• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“হু ইজ অজয় ফুকন?”ৰ উত্তৰ দিলে অজয় ফুকনে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 26, 2020 5:01 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“সংগীত পৰিচালক” হিচাপে চিনাকি দিয়া অজয় ফুকন নামৰ শিল্পীজনক ছ’চিয়েল মিডিয়া আৰু সংবাদ মাধ্যমৰ জৰিয়তে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গে বৰ্জন কৰাৰ পাছতে পোনপ্ৰথমবাৰলৈ নৰ্থ-ইষ্ট নাওৰ সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিল্পীজনে।

তেওঁৰ মতে, তেওঁৰ জ্যেষ্ঠ ভ্ৰাতৃস্বৰূপ শিল্পী জুবিন গাৰ্গে কাৰোবাৰ প্ৰৰোচনাত পৰিহে তেওঁৰ বিৰুদ্ধে এনে আক্ৰমণাত্মক বক্তব্য কৰিছে।

Apply Now

“তেওঁক কোনোবাই মোৰ বিৰুদ্ধে বেয়াকৈ লগাইছে। ইয়াত ৰাজনীতি আছে। ডাঙৰ এক ৰাজনৈতিক ষড়যন্ত্ৰ আছে। মোৰ বিৰুদ্ধে বহু বেছি বেয়াকৈ লগাইছে বাবে জুবিন দাৰ খং উঠিছে নিজৰ ভাই হিচাপে”, অজয় ফুকনে কয়।

জুবিন গাৰ্গক আদৰ্শ হিচাপে লৈ আহিছে বুলি মন্তব্য কৰি তেওঁ লগতে কয়, “মই তেওঁক আজিও ভাল পাওঁ, ভৱিষ্যতেও ভাল পাই যাম। মোক জুবিন দাই বেয়া পালেও তেওঁৰ প্ৰতি শ্ৰদ্ধা আন্তৰিকতা, মৰম থাকিবই।”

আনহাতে, ফুকনে জুবিন গাৰ্গক নোসোধাকৈ কিছুমান কাম কৰিছিল বুলি সংবাদ মাধ্যমৰ আগত কৰা অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়, “তেওঁক নোসোধাকৈ মই একো কাম কৰা নাই। কোনোবাই মিটিঙত মাতিছে তেতিয়া গৈছো। শিল্পী সমাজ হিচাপে যোৱা নাই, এগৰাকী শিল্পী হিচাপে গৈছিলো।”

তেওঁ লগতে কয়, “মই জুবিন দাক লগ কৰিম। মোৰ মনৰ কথাখিনি ক’ব লাগিব। তেওঁ মোৰ দাদাৰ নিচিনা, তেওঁ মোক ভাই বুলি ভাবে।”

তাৎপৰ্য্যপূৰ্ণভাৱে, কা বিৰোধী আন্দোলনত শিল্পী সমাজৰ মাজত বিভাজন আনিবলৈ এনেদৰে তেওঁৰ বিৰুদ্ধে জুবিন গাৰ্গক কথা লগোৱা বুলিও তেওঁ অভিযোগ তোলে।

“কা-ৰ বিৰুদ্ধে আন্দোলন চলাই নিব লাগিব। বহুতে এই কা-বিৰোধী আন্দোলনক ভাগ ভাগ কৰাৰ চেষ্টা কৰিছে। নহ’লে তেওঁক ফোন কৰি কৰি লগাই নাথাকে নহয় মোৰ বিষয়ে। মই যি আন্দোলন কৰিছো তাত কোনো অশুদ্ধতা নাই। জাতিৰ স্বাৰ্থত সকলো একেলগ হওক, তাৰ বাহিৰে বেলেগ একো উদ্দেশ্য নাই”, ফুকনে এইদৰে কয়।

উল্লেখ কৰিব পাৰি যে পূৰ্বেও বিতৰ্কত জড়িত থকাৰ নজিৰ থকা শিল্পীজনৰ বিৰুদ্ধে CAA-বিৰোধী আন্দোলনত জড়িত শিল্পীসকলৰ অভিভাৱকত্ব জাহিৰ কৰি বিভিন্ন সময়ত একাধিক বিভ্ৰান্তিকৰ মন্তব্য দি অহা বুলি অভিযোগ উঠিছে।

কালি ফেইচবুকত দিয়া এটা পোষ্টত জুবিন গাৰ্গে ফুকনৰ বিৰুদ্ধে এইদৰে লিখিছিল, “অনুগ্ৰহ কৰি তেওঁ আহ্বান জনোৱা কোনো কাৰ্য্যসূচীলৈ নাহিব। আছাম আৰ্টিষ্ট এছ’চিয়েশ্যন কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিচালিত। মই আছু আৰু আন আন সংগঠনবোৰৰ সৈতে আলোচনা কৰি সকলো ঘোষণা কৰিম। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন এটা ঐক্যবদ্ধ গোট। ইয়াত ৰাজনীতিৰ কোনো স্থান নাই। কোনোবাই সেইটো কৰিব খুজিলে মই মোহাৰি পেলাম। অজয় ফুকনৰ এতিয়া জুবিন ফেন ক্লাবৰ সৈতে সম্পৰ্ক নাই”।

আজি সংবাদ মাধ্যমৰ আগত জুবিন গাৰ্গে “হু ইজ অজয় ফুকন” বুলি প্ৰশ্ন কৰি ফুকনৰ কৰ্মকাণ্ডক সম্পূৰ্ণ নাকচ কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

June 14, 2026 7:13 pm
দেশতকৈ প্ৰেমিকাহে ডাঙৰ! শত্ৰু আমেৰিকাক সমৰ্থন কৰি বিতৰ্কত কানাডাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ট্ৰুডো

দেশতকৈ প্ৰেমিকাহে ডাঙৰ! শত্ৰু আমেৰিকাক সমৰ্থন কৰি বিতৰ্কত কানাডাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ট্ৰুডো

June 14, 2026 6:23 pm
সাৰ্বজনীন নামভৰ্তিৰ চমক, কিন্তু শ্ৰেণীকোঠাত শূন্যতা! নীতি আয়োগৰ প্ৰতিবেদনত ফাদিল চৰকাৰী শিক্ষা ব্যৱস্থাৰ ফোপোলা স্বৰূপ

সাৰ্বজনীন নামভৰ্তিৰ চমক, কিন্তু শ্ৰেণীকোঠাত শূন্যতা! নীতি আয়োগৰ প্ৰতিবেদনত ফাদিল চৰকাৰী শিক্ষা ব্যৱস্থাৰ ফোপোলা স্বৰূপ

June 14, 2026 6:05 pm
৯০ মিনিটত ১২ টা গ’ল: ৭ দশকৰ পাছতো অক্ষুণ্ণ বিশ্বকাপৰ ইতিহাসৰ আটাইতকৈ বিস্ফোৰক খেলৰ অভিলেখ এইবাৰ ভংগ হোৱাৰ সম্ভাৱনা কিমান?

৯০ মিনিটত ১২ টা গ’ল: ৭ দশকৰ পাছতো অক্ষুণ্ণ বিশ্বকাপৰ ইতিহাসৰ আটাইতকৈ বিস্ফোৰক খেলৰ অভিলেখ এইবাৰ ভংগ হোৱাৰ সম্ভাৱনা কিমান?

June 14, 2026 5:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

June 14, 2026 7:13 pm
দেশতকৈ প্ৰেমিকাহে ডাঙৰ! শত্ৰু আমেৰিকাক সমৰ্থন কৰি বিতৰ্কত কানাডাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ট্ৰুডো

দেশতকৈ প্ৰেমিকাহে ডাঙৰ! শত্ৰু আমেৰিকাক সমৰ্থন কৰি বিতৰ্কত কানাডাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ট্ৰুডো

June 14, 2026 6:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd