• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক’ৰ’ণা ভাইৰাছৰ আতংক : ভেলেন্টাইন ডে’ত ‘চুম্বন’ কিমান সুৰক্ষিত?

চুম্বনৰ দ্বাৰাও বিয়পিব পাৰে নেকি এই কাল ভাইৰাছ?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 13, 2020 9:07 pm
bf37c238-f2a7-4481-b358-99be1ad0c54f

প্ৰতিনিধিত্বমূলক ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ চীন দেশত কাল সংহাৰী ৰূপ লোৱা ক’ৰ’ণা ভাইৰাছৰ আতংক ভাৰতৰ লগতে অসমৰ সৰ্বৰ্ত্ৰে বিৰাজমান। এই আতংকৰ মাজতে কাইলৈ বিশ্বজুৰি উদযাপিত হব‘ভেলেন্টাইন ডে’।

ভেলেন্টাইন ডে’ৰ দিনা প্ৰেমিক যুগলৰ পৰস্পৰে পৰস্পৰক কৰা চুম্বন কিমান সুৰক্ষিত হ’ব তাক লৈ এতিয়া সৰ্বৰ্ত্ৰে চৰ্চা চলিছে।

Apply Now

যদি আপুনিও এগৰাকী প্ৰেমিক বা প্ৰেমিকা তেন্তে সাৱধান হওঁক । কিয়নো চুম্বনৰ দ্বাৰাও নিশ্চিতভাৱে বিয়পিব পাৰে মাৰাত্মক ক’ৰ’ণা ভাইৰাছ। এই কথা নিশ্চিত কৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত কৰ্মৰত এগৰাকী চিকিৎসকে।

‘নিশ্চিতভাৱে এই মাৰাত্মক ভাইৰাছ চুম্বনৰ জৰিয়তেও বিয়পিব পাৰে। চুম্বন বাদেই যদি ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত কোনো লোকে ২ মিটাৰ আঁতৰত কাঁহে, তেন্তে ২ মিটাৰ দূৰ পৰ্য্যন্ত থকা লোকৰ দেহলৈ এই মাৰাত্মক ভাইৰাছ বিয়পিব পাৰে,‘-নাম প্ৰকাশত অনিচ্ছুক চিকিৎসকগৰাকীয়ে আমাৰ সাংবাদিকৰ আগত এইদৰে কয়।

আনহাতে, এগৰাকী বিজ্ঞানীয়েও জনসাধাৰণক ক’ৰোনা ভাইৰাছ বিয়পোৱা প্ৰতিৰোধ কৰিবলৈ চুম্বন তথা আলিংগন কৰা উচিত নহয় বুলি কৈছে।

কুইন মেৰী য়ুনিভাৰ্ছিটিৰ অধ্যাপক জন অক্সফ’ৰ্ডে ভেলেন্টাইন ডে’ৰ পূৰ্বে এই ৰোগটোক এটা ‘ছচিয়েল ভাইৰাছ’ বুলি বৰ্ণনা কৰি ই বহু ঘনিষ্ঠ সম্পৰ্কৰ ওপৰত নিৰ্ভৰ কৰা বুলি উল্লেখ কৰে আৰু জনসাধাৰণক এনে সম্পৰ্ক কৰ্তন কৰিলে ইয়াক পৰাজিত কৰিব পাৰি বুলি সদৰী কৰে।

এক সুত্ৰৰ পৰা জানিব পৰা মতে চীনত অধ্যয়নৰত অসমৰ এগৰাকী ছাত্ৰী ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা বুলি সন্দেহ কৰা হৈছে আৰু তেওঁ বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আই.চি.যুত চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে। জিএমচিএইচৰ চিকিৎসকৰ এটা দলে ছাত্ৰীগৰাকীৰ পৰীক্ষা নিৰীক্ষা চলাই আছে। বৰ্তমানলৈকে ছাত্ৰীগৰাকীৰ পৰিচয় লাভ কৰিবলৈ সক্ষম হোৱা নাই।

উল্লেখযোগ্য যে, এই মাৰাত্মক ভাইৰাছে চীন দেশত মাৰাত্মক ৰূপ লোৱা পৰিলক্ষিত হৈছে। প্ৰতিদিনে এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে মৃত্যুৰ হাৰো দিনক দিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। চীনত বৰ্তমানলৈকে ১৩৬৭ গৰাকী লোক এই মাৰাত্মক ভাইৰাছৰ বলি হৈ মৃত্যুক আঁকোৱালি লৈছে। লগতে বৰ্তমানলৈকে ৫৯,৮০৫ গৰাকী লোক এই মাৰাত্মক ভাইৰাছৰ বলি হৈ মৃত্যুক আঁকোৱালি লৈছে।

ইয়াৰোপৰি, এতিয়ালৈকে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ (গুৱাহাটী)ত ১৭৯জন, মোহনবাৰী বিমান বন্দৰ (ডিব্ৰুগড়)ত ৬৩জন, ৰৰৈয়া বিমান বন্দৰ (যোৰহাট) ৭জন, কুম্ভীৰগ্ৰাম বিমান বন্দৰ (শিলচৰ)ত ৭জন, লীলাবাৰী বিমান বন্দৰ (লখিমপুৰ) ২৫জন আৰু শালনিবাৰী বিমান বন্দৰ (তেজপুৰ)ত ১১জন লোকক পৰীক্ষা (screening) কৰা হৈছে।

৫৬জন যাত্ৰীক ক’ৰ’না ভাইৰাছ সংক্ৰমণ ঘটা দেশৰ পৰা অহা বুলি চিনাক্ত কৰা হৈছে আৰু এওঁলোকক ঘৰতে আনৰ পৰা বিচ্ছিন্ন অৱস্থাত (home isolation) অৱস্থাত ৰখা হৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, নাবালকে কৰিব নোৱাৰে কোনো আইনী চুক্তি

ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, নাবালকে কৰিব নোৱাৰে কোনো আইনী চুক্তি

September 28, 2026 7:39 pm
আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

September 28, 2026 6:34 pm
জ্ঞানেশ কুমাৰৰ আগ্ৰাৰ বাসগৃহৰ গেটত ক’লা চিয়াঁহীৰে লিখা হ’ল ‘গদ্দাৰ, ভোট চোৰ’

জ্ঞানেশ কুমাৰৰ আগ্ৰাৰ বাসগৃহৰ গেটত ক’লা চিয়াঁহীৰে লিখা হ’ল ‘গদ্দাৰ, ভোট চোৰ’

September 28, 2026 5:15 pm
ইউপিআই লেনদেনত ০.৪ শতাংশ কৰৰ সিদ্ধান্ত চৰকাৰৰ :  স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে

ইউপিআই লেনদেনত ০.৪ শতাংশ কৰৰ সিদ্ধান্ত চৰকাৰৰ :  স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে

September 28, 2026 4:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, নাবালকে কৰিব নোৱাৰে কোনো আইনী চুক্তি

ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, নাবালকে কৰিব নোৱাৰে কোনো আইনী চুক্তি

September 28, 2026 7:39 pm
আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

September 28, 2026 6:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd