চনৰ ১০ মাৰ্চত সাৱিত্ৰীবাইৰ মৃত্যু হয়। তেওঁক সন্মান দি ২০১৫ চনত পুনে বিশ্ববিদ্যালয়ক সাৱিত্ৰীবাই ফুলে পুনে বিশ্ববিদ্যালয় নামেৰে পুনৰ নামাকৰণ কৰা হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm
অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd