বোকাখাতত সংঘটিত হৈছে এক কৰুণ ঘটনা। দুৰ্ভাগ্যক্ৰমে, বোকাখাতৰ ৰঙাগড়া চাহ বাগিছাৰ বৃটিছ যুগৰে এটা পুখুৰীত গা ধুবলৈ গৈ সলিল সমাধি এজন যুৱকৰ।
জানিব পৰা মতে, বোকাখাতৰ ৰঙাগড়া চাহ বাগিছাৰ নিবাসী বগাই কৰ্মকাৰ আৰু আৰ্তি কৰ্মকাৰৰ দ্বিতীয় পুত্ৰ চিনু কৰ্মকাৰে (২২) দেওবাৰে বিয়লি গা ধুবলৈ পুখুৰীত নামোতেই সংঘটিত হয় শোকাৱহ ঘটনাটো।
পৰবৰ্ত্তী সময়ত স্থানীয়লোকৰ সহযোগত কমাৰগাঁও আৰক্ষী আৰু এচ ডি আৰ এফ বাহিনীয়ে যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে।
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও এগৰাকী যুৱকৰ লগতে এগৰাকী কম বয়সীয়াকিশোৰীয়েও উক্ত পুখুৰীটোত সলিল সমাধি ঘটাৰ ঘটনা সংঘটিত হৈছিল বুলি জানিবলৈ দিয়াৰ লগতে পুখুৰীটো উন্মোক্ত হৈ থকাৰ বাবে এনে শোকাবহ ঘটনা বাৰে বাৰে সংঘটিত হৈ থকাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। লগতে শীঘ্ৰেই উক্ত পুখুৰীটোত বেৰা দিবলৈ বাগিছা কৰ্তৃপক্ষক দাবী জনাইছে স্থানীয় ৰাইজে।
লগতে পঢ়কঃ মহান সুদক্ষিণা শৰ্মা! চিকিৎসা বিজ্ঞানৰ গৱেষণা আৰু অধ্যয়নৰ বাবে দি গ’ল নিজৰ শৰীৰ
লগতে পঢ়কঃ যুদ্ধৰ বিভীষিকা! ৰাছিয়াৰ ক্ষেপণাস্ত্ৰৰ আঘাতত মৃত্যু ইউক্ৰেইনৰ জনপ্ৰিয় যুৱ লেখিকাৰ
লগতে পঢ়কঃ শচীন-সৌৰভৰ সৈতেও খেলিছিল; ভাৰতৰ UPSC উত্তীৰ্ণ একমাত্ৰ ক্ৰিকেটাৰগৰাকীক চিনি পায়নে?