অজস্ৰ গুণমুগ্ধৰ উপস্থিতিত আজি প্ৰবীণ কংগ্ৰেছ নেতা তথা অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ কুমাৰ গগৈৰ ৰাজ্যিক মৰ্যদাৰে শেষকৃত সম্পন্ন কৰা হয়।
যোৱা সোমবাৰে নিশা স্বাস্থ্যজনিত কাৰণত দেহাৱসান ঘটা গগৈৰ নশ্বৰ দেহ আজি শিৱসাগৰ নগৰৰ নিজা বাসভৱনৰ পৰা এএচটিচি তিনিআলিস্থিত দূৰ্গা মন্দিৰলৈ নিয়া হয়, তাত তেওঁক অজস্ৰ গুণমুগ্ধই শ্ৰদ্ধাঞ্জলি জনায়।
ইয়াৰ পিছত নশ্বৰ দেহ মাৰোৱাৰীপট্টীত থকা ৰাজীৱ ভৱন, জয়সাগৰস্থিত শিৱসাগৰ কলেজ, শিৱসাগৰ পৌৰসভাৰ কাৰ্যালয় আৰু শিৱসাগৰ জিলাৰ উকীল সন্থাৰ কাৰ্যালয়লৈ নিয়া হয়।
ইয়াৰ উপৰি অ’এনজিচিৰ পূৰ্বাঞ্চল এমপ্ল’ই এচ’চিয়েছনৰ কাৰ্যালয়তো তেওঁক শেষ শ্ৰদ্ধা নিবেদন কৰা হয়। প্ৰয়াত প্ৰণৱ গগৈ অ’এনজিচিৰ পূৰ্বাঞ্চল এমপ্ল’ই এচ’চিয়েছনৰ প্ৰাক্তন সভাপতি আছিল।
তাৰ পৰা বাহিৰে বাহিৰে তেওঁৰ দেহ হাঁহচৰালৈ লৈ যোৱা হয়, পথত বিভিন্ন স্থানত শিৱসাগৰ সমষ্টিৰ চাৰিবাৰৰ বিধায়কগৰাকীক ৰাইজে শেষ শ্ৰদ্ধা জনোৱাৰ লগতে হাঁহচৰা হাইস্কুলৰ সন্মুখটো হাঁহচৰাবাসীয়ে শ্ৰদ্ধাঞ্জলি জনায়।
ইয়াৰ পিছতেই তেওঁৰ নশ্বৰ দেহ পিতৃগৃহ কুঁজিবালি হাঁহচৰাৰ জাটিপটীয়া মৰাণ গাঁৱলৈ নিয়া হয় আৰু ইয়াতেই ৰাজ্যিক মৰ্যদাৰে শেষকৃত সম্পন্ন কৰা হয় বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ গৰাকীৰ।
শেষকৃত অনুষ্ঠানত আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, প্ৰাক্তন সাংসদ পৱন সিং ঘাটোৱাৰ, বিধায়ক দেৱব্ৰত শইকীয়া, ৰূপজ্যোতি কুৰ্মী, প্ৰাক্তন বিধায়ক সুশান্ত বৰগোহাঁই, পিথিৱী মাজী, বিস্মিতা গগৈ, যুৱনেতা কল্যান গগৈ, জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াৰ লগতে বহু ব্যক্তি উপস্থিত থাকে।
উল্লেখযোগ্য যে প্ৰণৱ গগৈয়ে অসমীয়াৰ সংজ্ঞা নিদ্ধাৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।