এক মৰ্মান্তিক হিট এণ্ড ৰানৰ ঘটনাত মহানগৰীৰ জয়ানগৰ মেইন ৰোডত তীব্ৰবেগী হুণ্ডাই i20 N Line গাড়ীৰ খুন্দাত প্ৰাণ হেৰুৱালে এগৰাকী ১৯ বছৰীয়া যুৱকে। মৃত যুৱকগৰাকীৰ নাম অনুৰাগ কাশ্যপ।
খবৰ অনুসৰি, পথ পাৰ হৈ থকাৰ সময়ত অনুৰাগক খুন্দা মৰা গাড়ী চালকজন সুৰাপান কৰি থকাৰ অভিযোগ উত্থাপন হৈছে।
ঘটনাটো মঙলবাৰে পুৱতি নিশা ৩:২০ বজাৰ পৰা ৩:৪৫ বজাৰ ভিতৰত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনাটো প্ৰত্যক্ষদৰ্শী তেওঁৰ বন্ধু সুভগ্য দাসে তেওঁক ততাতয়াকৈ জিএনআৰচি হাস্পতাললৈ লৈ যায়। তাতেই তেওঁ পুৱা প্ৰায় ১১:৩০ বজাত আঘাতপ্ৰাপ্ত অৱস্থাতে মৃত্যুক সাৱটি লয়।
লিচু বাৰীৰ প্ৰাগ এনক্লেভৰ বাসিন্দা অনুৰাগ তেওঁৰ উদ্যমী আৰু সপ্ৰতিভ ব্যক্তিত্বৰ বাবে পৰিচিত আছিল। তেওঁৰ এনে আকস্মিক মৰ্মান্তিক মৃত্যুৱে তেওঁৰ বিধৱা মাতৃ, আত্মীয়-স্বজন তথা বন্ধু-বান্ধৱীসকলক শোকাহত কৰি তুলিছে।
দিছপুৰ থানাত আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে যদিও চিচিটিভি ফুটেজ ম্লান হোৱাৰ বাবে অস্পষ্ট নম্বৰ প্লেট চাই চালকজনক চিনাক্তকৰণৰ প্ৰচেষ্টাত বাধাৰ সৃষ্টি হৈছে।
বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ লোকে দোষীক ন্যায়ৰ ওচৰলৈ অনাটো নিশ্চিত কৰিবলৈ কৰ্তৃপক্ষক আহ্বান জনাইছে আৰু এইক্ষেত্ৰত সকলোৱে মাত মাতিবলৈ অনুৰোধ জনাইছে।
গুৱাহাটী মহানগৰীত নিশা ৰাজপথত নাগৰিকৰ নিৰাপত্তাহীনতাকলৈও প্ৰশ্ন উঠিছে। ইয়াৰ পূৰ্বেও মহানগৰীত কেইবাটাও হিট এণ্ড ৰানৰ ঘটনা পোহৰলৈ আহিছিল য’ত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ইয়াৰ ভিতৰত আছিল শেহতীয়াকৈ এগৰাকী অভিনেত্ৰী নন্দিনী কাশ্যপে কাহিলীপাৰাৰ ৰাজপথত এজন শ্ৰমিকক খুন্দিয়াই নিহত কৰাৰ পিছত প্ৰবল জনৰোষৰ উদ্ভৱ হৈছিল।





