• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাজদ্বীপ বাইলুং বৰুৱা আৰু শোণিত কুমাৰ ভূঞালৈ সংবাদ শিৰোমণি বঁটা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 9, 2020 7:38 pm
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাংবাদিকৰ সুৰক্ষা আৰু নায্যতাৰ লগতে যথোচিত মান্যতাৰ স্বাৰ্থত আত্মপ্ৰকাশ হোৱা যুৱ সাংবাদিক সন্থা অসমৰ আজি দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস।

দেওবাৰে মহানগৰীৰ সাহিত্য সভা ভৱনৰ সাহিত্যচাৰ্য্য লক্ষীৰাম বৰুৱা সদনত অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ কেইবাজনো সাংবাদিকক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।

Apply Now

নিউজ ১৮ অসম নৰ্থ ইষ্টৰ এডিটৰিয়েল কন্সালটেন্ট ৰাজদ্বীপ বাইলুং বৰুৱা আৰু প্ৰতিদিন টাইমৰ জইন্ট এডিটৰ শোণিত কুমাৰ ভূঞালৈ সংবাদ শিৰোমণি বঁটা প্ৰদান কৰা হয়।

ইয়াৰোপৰি নিউজ লাইভৰ বাতৰি পৰিবেশক বনদ্বীপ গোস্বামী আৰু প্ৰতিদিন টাইমৰ বাতৰি পৰিৱেশিকা অঞ্জুমণি বৰদলৈলৈ শ্ৰেষ্ঠ বাতৰি পৰিৱেশিকা সন্মান আগবঢ়োৱা হয়।

ফটো সাংবাদিক জগদ্বীশ ভড়ালীক সন্মান যচাৰ সময়ত নৰ্থ-ইষ্ট নাওৰ সম্পাদক অনিৰ্বাণ ৰয়

নিয়মীয়া বাৰ্তাৰ সাংবাদিক অজয় শইকীয়ালৈ বৰ্ষশ্ৰেষ্ঠ যুৱ সাংবাদিক সন্মান, ডি ৱাই ৩৬৫ ৰ অভিজিৎ গগৈলৈ শ্ৰেষ্ঠ প্ৰডিউচাৰৰ সন্মান, অসমীয়া প্ৰতিদিনৰ ফটো সাংবাদিক সৌৰভ দুৱৰা আৰু নিয়মীয়া বাৰ্তাৰ ফটো সাংবাদিক জগদ্বীশ ভড়ালীলৈ আলোকচিত্ৰ সাংবাদিকতা সন্মান প্ৰদান কৰা হয়।

তদুপৰি, বন্যপ্ৰাণী, পৰিৱেশ সংক্ৰান্তীয় বাতৰিৰ বাবে কলিয়াবৰৰ প্ৰতিদিন টাইমৰ সাংবাদিক তপন শইকীয়া আৰু শিশু, মহিলা সৱলীকৰণ সংক্ৰান্তীয় বাতৰিৰ ক্ষেত্ৰত গোলাঘাটৰ প্ৰতিদিন টাইমৰ সাংবাদিক মোস্তাক হুছেইনলৈ সন্মান আগবঢ়োৱা হয়।

উক্ত সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নৰ্থ-ইষ্ট নাওৰ মুখ্য সম্পাদক অনিৰ্বাণ ৰয়ে যুৱ সাংবাদিক আৰু বঁটা প্ৰাপকসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে।

‘প্ৰায় ২০ বছৰে অসমৰ বাহিৰত মই সাংবাদিকতা কৰি আছিলো। অসমলৈ ঘূৰি আহি কিবা এটা কৰিম বুলি ভাবোতে সকলোৱে মোক ৱেব সাংবাদিকতা কৰাৰ কথা ক’লে। মই ১৯৯৯ চনতে শেষবাৰলৈ গুৱাহাটীত টেলিগ্ৰাফ পেপাৰত সাংবাদিক হিচাপে আছিলো। তাৰ পাছত ভাৰতৰ বাহিৰৰ বিভিন্ন ৰাজ্যৰ লগতে ইংলেণ্ড, নেপাল, চীনত সাংবাদিক হিচাপে কাম কৰিছিলো।‘ নিজৰ সাংবাদিকতা জীৱনৰ সংক্ষিপ্ত বিৱৰণ দি ৰয়ে এইদৰে কয়।

যুৱ সাংবাদিক সন্থাৰ দুবছৰীয়া যাত্ৰা সম্পূৰ্ণ কৰাৰ বাবা সংগঠনটোৰ সকলোকে কৃতজ্ঞতা জনাই তেওঁ কয়, ‘আজি যুৱ সাংবাদিক সন্থাই দুটা বছৰ সম্পূৰ্ণ কৰিলে। ময়ো নিজকে যুৱ সাংবাদিক বুলিয়ে ভাবো, কাৰণ মোৰ ৱেব পৰ্টেলেও ইতিমধ্যে দুটা বছৰ সম্পূৰ্ণ কৰিছে।‘

সাংবাদকিতাৰ ক্ৰম বিৱৰ্তন সম্পৰ্কে বক্তব্য ৰাখি ৰয়ে কয় ‘পূৰ্বে WhatsApp, মেইল ব্যৱস্থা নাছিল, তেতিয়া বাতৰিসমূহ মুখ্য কাৰ্য্যালয় পোৱাত বহুত পলম হৈছিল। আগতে লখিমপুৰ ধেমাজি ইত্যাদি অঞ্চলৰ সাংবাদিকসকলে নৈশ বাছত নিজৰ বাতৰিসমূহ খামত ভৰাই গুৱাহাটীলৈ বুলি পঠিয়াব লগা হৈছিল।’

কিন্তু বৰ্তমান ইন্টাৰনেটৰ যুগত ঘটি থকা ঘটনা এটা পোনপটীয়াকৈ দেখিবলৈ পোৱা যায় বুলি উল্লেখ কৰি তেওঁ যুৱ সাংবাদিকসকলে বৰ্তমান প্ৰযুক্তি বিদ্যাৰ জ্ঞান ভালদৰে আহৰণ কৰিব পাৰিব লাগিব বুলি কয়।

‘সাংবাদিকসকলৰ নিয়মানুবৰ্তিতা থাকিব লাগিব। সময়ৰ বাতৰি সময় মতে যোগান ধৰিব পাৰিব লাগে। নিৰ্দিষ্ট সময়ত ঘটনাস্থলীত উপস্থিত থাকি বাতৰিটো প্ৰথমে প্ৰকাশ কৰিব পাৰিব পৰা ক্ষমতা যুৱ সাংবাদিকসকলৰ থাকিব লাগিব।‘ ৰয়ে কয়।

অনুষ্ঠানত উপস্থিত থাকি আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কয়, ‘অসমৰ সমাজ জীৱনত যুৱ সাংবাদিকৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ। বিভিন্ন সময়ত বিভিন্ন প্ৰত্যাহ্বান নেওচি জ্যেষ্ঠসকলৰ দৰে যুৱ সাংবাদিক সকলে যথেষ্ট গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰি আহিছে।‘

‘গণতান্ত্ৰিক ব্যৱস্থা যেতিয়া সংকটত পৰে, ৰাষ্ট্ৰৰ বাকী তিনিটা স্তম্ভই যেতিয়া ৰাইজৰ বিভিন্ন গণতান্ত্ৰিক চেতনাক খৰ্ব কৰে, তেতিয়াই নিৰপেক্ষ চিন্তাৰে বাট দেখুৱাই নিয়ে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদমাধ্যমে। সমাজ ব্যৱস্থাৰ ঐতিহ্য আৰু শক্তি সুৰক্ষিত কৰিবৰ কাৰণে সাংবাদিকৰ বিশেষ ভূমিকা আছে।‘ গগৈয়ে এইদৰে কয়।

উক্ত অনুষ্ঠানত বৈজ্ঞানিক ড০ বিজয় কৃষ্ণ সন্দিকৈ আৰু অসম মেডিকেল কলেজৰ প্ৰাক্তন অধ্যক্ষ ডাঃ অতীন্দ্ৰ কুমাৰ অধিকাৰী উপস্থিত থাকি যুৱ সাংবাদিক সন্থা অসমৰ এই প্ৰচেষ্টাৰ শলাগ লয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ফাঁচীৰ সলনি বিষাক্ত বেজীৰে মৃত্যু দণ্ড কিয় নিদিয়ে ভাৰতত? আবেদন খাৰিজ কৰি কি ক’লে উচ্চতম ন্যায়ালয়ে?

ফাঁচীৰ সলনি বিষাক্ত বেজীৰে মৃত্যু দণ্ড কিয় নিদিয়ে ভাৰতত? আবেদন খাৰিজ কৰি কি ক’লে উচ্চতম ন্যায়ালয়ে?

August 18, 2026 3:58 pm
আছিল কঁকাললৈকে বৈ পৰা চুলি; কি এনেকুৱা ঘটিল যে চুলি খুৰাই টকলা হ’ল নয়নতৰা?

আছিল কঁকাললৈকে বৈ পৰা চুলি; কি এনেকুৱা ঘটিল যে চুলি খুৰাই টকলা হ’ল নয়নতৰা?

August 18, 2026 3:27 pm
নতুন সমীক্ষাত দাবী! ইৰাণ যুদ্ধৰ বাবে বৰ্তমান কাৰ্যকালত ট্ৰাম্পৰ জনপ্ৰিয়তা সৰ্বনিম্ন স্তৰত

নতুন সমীক্ষাত দাবী! ইৰাণ যুদ্ধৰ বাবে বৰ্তমান কাৰ্যকালত ট্ৰাম্পৰ জনপ্ৰিয়তা সৰ্বনিম্ন স্তৰত

August 18, 2026 1:58 pm
২৮ গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত ১৪ গৰাকীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ গোচৰ; উচ্চতম ন্যায়ালয়ত সদৰী তথ্য

২৮ গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত ১৪ গৰাকীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ গোচৰ; উচ্চতম ন্যায়ালয়ত সদৰী তথ্য

August 18, 2026 12:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফাঁচীৰ সলনি বিষাক্ত বেজীৰে মৃত্যু দণ্ড কিয় নিদিয়ে ভাৰতত? আবেদন খাৰিজ কৰি কি ক’লে উচ্চতম ন্যায়ালয়ে?

ফাঁচীৰ সলনি বিষাক্ত বেজীৰে মৃত্যু দণ্ড কিয় নিদিয়ে ভাৰতত? আবেদন খাৰিজ কৰি কি ক’লে উচ্চতম ন্যায়ালয়ে?

August 18, 2026 3:58 pm
আছিল কঁকাললৈকে বৈ পৰা চুলি; কি এনেকুৱা ঘটিল যে চুলি খুৰাই টকলা হ’ল নয়নতৰা?

আছিল কঁকাললৈকে বৈ পৰা চুলি; কি এনেকুৱা ঘটিল যে চুলি খুৰাই টকলা হ’ল নয়নতৰা?

August 18, 2026 3:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd