বয়স ১৩ বছৰ ২৩৪ দিন — ইয়াৰ মাজতে ভাৰতীয় ক্ৰিকেটত বহুবাৰ চৰ্চালৈ আহিছে বৈভৱ সূৰ্য্যবংশীৰ নাম। এই বয়সতে তেওঁ ভাৰতৰ ১৯ বছৰ অনুৰ্ধ টেষ্ট দলত খেলিছে। যোৱা মাহত তেওঁ অষ্ট্ৰেলিয়া ১৯ বছৰ অনুৰ্ধ দলৰ বিৰুদ্ধে ৫৮ বলত শতক অৰ্জন কৰিছিল, যিটো যুৱ টেষ্ট ইতিহাসত দ্বিতীয় সৰ্বাধিক দ্ৰুত শতৰাণ আৰু প্ৰতিযোগিতামূলক ক্ৰিকেটত আটাইতকৈ কম বয়সত চেঞ্চুৰীৰ অভিলেখ।
এই বৈভৱেই এইবাৰ আই পি এলৰ নিলামৰ চূড়ান্ত তালিকাত স্থান লাভ কৰিছে। কালি আই পি এল কৰ্তৃপক্ষই নিলাম হ’বলগীয়া ক্ৰিকেটাৰৰ চূড়ান্ত তালিকা প্ৰকাশ কৰিছে।
বৈভৱৰ সামৰ্থ্যক লৈ প্ৰশ্ন উত্থাপন কৰাৰ কোনো সুৰুঙা নাই। তেওঁৰ বয়স ১৩ বছৰ হ’লেও ইতিমধ্যে তেওঁ ৰঞ্জি ট্ৰফীত খেলিছে। বৈভৱে ১২ বছৰ ২৮৪ দিন বয়সত বিহাৰৰ হৈ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অভিষেক ঘটাই চৰ্চাৰ সূচনা কৰে। তেওঁৰ প্ৰথম শ্ৰেণীৰ কেৰিয়াৰৰ অৱশ্যে আৰম্ভণি ভাল নহ’ল। এই পৰ্যন্ত ৫ খন মেচত ১০০ ৰান। সৰ্বোচ্চ ৰানৰ ইনিংছ ৪১, যিটো এই নৱেম্বৰ মাহত আহিছিল।
বৈভৱে লগতে হেমান ট্ৰফী, কোচবেহাৰ ট্ৰফীতো খেলিছে। বিহাৰত অনুষ্ঠিত হোৱা আন্তঃজিলা টুৰ্ণামেণ্ট হেমান ট্ৰফীত বৈভৱে ৮খন খেলত ৮০০ৰো অধিক ৰান সংগ্ৰহ কৰে। তাৰ পিছত ভিনু মানকাড ট্ৰফীত সংগ্ৰহ ৫ খন খেলত ৪০০ ৰান।
বিহাৰ ক্ৰিকেট সন্থাৰ উদ্যোগত আয়োজিত ৰণধীৰ বাৰ্মা ১৯ বছৰ অনুৰ্ধ এদিনীয়া খেলতো বৈভৱে ত্ৰিশতক অৰ্জন কৰে। সংবাদ মাধ্যমৰ প্ৰকাশ পোৱা অনুসৰি একাংশই দাবী কৰা মতে এবছৰত বৈভৱে বিভিন্ন প্ৰতিযোগিতাত মুঠ ৪৯টা শতক অৰ্জন কৰিছে। কিন্তু মিচেল ষ্টাৰ্কহঁতৰ দৰে বলাৰৰ বল খেলিছে ১৩ বছৰীয়া ল’ৰা এটাই, ভাবিলে বেলেগ অনুভৱ হ’বই! অৱশ্যে আই পি এলত বহু কথাই সম্ভৱ!
নিলামত বৈভৱৰ নাম মাতিলেই তেওঁক ফ্ৰেঞ্চাইজিয়ে কিনিব, সমীকৰণটো ইমান সহজ নহয়। আই পি এল দলে বিভিন্ন দিশ বিবেচনা কৰি ক্ৰিকেটাৰক দলত অন্তৰ্ভুক্ত কৰে। অৱশ্যে ভৱিষ্যতৰ কথা বিবেচনা কৰিলে যিকোনো ফ্ৰেঞ্চাইজিয়ে এতিয়া কম দামত বৈভৱক ক্ৰয় কৰি পাৰে। দলটোৰ সৈতে ৰাখি প্ৰস্তুতি চলাই ভৱিষ্যতে খেলোৱাটো সম্ভৱ হ’ব পাৰে। অৱশেষত বৈভৱে দল পাব নে নাপাব সেয়া ২৪ আৰু ২৫ নৱেম্বৰত স্পষ্ট জানিব পৰা যাব।
লগতে পঢ়কঃ ৰোহিত-ৰীতিকাৰ ঘৰলৈ নতুন আলহী, দ্বিতীয়বাৰৰ বাবে পিতৃ হ’ল ভাৰতীয় অধিনায়ক
এইবাৰ জেদ্দাত অনুষ্ঠিত হ’ব আই পি এলৰ মেগা নিলাম। দুদিনত নিলাম হ’ব ৫৭৪ গৰাকী ক্ৰিকেটাৰৰ। ইয়াৰে ৩৬৬জন ক্ৰিকেটাৰ ভাৰতীয় আৰু ২০৮জন বিদেশী। নিলামত ৩১৮জন নন-ডেবিউ ভাৰতীয় খেলুৱৈ, ১২জন নন-ডেবিউ বিদেশী ক্ৰিকেটাৰ। ফ্ৰেঞ্চাইজিসমূহে ২০৪ জন ক্ৰিকেটাৰ ক্ৰয় কৰিব পাৰিব, বিদেশীৰ বাবে স্থান আছে ৭০ ক্ৰিকেটাৰৰ।