• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বড়োসকলক দিয়া নহয় য়ু টি চি; চুক্তিত থাকিব ৰাজনৈতিক অধিকাৰ আৰু অৰ্থনৈতিক পেকেইজ : গৃহ মন্ত্ৰ্যালয়ৰ সূত্ৰ

বড়োসকলক কেন্দ্ৰশাসিত পৰিষদ দিয়া নহয় বুলি স্পষ্ট কৰিলে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ সূত্ৰই

এন ই নাও নিউজ by এন ই নাও নিউজ
January 25, 2020 6:41 pm
G-Bidai-750x375

জি বিদাই। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২৭ জানুৱাৰি, অৰ্থাৎ সোমবাৰে নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ আৰু বড়ো বিদ্ৰোহী সংগঠন এন ডি এফ বিৰ সৈতে স্বাক্ষৰিত হ’ব লগীয়া বড়ো চুক্তিত বড়োসকলক কেন্দ্ৰশাসিত পৰিষদ দিয়া নহয়।

চুক্তিখন স্বাক্ষৰিত হ’বলৈ দুটা দিন বাকী থকা অৱস্থাত অসমত বড়ো চুক্তিক লৈ বিভিন্ন ধৰণৰ খবৰ ওলাই আছে, য’ত অসমৰ বুকুতে বড়োসকলৰ বাবে য়ু টি চি অৰ্থাৎ কেন্দ্ৰশাসিত পৰিষদ গঠন কৰা হ’ব বুলি প্ৰকাশ পোৱা বাতৰিও আছে।

Apply Now

এই বাতৰিবোৰৰ উল্লেখেৰে ৰাজ্যৰ বিজেপি চৰকাৰখনৰ মন্ত্ৰী হিমন্ত বিশ্বই আজি জনতা ভৱনত এখন সংবাদ মেলত য়ু টি চিৰ প্ৰসংগত কৈছিল যে ৰাজ্যখনত কোনো য়ু টি গঠন নহয়।

শেহতীয়াকৈ গৃহ মন্ত্ৰ্যালয়ৰ এটা সূত্ৰৰ পৰা জানিব পৰা গৈছে যে ২৭ জানুৱাৰিত বড়ো বিদ্ৰোহী সংগঠন এন ডি এফ বিৰ সৈতে হ’ব লগীয়া চুক্তিত বড়োসকলৰ বাবে ৰাজনৈতিক অধিকাৰ আৰু অৰ্থনৈতিক পেকেইজহে থাকিব। কোনো কেন্দ্ৰশাসিত পৰিষদ (UTC) নাথাকে।

অৱশ্যে এই ৰাজনৈতিক অধিকাৰ কেনে পৰ্য্যায়ৰ হ’ব সেই কথা স্পষ্ট কৰা নাই সূত্ৰটোৱে।

উল্লেখযোগ্য যে বড়োসকলৰ বাবে স্বাধীন বড়োলেণ্ড বিচাৰি প্ৰায় চাৰে তিনি দশক ধৰি সশস্ত্ৰ আন্দোলন কৰি আহিছে। বড়োসকলৰ বাবে এখন স্বাধীন দেশ গঠনৰ স্বপ্নেৰে ১৯৮৬ চনত ৰঞ্জন দৈমাৰীৰ দ্বাৰা এন ডি এফ বি গঠন কৰা হৈছিল (বড়ো ছিকিউৰিটি ফ’ৰ্চ নামেৰে)।

যোৱা এপষেকৰ ভিতৰত বিদ্ৰোহী সংগঠনটোৰ আটাইকেইটা গোটৰ সৈতে কেন্দ্ৰীয় চৰকাৰে শান্তি আলোচনা কৰি চুক্তি কৰাৰ সিদ্ধান্ত লয়।

আনপিনে য়ু টি চি গঠন হ’ব বুলি প্ৰকাশিত বাতৰিৰ প্ৰতিক্ৰিয়া দি সংবাদ মাধ্যমৰ আগত চতিয়াৰ বিজেপি বিধায়ক পদ্ম হাজৰিকাই কয় যে য়ু টি চি গঠন হ’লে আৰু তাত শোণিতপুৰৰ অংশ অন্তৰ্ভুক্ত কৰিলে তেওঁ প্ৰতিবাদ কৰিব।

বিষয়টো স্পষ্ট কৰিবলৈ তেওঁ মুখ্য মন্ত্ৰী সোণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্তক আহ্বান জনাইছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm
পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

July 7, 2026 7:13 pm
খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ   

খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ  

July 7, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd