• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এইবাৰ নাথুৰামৰ হাতত গান্ধীৰ মৃত্যু হ’ব নোৱাৰে…

কৌশিক তালুকদাৰ by কৌশিক তালুকদাৰ
January 8, 2020 2:14 pm
JNU

জে এন য়ুৰ চৌহদত দুৰ্বৃত্তৰ দল।

1.7k
VIEWS
Share on FacebookShare on Twitter

যোৱা ৬ জানুৱাৰি তাৰিখে ভাৰতৰ শ্ৰেষ্ঠ বিশ্ববিদ্যালয় জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটি, চমুকৈ জে এন য়ুত হিন্দুত্ববাদী গুণ্ডাবাহিনীৰ দ্বাৰা এটা অতি নৃশংস আক্ৰমণ সংঘটিত হৈছে। এয়া সন্ত্ৰাসবাদী আক্ৰমণতকৈ কোনো গুণে কম নহয় । হাতে হাতে লোহাৰ ৰদ, লাঠী লৈ হিন্দুত্ববাদী ভিৰ এটাই আহি বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ অভাৱনীয় মাচুল বৃদ্ধিৰ বিৰুদ্ধে গণতান্ত্ৰিক আৰু অহিংসভাৱে আন্দোলন কৰি থকা শিক্ষাৰ্থী আৰু শিক্ষক-শিক্ষয়িত্ৰীক এফালৰ প্ৰহাৰ কৰাৰ ফলত বহুকেইগৰাকী শিক্ষাৰ্থী আৰু এগৰাকী শিক্ষয়িত্ৰী গুৰুতৰভাৱে আহত হৈছে।

গেৰুৱা গুণ্ডাবাহিনীয়ে আনকি হোষ্টেলৰ ভিতৰত প্ৰৱেশ কৰি তাণ্ডৱ চলাইছে। বিশ্ববিদ্যালয়ৰ সুৰক্ষা কৰ্মী, অমিতা শ্বাহৰ বহতীয়া দিল্লী পুলিচ এই সকলোৱে উক্ত গেৰুৱা সন্ত্ৰাসৰ মোকাবিলা কৰা দূৰৈৰ কথা আক্ৰমণকাৰীসকলক সুৰক্ষা হে দিছিল! আক্ৰমণকাৰীসকলৰ মাজত বিজেপিৰ ছাত্ৰ সংগঠন এবিভিপিৰ কেইবাজনো সদস্য থকাৰ কথা ইতিমধ্যে স্পষ্ট হৈ পৰিছে। কিন্তু পুলিচ-প্ৰশাসন কোনেও এওঁলোকক গ্ৰেপ্তাৰ বা সোধা-পোছা কৰা নাই!

অমিত শ্বাহৰ পুলিচ আৰু অমিত শ্বাহ-নৰেন্দ্ৰ মোদীৰ ভৰি চেলেকা, আৰ এছ এছৰ দালালি কৰা উপাচাৰ্যই হিন্দুত্ববাদী গুণ্ডাবাহিনীক সুৰক্ষা নিদি পাৰেনে? উপাচাৰ্য যেন শৈক্ষিক জগতৰ লগত জড়িত ব্যক্তি নহয়, হিন্দুত্ববাদী গুণ্ডাবাহিনীৰ চৰ্দাৰহে! বিজেপিয়ে এনেকুৱা চৰ্দাৰ কিছুমানকে বিভিন্ন ৰাজহুৱা অনুষ্ঠান-শিক্ষানুষ্ঠানৰ মুৰব্বী পাতি এফালৰ পৰা এইবোৰ ধ্বংস কৰি গৈছে। দেশৰ পৰা গণতন্ত্ৰক বিদায় দিবলৈ সকলো প্ৰকল্প-পৰিকল্পনা ইতিমধ্যে কাৰ্যকৰী কৰিছে । মোদী চৰকাৰে আৰ টি আই আইনখনক পংগু কৰি পেলালে, প্ৰায়ভাগ সংবাদ মাধ্যমক চৰকাৰৰ দালালত পৰিণত কৰালে, ন্যায় ব্যৱস্থায়ো ইতিমধ্যে মৃত্যুৰ ক্ষণ গণি আছে! মোদী-শ্বাহৰ এই শাসন ইন্দিৰা গান্ধীৰ জৰুৰীকালীন অৱস্থাতকৈ অধিক ভয়াৱহ বুলি ইতিমধ্যে বিজ্ঞমহলে মত পোষণ কৰিছে।

এনে অৱস্থাত দেশৰ ছাত্ৰসমাজ দেশ আৰু সংবিধান ৰক্ষাৰ স্বাৰ্থত ৰাজপথলৈ আহিছে, অধ্যয়নৰ লগে লগে ফেচিবাদী বিজেপি চৰকাৰৰ বিৰুদ্ধে সংগ্ৰাম কৰিছে। অসম-বিৰোধী/সংবিধান-বিৰোধী CAA-ৰ বিৰুদ্ধে সমগ্ৰ দেশে যুঁজিছে, সৰ্বভাৰতীয় এন আৰ চি (অসমৰ এন আৰ চি নহয়)ৰ তীব্ৰ বিৰোধিতা কৰিছে। মোদীৰ বিফল অৰ্থনৈতিক নীতিৰ সমালোচনা কৰিছে, সাম্প্ৰদায়িক এজেণ্ডাৰ বিৰোধ কৰিছে। সেয়ে দেশৰ ছাত্ৰসমাজ আৰু পঢ়া-শুনা কৰা সচেতন নাগৰিকসকল বিজেপিৰ ৰোষত পৰিছে। এওঁলোকক দমন কৰিবলৈ ইতিমধ্যে বিভিন্ন হিংসাত্মক আৰু অগণতান্ত্রিক কাৰ্যকলাপ আৰম্ভ কৰি দিছে। অসমত পাঁচগৰাকী ডেকাক, কৰ্ণাটকত দুগৰাকী, উত্তৰ প্ৰদেশত ২০গৰাকীমানক পুলিচ লগাই হত্যা কৰিছে। লাঠীৰে কোবাই হাজাৰ হাজাৰ মানুহৰ হাত-ভৰি ভাঙিছে, চকুত হানিছে। শ শ লোকক গ্ৰেপ্তাৰ কৰিছে!

দেশৰ অগ্ৰণী বিশ্ববিদ্যালয়সমূহৰ কেম্পাচত পুলিচ বা পোহনীয়া গুণ্ডা ব্যৱহাৰ কৰি অত্যাচাৰ-দমন চলোৱাৰ mission আৰম্ভ হৈছে। প্ৰতিবাদী কন্ঠ ৰুদ্ধ কৰিবলৈ জামিয়া মিলিয়া, আলিগড়, যাদৱপুৰ বিশ্ববিদ্যালয়ত ইতিমধ্যে ভয়ংকৰ আক্ৰমণ হৈ গৈছে। একেই উদ্দেশ্যত জে এন য়ুত ৬ জানুৱাৰিত আক্ৰমণ হৈছে। কাইলৈ কটন-গুৱাহাটী বিশ্ববিদ্যালয় নতুবা আপোনাৰ ওপৰতো হ’ব পাৰে!

Mumbai Mirror নামৰ কাকতখনে সঠিক হেডলাইনেই দিছে: Yesterday AMU, Today JNU, Tomorrow YOU; সেয়ে এতিয়া সকলো গণতান্ত্ৰিক আৰু সংবিধান মানি চলা নাগৰিক-দল-সংগঠনে ঐক্যবদ্ধ হৈ ফেচিবাদী মোদী চৰকাৰ, হিন্দুত্ববাদী শক্তিৰ বিৰুদ্ধে যুঁজিব লাগিব। উল্লেখ্য যে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা জে এন য়ুত হোৱা আক্ৰমণক গৰিহণা দিছে, বিজেপি চৰকাৰক নিন্দা কৰিছে ।

জে এন য়ুৰ প্ৰাক্তন ছাত্ৰ, ন’বেল বঁটা বিজয়ী অভিজিৎ বেনাৰ্জীয়ে মোদী চৰকাৰৰ পৰা ইয়াৰ উত্তৰ বিচাৰিছে। আমিও বিচাৰিছোঁ, সমগ্র বিশ্বই বিচাৰিছে। কিন্তু মোদীৰ দৰে মিছলীয়া গোড়া হিন্দুত্ববাদী এজনে কি উত্তৰ দিব? ফেচিবাদী হিটলাৰৰ অনুগামী এজনে কি উত্তৰ দিব? গোধৰা কাণ্ডৰ ইতিহাসে মোদীৰ হৈ উত্তৰ ইতিমধ্যে দি থৈছে। সেই ৰক্তাক্ত ইতিহাস কোনেও পাহৰা নাই।

মোদীৰ যোৱা পাঁচ বছৰৰ কাম-কাজে স্পষ্ট উত্তৰ দিছে- ভাৰতৰ ধৰ্মনিৰপেক্ষ সংবিধান নিঃশেষ কৰি ভাৰতক হিন্দু পাকিস্তান বনোৱাবলৈ তেওঁলোক বদ্ধপৰিকৰ। আমি গান্ধী-আম্বেদকাৰ-ভগৎ সিঙৰ দেশৰ মানুহ, আমি সাম্প্ৰদায়িক চৰকাৰ-দেশ চিনি নাপাওঁ।

সাম্প্ৰদায়িক আৰু অসংবিধানিক নীতিৰে দেশ ধ্বংস কৰিব খোজা মোদী-বিজেপি-আৰএছএছক নিঃশেষ কৰাৰ বাবে আমি যুঁজিব লাগিব, অহিংস আৰু গণতান্ত্ৰিকভাৱে। গণতন্ত্ৰৰ শত্ৰুৱে আমাক হত্যা কৰাৰ বাবে পদে পদে চেষ্টা চলাব, চলাই আছে- আমি আত্মৰক্ষা কৰিব লাগিব, আমি সংবিধান ৰক্ষা কৰিব লাগিব। এইবাৰ নাথুৰামৰ হাতত গান্ধীৰ মৃত্যু হ’ব নোৱাৰে, গান্ধীয়ে এইবাৰ ভগৎ সিঙক লগত লৈ যুঁজিব লাগিব।

এইবাৰৰ যুদ্ধ বহিৰাগত ঔপনিৱেশিক শক্তিৰ বিৰুদ্ধে নহয়, দেশক গিলিব খোজা ফেচিবাদৰ বিৰুদ্ধেহে। জে এন য়ুৰ ছাত্ৰসমাজ, শিক্ষক সমাজে সেই যুদ্ধত অৱতীৰ্ণ হোৱা বাবেই আক্ৰমণৰ বলি হৈছে, তেওঁলোকৰ ওপৰত ৰাষ্ট্ৰ সন্ত্ৰাস চলিছে। নিৰ্লজ্জ পুলিচ বাহিনীয়ে হিন্দুত্ববাদী গুণ্ডাৰ আক্ৰমণত ৰক্তাক্ত হোৱা ছাত্ৰীৰ বিৰুদ্ধে FIR জাৰি কৰিছে! কিন্তু জে এন য়ুৰ ছাত্ৰসমাজে দেশ বচোৱাৰ ৰণক্ষেত্র এৰি যোৱা নাই, দুগুণ শক্তিৰে ফেচিবাদৰ বিৰুদ্ধে, ৰাষ্ট্ৰ সন্ত্ৰাসৰ সন্মুখত জে এন য়ুৰ ছাত্ৰসমাজে দেশ বচোৱাৰ ৰণক্ষেত্র এৰি যোৱা নাই, দুগুণ শক্তিৰে ফেচিবাদৰ বিৰুদ্ধে, ৰাষ্ট্ৰ সন্ত্ৰাসৰ সন্মুখত থিয় দিছে। এই সন্ত্ৰাস নিঃশেষ কৰি আমি দেশত শান্তি প্ৰতিষ্ঠা কৰিবই লাগিব।

কৌশিক তালুকদাৰ, জাৰ্মানি

Recent News

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd