• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ৰাজদ্বীপ বাইলুং বৰুৱা আৰু শোণিত কুমাৰ ভূঞালৈ সংবাদ শিৰোমণি বঁটা

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , February 9, 2020 7:54 pm

3 min read

ৰাজদ্বীপ বাইলুং বৰুৱা আৰু শোণিত কুমাৰ ভূঞালৈ সংবাদ শিৰোমণি বঁটা
808
VIEWS
Share on FacebookShare on Twitter

সাংবাদিকৰ সুৰক্ষা আৰু নায্যতাৰ লগতে যথোচিত মান্যতাৰ স্বাৰ্থত আত্মপ্ৰকাশ হোৱা যুৱ সাংবাদিক সন্থা অসমৰ আজি দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস।

দেওবাৰে মহানগৰীৰ সাহিত্য সভা ভৱনৰ সাহিত্যচাৰ্য্য লক্ষীৰাম বৰুৱা সদনত অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ কেইবাজনো সাংবাদিকক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।

নিউজ ১৮ অসম নৰ্থ ইষ্টৰ এডিটৰিয়েল কন্সালটেন্ট ৰাজদ্বীপ বাইলুং বৰুৱা আৰু প্ৰতিদিন টাইমৰ জইন্ট এডিটৰ শোণিত কুমাৰ ভূঞালৈ সংবাদ শিৰোমণি বঁটা প্ৰদান কৰা হয়।

ইয়াৰোপৰি নিউজ লাইভৰ বাতৰি পৰিবেশক বনদ্বীপ গোস্বামী আৰু প্ৰতিদিন টাইমৰ বাতৰি পৰিৱেশিকা অঞ্জুমণি বৰদলৈলৈ শ্ৰেষ্ঠ বাতৰি পৰিৱেশিকা সন্মান আগবঢ়োৱা হয়।

ফটো সাংবাদিক জগদ্বীশ ভড়ালীক সন্মান যচাৰ সময়ত নৰ্থ-ইষ্ট নাওৰ সম্পাদক অনিৰ্বাণ ৰয়

নিয়মীয়া বাৰ্তাৰ সাংবাদিক অজয় শইকীয়ালৈ বৰ্ষশ্ৰেষ্ঠ যুৱ সাংবাদিক সন্মান, ডি ৱাই ৩৬৫ ৰ অভিজিৎ গগৈলৈ শ্ৰেষ্ঠ প্ৰডিউচাৰৰ সন্মান, অসমীয়া প্ৰতিদিনৰ ফটো সাংবাদিক সৌৰভ দুৱৰা আৰু নিয়মীয়া বাৰ্তাৰ ফটো সাংবাদিক জগদ্বীশ ভড়ালীলৈ আলোকচিত্ৰ সাংবাদিকতা সন্মান প্ৰদান কৰা হয়।

তদুপৰি, বন্যপ্ৰাণী, পৰিৱেশ সংক্ৰান্তীয় বাতৰিৰ বাবে কলিয়াবৰৰ প্ৰতিদিন টাইমৰ সাংবাদিক তপন শইকীয়া আৰু শিশু, মহিলা সৱলীকৰণ সংক্ৰান্তীয় বাতৰিৰ ক্ষেত্ৰত গোলাঘাটৰ প্ৰতিদিন টাইমৰ সাংবাদিক মোস্তাক হুছেইনলৈ সন্মান আগবঢ়োৱা হয়।

উক্ত সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নৰ্থ-ইষ্ট নাওৰ মুখ্য সম্পাদক অনিৰ্বাণ ৰয়ে যুৱ সাংবাদিক আৰু বঁটা প্ৰাপকসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে।

‘প্ৰায় ২০ বছৰে অসমৰ বাহিৰত মই সাংবাদিকতা কৰি আছিলো। অসমলৈ ঘূৰি আহি কিবা এটা কৰিম বুলি ভাবোতে সকলোৱে মোক ৱেব সাংবাদিকতা কৰাৰ কথা ক’লে। মই ১৯৯৯ চনতে শেষবাৰলৈ গুৱাহাটীত টেলিগ্ৰাফ পেপাৰত সাংবাদিক হিচাপে আছিলো। তাৰ পাছত ভাৰতৰ বাহিৰৰ বিভিন্ন ৰাজ্যৰ লগতে ইংলেণ্ড, নেপাল, চীনত সাংবাদিক হিচাপে কাম কৰিছিলো।‘ নিজৰ সাংবাদিকতা জীৱনৰ সংক্ষিপ্ত বিৱৰণ দি ৰয়ে এইদৰে কয়।

যুৱ সাংবাদিক সন্থাৰ দুবছৰীয়া যাত্ৰা সম্পূৰ্ণ কৰাৰ বাবা সংগঠনটোৰ সকলোকে কৃতজ্ঞতা জনাই তেওঁ কয়, ‘আজি যুৱ সাংবাদিক সন্থাই দুটা বছৰ সম্পূৰ্ণ কৰিলে। ময়ো নিজকে যুৱ সাংবাদিক বুলিয়ে ভাবো, কাৰণ মোৰ ৱেব পৰ্টেলেও ইতিমধ্যে দুটা বছৰ সম্পূৰ্ণ কৰিছে।‘

সাংবাদকিতাৰ ক্ৰম বিৱৰ্তন সম্পৰ্কে বক্তব্য ৰাখি ৰয়ে কয় ‘পূৰ্বে WhatsApp, মেইল ব্যৱস্থা নাছিল, তেতিয়া বাতৰিসমূহ মুখ্য কাৰ্য্যালয় পোৱাত বহুত পলম হৈছিল। আগতে লখিমপুৰ ধেমাজি ইত্যাদি অঞ্চলৰ সাংবাদিকসকলে নৈশ বাছত নিজৰ বাতৰিসমূহ খামত ভৰাই গুৱাহাটীলৈ বুলি পঠিয়াব লগা হৈছিল।’

কিন্তু বৰ্তমান ইন্টাৰনেটৰ যুগত ঘটি থকা ঘটনা এটা পোনপটীয়াকৈ দেখিবলৈ পোৱা যায় বুলি উল্লেখ কৰি তেওঁ যুৱ সাংবাদিকসকলে বৰ্তমান প্ৰযুক্তি বিদ্যাৰ জ্ঞান ভালদৰে আহৰণ কৰিব পাৰিব লাগিব বুলি কয়।

‘সাংবাদিকসকলৰ নিয়মানুবৰ্তিতা থাকিব লাগিব। সময়ৰ বাতৰি সময় মতে যোগান ধৰিব পাৰিব লাগে। নিৰ্দিষ্ট সময়ত ঘটনাস্থলীত উপস্থিত থাকি বাতৰিটো প্ৰথমে প্ৰকাশ কৰিব পাৰিব পৰা ক্ষমতা যুৱ সাংবাদিকসকলৰ থাকিব লাগিব।‘ ৰয়ে কয়।

অনুষ্ঠানত উপস্থিত থাকি আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কয়, ‘অসমৰ সমাজ জীৱনত যুৱ সাংবাদিকৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ। বিভিন্ন সময়ত বিভিন্ন প্ৰত্যাহ্বান নেওচি জ্যেষ্ঠসকলৰ দৰে যুৱ সাংবাদিক সকলে যথেষ্ট গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰি আহিছে।‘

‘গণতান্ত্ৰিক ব্যৱস্থা যেতিয়া সংকটত পৰে, ৰাষ্ট্ৰৰ বাকী তিনিটা স্তম্ভই যেতিয়া ৰাইজৰ বিভিন্ন গণতান্ত্ৰিক চেতনাক খৰ্ব কৰে, তেতিয়াই নিৰপেক্ষ চিন্তাৰে বাট দেখুৱাই নিয়ে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদমাধ্যমে। সমাজ ব্যৱস্থাৰ ঐতিহ্য আৰু শক্তি সুৰক্ষিত কৰিবৰ কাৰণে সাংবাদিকৰ বিশেষ ভূমিকা আছে।‘ গগৈয়ে এইদৰে কয়।

উক্ত অনুষ্ঠানত বৈজ্ঞানিক ড০ বিজয় কৃষ্ণ সন্দিকৈ আৰু অসম মেডিকেল কলেজৰ প্ৰাক্তন অধ্যক্ষ ডাঃ অতীন্দ্ৰ কুমাৰ অধিকাৰী উপস্থিত থাকি যুৱ সাংবাদিক সন্থা অসমৰ এই প্ৰচেষ্টাৰ শলাগ লয়।

Recent News

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

Nipa Ba Final

প্ৰশ্ন সোধাটোৱেই পাপ! : মহিলা সাংবাদিকক শাৰীৰিক-মানসিকভাৱে অপদস্থ বহিৰাগত প্ৰযোজক-পৰিচালকৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd