• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বন্ধ খামত দাখিল ৬ নং দফা ৰূপায়ণৰ প্ৰতিবেদন; কৌশলী স্থিতিত আছু নেতৃত্ব

অমিত শ্বাহৰ সলনি মুখ্য মন্ত্ৰীয়ে গ্ৰহণ কৰিলে ৬ নং দফা ৰূপায়ণৰ প্ৰতিবেদন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 25, 2020 3:34 pm
index

অসম চুক্তিৰ ৬নং দফা সম্পৰ্কীয় সমিতিয়ে মুখ্য মন্ত্ৰীক প্ৰতিবেদন দাখিল কৰাৰ মুহূৰ্তত।

546
VIEWS
Share on FacebookShare on Twitter

অৱশেষত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সলনি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গ্ৰহণ কৰিলে অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণৰ পৰামৰ্শ সম্বলিত প্ৰতিবেদন।

অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত গঠিত উচ্চস্তৰীয় সমিতিয়ে মঙ্গলবাৰে ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত মুখ্য মন্ত্ৰীৰ হাতত দাখিল কৰিলে এই প্ৰতিবেদন।

তাৎপয্যপূৰ্ণভাৱে বন্ধ খামত দাখিল কৰা হ’ল ১৭০ পৃষ্ঠাতকৈয়ো অধিক এই প্ৰতিবেদন।

এই প্ৰতিবেদন লৈ মঙলবাৰে দিল্লীলৈ ৰাওনা হ’ল মুখ্য মন্ত্ৰী সোণোৱাল।

প্ৰতিবেদন দাখিল কৰাৰ সময়ত উপস্থিত থাকে ৰাজ্য চৰকাৰৰ সকলো কেবিনেট মন্ত্ৰী।

প্ৰতিবেদন দাখিল কৰি আহি এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কমিটিৰ অধ্যক্ষ বিপ্লৱ কুমাৰ শৰ্মাই কয়, ‘অসম চুক্তিৰ ৬ নং দফাৰ আধাৰত কমিটিখন গঠন কৰি দিয়া হৈছিল। ৬ নং দফাত কোৱা হৈছে যে অসমীয়া মানুহখিনিৰ সাংবিধানিক,সাংস্কৃতিক অধিকাৰকে ধৰি এনেকুৱা ধৰণৰ অধিকাৰসমূহৰ ওপৰত ব্যৱস্থা লোৱা হ’ব। কিন্তু যোৱা ৩৪ টা বছৰে ব্যৱস্থা লোৱা নহ’ল।‘

এই উচ্চস্তৰীয় কমিটিয়ে ১২০০ তকৈ অধিক স্মাৰক পত্ৰ আৰু আবেদন পাইছিল বুলি জানিবলৈ দি তেওঁ লগতে কয়, ‘অসমৰ বিভিন্ন প্ৰান্তলৈ যোৱা হৈছিল আৰু সকলোৰে মতামত লৈ আমাৰ এক্তিয়াৰৰ ভিতৰত আমি যিখিনি পাৰো সৰ্বসন্মতিক্ৰমে এখন প্ৰতিবেদন যুগুত কৰি উলিয়াইছো।‘

তেওঁ সংক্ষেপে প্ৰতিবেদনত উল্লেখ থকা কথাখিনি দাঙি ধৰি কয়, ‘সাংবিধানিক, সাংস্কৃতিক দিশ সামৰি তথা যি জাননীৰ জৰিয়তে কমিটিখন প্ৰস্তুত কৰি দিয়া হৈছিল সেই জাননীৰ 2f দফাত যিখিনি বিশেষ কথা লিপিবদ্ধ কৰিব পাৰো তাৰো উপৰিঞ্চি আমাক কোৱাৰ অধিকাৰ দিয়া হৈছিল। তাৰ ওপৰতে ভিত্তি কৰি ভূমি অধিকাৰ, সংৰক্ষণ, কৃষ্টি সংস্কৃতি কেনেকুৱা হ’ব পাৰে বা চাকৰিৰ ক্ষেত্ৰত কেনেধৰণৰ সংৰক্ষণ কৰিব পাৰো বা বিধানসভাত কেনেধৰণে সংৰক্ষণৰ ব্যৱস্থা কৰিব পাৰো, এই গোটেই যাৱতীয় কথা লৈ বিভিন্ন শিতানত পৰামৰ্শাৱলী আগবঢ়োৱা হৈছে।‘

সেই পৰামৰ্শৱলীয়ে কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টিগোচৰ কৰিব বুলি আশা প্ৰকাশ কৰে বিপ্লৱ শৰ্মাই। প্ৰতিবেদনখন ফলপ্ৰসূ হৈ উঠাৰ ক্ষেত্ৰত কেন্দ্ৰই বিহিত ব্যৱস্থা ল’ব বুলিও মন্তব্য কৰে শৰ্মাই।

তেওঁ লগতে কয়, ‘অসমীয়াৰ সাংবিধানিক সুৰক্ষা আৰু সাংবিধানিক সুৰক্ষাৰ বাবে কোনখিনি মানুহক গ্ৰহণ কৰিম সেই কথাটোৰো প্ৰশ্ন থাকি যায়। গতিকে অসমীয়াৰ সংজ্ঞা নিৰূপণ কৰোঁতে বিভিন্ন দৃষ্টিকোণ আগুৰি এটা সংজ্ঞা দিছো।‘

ইপিনে, কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ পৰিৱৰ্তে মুখ্য মন্ত্ৰীয়ে কিয় এই প্ৰতিবেদন গ্ৰহণ কৰিলে বুলি সাংবাদিকে সোধাত তেওঁ কয়, ‘কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে বিচাৰিছে তেওঁৰ হৈ অসমৰ মুখ্য মন্ত্ৰীয়ে প্ৰতিবেদনখন গ্ৰহণ কৰক। কাৰ হাতত দিছো সেইটো ডাঙৰ কথা নহয়, আমি দিয়া পৰামৰ্শৱলীসমূহ ৰূপায়িত হোৱাটোহে এই মুহূৰ্তত ডাঙৰ কথা।‘

আনহাতে, প্ৰতিবেদনখন বন্ধ খামত পঠিওৱাৰ উদ্দেশ্য বাখ্যা দি বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘ইয়াৰ উদ্দেশ্য এইটোৱেই যে কেন্দ্ৰীয় চৰকাৰেহে এই ৰিপৰ্টটো চাব পাৰিব। অসমবাসী ৰাইজে এইটো কথা হৃদয়ংগম কৰা উচিত হ’ব যে এই প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰে দেখা পোৱা নাই। কেন্দ্ৰীয় চৰকাৰে এই প্ৰতিবেদন পৰীক্ষা কৰিব। প্ৰয়োজন সাপেক্ষে ৰাজ্য চৰকাৰেও এই প্ৰতিবেদনৰ ওপৰত অভিমত দাঙি ধৰিব যদিহে কেন্দ্ৰীয় চৰকাৰে অভিমত ল’ব বিচাৰে। কেন্দ্ৰীয় চৰকাৰে প্ৰতিবেদন পৰীক্ষা-নিৰীক্ষা কৰি এই বিষয়ে ৰাজ্য চৰকাৰক জনালে আমি সংবাদ মাধ্যমক জনাম।‘

ইপিনে, অতি কৌশলী স্থিতি গ্ৰহণ কৰি আজি মুখ্য মন্ত্ৰীক প্ৰতিবেদন দাখিল কৰাৰ সময়ত উপস্থিত নাথাকিল সদৌ অসম ছাত্ৰ সন্থাৰ এজনো প্ৰতিনিধি। এই উচ্চস্তৰীয় সমিতিত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য, সভাপতি দীপাংক নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ সদস্য হিচাপে আছিল তথা উচ্চস্তৰীয় সমিতিৰ অধিকসংখ্যক বৈঠকতে উপস্থিত থাকি নিজৰ নিজৰ পৰামৰ্শ আগবঢ়াইছিল তিনিওজন ছাত্ৰ নেতাই।

তাৰ পাছত আজিৰ অন্তিত সময়ছোৱাত তেওঁলোক তিনিজনৰ অনুপস্থিতিয়ে জনসাধাৰণৰ মনত বাৰুকৈয়ে প্ৰশ্নৰ উদয় কৰাইছে বা কিছুসংখ্যকে ইয়াক কৌশলী স্থিতি বুলি উল্লেখ কৰিছে।

ইপিনে এই সন্দৰ্ভত আছুৰ উপদেষ্টা ড০ সমুজ্বল কুমাৰ ভট্টাচাৰ্যই সংবাদ মাধ্যমৰ আগত কয় যে কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে প্ৰতিবেদনখন গ্ৰহণ নকৰা বাবে তথা তেওঁলোকে কা ৰ বিৰোধিতা কৰাৰ বাবেই মুখ্য মন্ত্ৰীক প্ৰতিবেদনখন দয়াৰ সময়ত উপস্থিত নাথাকিল।

Recent News

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd