কাইলৈ অৰ্থাৎ ৫ জানুৱাৰীত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ভাৰত-শ্ৰীলংকাৰ মাজৰ টি-২০ ক্ৰিকেট মেচৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে।
মহানগৰ যান-বাহন আৰক্ষীয়ে টি-২০ খেলখনৰ প্ৰতি লক্ষ্য ৰাখি উক্ত দিনা মহানগৰীত বিশেষ পথ নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি মেচ চাবলৈ পল্টন বজাৰ, উলুবাৰী আৰু লখৰা দিশৰ পৰা অহা দৰ্শকসকল এ কে আজাদ ৰোড হৈ বৰ্ষাপাৰা ষ্টেডিয়ামলৈ আহিব লাগিব।
আনহাতে গড়চুক আৰু ভৰলুমুখৰ পৰা অহা দৰ্শকসকল এ কে দেব ৰোডেৰে ষ্টেডিয়ামত প্ৰৱেশ কৰিব লাগিব। উক্ত দিনা গুৱাহাটীৰ ক’ত ক’ত ন’ এণ্ট্ৰি থাকিব তলত দিয়া হৈছে –
- বৰ্ষাপাৰা তিনিআলিৰ পৰা ধীৰেনপাৰা তিনিআলিলৈ ওৱান ৱে’। কেৱল কাৰ পাছ থকা বাহনসমূহ এই পথেৰে চলিব পাৰিব।
- এ কে দেব ৰোড আৰু এ কে আজাদ ৰোডত পুৱা ৮ বজাৰ পৰা খেল সামৰণি নপৰালৈকে বাণিজ্যিক যান বাহনৰ প্ৰৱেশ নিষেধ থাকিব।
- লাল গণেশৰ পৰা বৰ্ষাপাৰা পথেদি কাৰ পাছ নথকা বাহন চলিব নোৱাৰিব।
অসম ক্ৰিকেট সন্থাই জনোৱা মতে ইতিমধ্যে খেলখনৰ বাবে ২৭ হাজাৰৰো অধিক টিকট বিক্ৰী হৈ গৈছে।