• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, March 7, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ৰাজ্যিক মৰ্যদাৰে অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ গগৈৰ শেষকৃত সম্পন্ন

NE NOW NEWS পার্শ্বজোতি গগৈ
শিৱসাগৰ , February 5, 2020 6:02 pm

2 min read

ৰাজ্যিক মৰ্যদাৰে অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ গগৈৰ শেষকৃত সম্পন্ন
734
VIEWS
Share on FacebookShare on Twitter

অজস্ৰ গুণমুগ্ধৰ উপস্থিতিত আজি প্ৰবীণ কংগ্ৰেছ নেতা তথা অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ কুমাৰ গগৈৰ ৰাজ্যিক মৰ্যদাৰে শেষকৃত সম্পন্ন কৰা হয়।

যোৱা সোমবাৰে নিশা স্বাস্থ্যজনিত কাৰণত দেহাৱসান ঘটা গগৈৰ নশ্বৰ দেহ আজি শিৱসাগৰ নগৰৰ নিজা বাসভৱনৰ পৰা এএচটিচি তিনিআলিস্থিত দূৰ্গা মন্দিৰলৈ নিয়া হয়, তাত তেওঁক অজস্ৰ গুণমুগ্ধই শ্ৰদ্ধাঞ্জলি জনায়।

ইয়াৰ পিছত নশ্বৰ দেহ মাৰোৱাৰীপট্টীত থকা ৰাজীৱ ভৱন, জয়সাগৰস্থিত শিৱসাগৰ কলেজ, শিৱসাগৰ পৌৰসভাৰ কাৰ্যালয় আৰু শিৱসাগৰ জিলাৰ উকীল সন্থাৰ কাৰ্যালয়লৈ নিয়া হয়।

ইয়াৰ উপৰি অ’এনজিচিৰ পূৰ্বাঞ্চল এমপ্ল’ই এচ’চিয়েছনৰ কাৰ্যালয়তো তেওঁক শেষ শ্ৰদ্ধা নিবেদন কৰা হয়। প্ৰয়াত প্ৰণৱ গগৈ অ’এনজিচিৰ পূৰ্বাঞ্চল এমপ্ল’ই এচ’চিয়েছনৰ প্ৰাক্তন সভাপতি আছিল।

তাৰ পৰা বাহিৰে বাহিৰে তেওঁৰ দেহ হাঁহচৰালৈ লৈ যোৱা হয়, পথত বিভিন্ন স্থানত শিৱসাগৰ সমষ্টিৰ চাৰিবাৰৰ বিধায়কগৰাকীক ৰাইজে শেষ শ্ৰদ্ধা জনোৱাৰ লগতে হাঁহচৰা হাইস্কুলৰ সন্মুখটো হাঁহচৰাবাসীয়ে শ্ৰদ্ধাঞ্জলি জনায়।

ইয়াৰ পিছতেই তেওঁৰ নশ্বৰ দেহ পিতৃগৃহ কুঁজিবালি হাঁহচৰাৰ জাটিপটীয়া মৰাণ গাঁৱলৈ নিয়া হয় আৰু ইয়াতেই ৰাজ্যিক মৰ্যদাৰে শেষকৃত সম্পন্ন কৰা হয় বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ গৰাকীৰ।

শেষকৃত অনুষ্ঠানত আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, প্ৰাক্তন সাংসদ পৱন সিং ঘাটোৱাৰ, বিধায়ক দেৱব্ৰত শইকীয়া, ৰূপজ্যোতি কুৰ্মী, প্ৰাক্তন বিধায়ক সুশান্ত বৰগোহাঁই, পিথিৱী মাজী, বিস্মিতা গগৈ, যুৱনেতা কল্যান গগৈ,  জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াৰ লগতে বহু ব্যক্তি উপস্থিত থাকে।

উল্লেখযোগ্য যে প্ৰণৱ গগৈয়ে অসমীয়াৰ সংজ্ঞা নিদ্ধাৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

Recent News

পোন্ধৰ মাহৰ পাছত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ আন্তঃৰাষ্ট্ৰীয় মেচ, আশাবাদী অধিনায়িকা মিথালী ৰাজ

পোন্ধৰ মাহৰ পাছত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ আন্তঃৰাষ্ট্ৰীয় মেচ, আশাবাদী অধিনায়িকা মিথালী ৰাজ

চৰকাৰী চাকৰিয়ালসকলক বাঁহৰ বেতেৰে কোবাবলৈ উপদেশ কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ

চৰকাৰী চাকৰিয়ালসকলক বাঁহৰ বেতেৰে কোবাবলৈ উপদেশ কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ

UPPL

য়ুপিপিএলৰ পাভ লুটি! : দুৰ্নীতি পৰায়ণ বুলি গোচৰ তৰি ৰঙা দলিচাৰে আদৰিলে অভিযুক্ত ঠিকাদাৰক

প্ৰধানমন্ত্ৰীৰ কলকাতা যাবলৈ সময় আছে, কিন্তু কৃষকক লগ কৰিবলৈ সময় নাই : শাৰদ পাৱাৰ

প্ৰধানমন্ত্ৰীৰ কলকাতা যাবলৈ সময় আছে, কিন্তু কৃষকক লগ কৰিবলৈ সময় নাই : শাৰদ পাৱাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd