• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিফুত ছাত্ৰৰ মুখত “নৰেন্দ্ৰ মোদী গ’ বেক” ধ্বনি

বকলীয়াঘাটত আছু নেতৃত্বত উলিওৱা প্ৰতিবাদ সমদলত বেংগালী সমাজৰ অংশগ্ৰহণ

নংগী তেৰাং by নংগী তেৰাং
January 11, 2020 8:12 pm
CAA protest in Diphu

ডিফুত আজি উলিওৱা প্ৰতিবাদৰ এটা দৃশ্য।

1.8k
VIEWS
Share on FacebookShare on Twitter

কাৰ্বি আংলঙত আজি “নৰেন্দ্ৰ মোদী গ’ বেক” ধ্বনি তুলিলে ছাত্ৰ-ছাত্ৰীসকলে।

আজি জিলাখনৰ ডিফু চহৰত ডিফু আঞ্চলিক ছাত্ৰ সন্থা, কাৰ্বি আংলং ষ্টুডেণ্টছ এছ’চিয়েশ্যন (এছ আৰ), সদৌ ডিমাছা ছাত্ৰ সন্থা আৰু স্থানীয় নাগৰিকসকলে CAA-ৰ বিৰোধিতাত জোঁৰ সমদল উলিয়ায়।

সমদল কৰি যোৱা প্ৰতিবাদকাৰীয়ে বিতৰ্কিত আইনখন বাতিল কৰিবলৈ দাবী জনোৱাৰ লগতে “নৰেন্দ্ৰ মোদী গ’ বেক”, “সৰ্বানন্দ সোণোৱাল হুঁচিয়াৰ” ধ্বনি দিয়ে।

ছেমচং চিং ইংতি মেমৰিয়েল পাৰ্কৰ পৰা জোঁৰ সমদলটো আৰম্ভ কৰি প্ৰতিবাদকাৰীসকলে বজাৰ হৈ ঘূৰি আহি পুনৰ পাৰ্কত সমবেত হয়।

সমদলৰ শেষত প্ৰতিবাদকাৰীসকলৰ সন্মুখনত ভাষণ দি ডিফু আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক চৰ্জন হানছেই কয়, “যদিহে এই আইনখন বাতিল কৰা নহয়, তেন্তে ই অসমক ধ্বংস কৰিব। ইয়াক গ্ৰহণ কৰিব নোৱাৰি। ধৰ্ম, ভাষা, জাতি নিৰ্বিশেষে আমি ইয়াৰ বিৰুদ্ধে যুঁজ দিয়া উচিত”

তেওঁ অভিভাৱকসকলক তেওঁলোকৰ সন্তানসকলক আন্দোলনটোত অংশগ্ৰহণ কৰি ইয়াক আগুৱাই নিয়াৰ সুযোগ দিবলৈও অনুৰোধ জনায়।

চৰকাৰ তথা বিজেপি দলৰ শান্ত সমদল উলিওৱা কাৰ্য্যক সমালোচনা কৰি হানছেই কয়, “শান্তি সমদল উলিওৱাৰ পৰিৱৰ্তে অসম চৰকাৰে মোদীক কৈ দিয়ক যে উত্তৰ-পূৰ্বাঞ্চলত এই আইনখন বাতিল কৰিব লাগিব”।

শান্তি সমদলক ২০২১ চনৰ নিৰ্বাচনৰ প্ৰচাৰ বুলিও দাবী কৰে নেতাজনে।

আজি বকলীয়াঘাটততো সদৌ অসম ছাত্ৰ সন্থাৰ বকলীয়াঘাট গোটৰ দ্বাৰা CAA বিৰোধী প্ৰতিবাদ উলিওৱা হয়।

হিন্দীভাষী সমাজ, বেংগালী সমাজ, শ্ৰীমন্ত শংকৰদেৱ সংঘ, কাৰ্বি ষ্টুডেণ্টছ এছ’চিয়েশ্যন, মাৰৱাৰী সমাজ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও ইয়াত সহযোগ কৰে।

বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা প্ৰতিবাদী সমদল আৰম্ভ হৈ পি ডব্লিউ ডি কলনিলৈকে গৈ পুনৰ খেলপথাৰলৈ ঘূৰি আহে।

প্ৰতিবাদকাৰীসকলে CAA-ৰ বিৰুদ্ধে, প্ৰধান মন্ত্ৰী মোদী, গৃহ মন্ত্ৰী অমিত শ্বাহ, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে শ্ল’গান দিয়ে।

Recent News

অম্বুবাচী ২০২৫: গুৱাহাটী মহানগৰত ২২-২৫ জুন লৈ বিশেষ পৰিবহণ বিধি জাৰি

অম্বুবাচী ২০২৫: গুৱাহাটী মহানগৰত ২২-২৫ জুন লৈ বিশেষ পৰিবহণ বিধি জাৰি

অসমত জিন্নাৰ ৰাজনীতি নচলিব! সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ   

অসমত জিন্নাৰ ৰাজনীতি নচলিব! সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ   

সমাজসেৱী অঞ্জন লাল চৌধুৰীৰ দেহাৱসান

সমাজসেৱী অঞ্জন লাল চৌধুৰীৰ দেহাৱসান

ইজৰাইলৰ স্পাইচ-২৫০-এ বিধ্বংসী আঘাত হানিছে ইৰাণত!  চীন আৰু পাকিস্তানৰ হুমকিৰ প্ৰতি লক্ষ্য ৰাখি  সেই অস্ত্ৰৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে ভাৰতে

ইজৰাইলৰ স্পাইচ-২৫০-এ বিধ্বংসী আঘাত হানিছে ইৰাণত! চীন আৰু পাকিস্তানৰ হুমকিৰ প্ৰতি লক্ষ্য ৰাখি সেই অস্ত্ৰৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে ভাৰতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd