• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মহান সুদক্ষিণা শৰ্মা! চিকিৎসা বিজ্ঞানৰ গৱেষণা আৰু অধ্যয়নৰ বাবে দি গ’ল নিজৰ শৰীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 3, 2023 4:28 pm
39
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমীয়া সংগীত থকা সাংস্কৃতিক জগতত শোকৰ ছাঁ পেলাই নেদেখা দেশলৈ গুচি গ’ল জ্যেষ্ঠ সংগীত শিল্পী সুদক্ষিণা শৰ্মা। সুধাকন্ঠ ভূপেন হাজৰিকাৰ ভগ্নী সুদক্ষিণা শৰ্মা আছিল অসমীয়া সংগীত জগতৰ ভোটাতৰা সদৃশ।

দীৰ্ঘদিনীয়া অসুস্থাৰ অন্তত আজি পুৱা ৮.২৫ বজাত জিএমচিএইচত শেষ নিশ্বাস ত্যাগ কৰে বৰ্ষীয়ান কণ্ঠশিল্পীগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৯ বছৰ। তেওঁ নিউম’নিয়া ৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল।

Apply Now

উল্লেখ্য যে মৃত্যুৰ পিছত চিকিৎসা বিজ্ঞানৰ গৱেষণা তথা চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলৰ অধ্যয়নৰ বাবে নিজৰ শৰীৰটো মৰণোত্তৰভাবে দান কৰি গ’ল সুদক্ষিণা শৰ্মাই। জীৱিত কালত ‘ইলোৰা বিজ্ঞান মঞ্চ’ত নামৰ সংস্থাটোত নিজৰ দেহ দান কৰি থৈ গ’ল যশস্বী সংগীত শিল্পীগৰাকীয়ে। শিল্পীগৰাকীৰ এই বৈজ্ঞানিক মানসিকতা, উদাৰতা তথা মহানতাৰ বাবে সকলোৱে শলাগ লৈছে শিল্পীগৰাকীৰ। 

কথাতেই কোৱা হয় – দেহ দান মহান দান। আমি আমাৰ মৃত্যুৰ পিছত আমাৰ শৰীৰৰ অংগ বা আমাৰ সম্পূৰ্ণ শৰীৰ দান কৰি থৈ যাব পাৰোঁ। যদি আমি জীৱিত কালতে আমাৰ শৰীৰৰ মৰোণোত্তৰ অংগ দান কৰি যাওঁ তেন্তে আমাৰ মৃত্যুৰ পিছতো আমাৰ শৰীৰৰ কেইবাটাও অংগ জীয়াই থাকিব। লগতে জীৱন ৰক্ষা পৰিব কেইবাজনো লোকৰ। আমি সাধাৰণ ঠাইত মৃত্যুবৰণ কৰিলে আমাৰ মৃত্যুৰ ছয় ঘন্টালৈকে আমাৰ চকুযুৰি আনৰ দেহত সংস্থাপন কৰিব পৰাকৈ সক্ৰিয় হৈ থাকে। আনহাতে বাকী সমূহ যেনে বৃক্ক, হৃদয়, যকৃৎ আদি কেইবাটাও অংগ আনৰ শৰীৰত সংস্থাপন কৰিবলৈ হ’লে আমি বিশেষ অত্যাধুনিক চিকিৎসালয়ত মৃত্যু হ’ব লাগিব। তেতিয়া চিকিৎসকে আমাৰ মগজুৰ মৃত্যুৰ পিছত এই অংগসমূহ উলিয়াই নি আনৰ শৰীৰত সংস্থাপন কৰিব পাৰিব।

আনহাতে আমি আমাৰ অংগদানৰ লগতে আমাৰ সম্পূৰ্ণ শৰীৰটো মৰণোত্তৰভাবে দান দি গ’লে আমাৰ শৰীৰটো চিকিৎসা বিজ্ঞানৰ গৱেষণা আৰু অধ্যয়নৰ কামত আহিব। এই কাৰ্যই আধুনিক চিকিৎসা বিজ্ঞানক অধিক আগুৱাই নিয়াত সহায় কৰিব। ই হ’ব আমাৰ বিজ্ঞানমস্কতা আৰু মহানতাৰ পৰিচয়। ই হ’ব চিকিৎসা বিজ্ঞান আৰু মানৱ সমাজৰ প্ৰতি আমাৰ এক বৃহৎ উপহাৰ। 

মৃত্যুৰ পিছত আমি কেনেকৈ চিকিৎসা বিজ্ঞানলৈ শৰীৰ দান কৰিম?

আপোনাৰ শৰীৰটো চিকিৎসা বিজ্ঞানলৈ দান কৰিবলৈ হ’লে জীৱিত কালতে শৰীৰবিজ্ঞানৰ প্ৰতিষ্ঠান এটাক সন্মতি দিব লাগিব। তেওঁলোকে আপোনাৰ মৃত্যুৰ পিছত আপোনাৰ অংগ বা মৃতদেহ চিকিৎসা বিজ্ঞানলৈ দান কৰাটো কামনা কৰা বুলি হাতে লিখা ঘোষণাপত্ৰ বিচাৰিব। আপুনি ঘোষণাপত্ৰত স্বাক্ষৰ আৰু তাৰিখো দিব লাগিব, তাৰ পিছত প্ৰতিষ্ঠানটোত সেই কাগজ সংৰক্ষণ কৰা হ’ব।

দান দিয়াৰ পিছত শৰীৰটোৰ কি হ’ব?

আপোনাৰ মৃত্যুৰ পিছত আপোনাৰ মৃতদেহ চিকিৎসা মহাবিদ্যালয় বা চিকিৎসা গৱেষণাৰ প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰা হ’ব। মৃতদেহটো আত্মীয়ক অন্ত্যেষ্টিক্ৰিয়াৰ বাবে ঘূৰাই দিয়া নহ’ব। ইয়াক চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীক শিকোৱা আৰু গৱেষণাৰ বাবে ব্যৱহাৰ কৰা হ’ব।

ইলোৰা বিজ্ঞান মঞ্চৰ যোগেদি কেনেকৈ আপোনাৰ অংগ বা দেহ দান কৰিব?

অসমত বৈজ্ঞানিক দৃষ্টিভংগী বিয়পাই অন্ধ বিশ্বাসৰ বিৰুদ্ধে যুঁজিবলৈ আৰু স্বাস্থ্য সজাগতা, জলবায়ু পৰিৱৰ্তনৰ বাবে অভিযান আৰু আন্দোলন আৰম্ভ কৰিবলৈ প্ৰতিষ্ঠা কৰা এক অলাভজনক, বেচৰকাৰী সংস্থা। ২০০৪ চনৰ ১৫ মে’ তাৰিখে ইলোৰা বিজ্ঞান মঞ্চ প্ৰতিষ্ঠা কৰা হৈছিল। ৰক্তদান, নেত্ৰদান, অন্যান্য মানৱ অংগদান, ট্ৰান্সফিউজন, প্ৰতিষ্ঠাপন বা চিকিৎসা গৱেষণাৰ বাবে মৃত্যুৰ পিছত দেহদানক উৎসাহিত কৰা আৰু নিস্বাৰ্থ মানৱীয় সেৱাৰ জৰিয়তে মানুহৰ মাজত ভ্ৰাতৃত্ববোধৰ ভাৱ জগাই তোলা ইলোৰা বিজ্ঞান মঞ্চৰ মূল উদ্দেশ্য।

মৰণোত্তৰভাৱে নেত্ৰদান আৰু দেহদান কৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা ইলোৰা ৰায়চৌধুৰীৰ স্মৃতিত ইলোৰা বিজ্ঞান মঞ্চ প্ৰতিষ্ঠা কৰা হৈছিল। অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ বংশধৰ প্ৰয়াত হেমন্ত ৰায়চৌধুৰী আৰু মাতৃ বিনা ৰায়চৌধুৰীৰ জীয়ৰী ইলোৰা ৰায়চৌধুৰীয়ে ২০০৩ চনৰ ১৫ মে’ তাৰিখে দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে।

বিশিষ্ট ইতিহাসবিদ অমলেনণ্ডু গুহ, উপন্যাসিক তথা গল্পকাৰ পূৰৱী বৰমুদৈ, অভিনেত্ৰী মীৰা বিশ্বাস, প্ৰাক্তন বিধায়ক বিপিন হাজৰিকা, নিজামুদ্দিন খান, বিশিষ্ট সাহিত্যিক অনিমা গুহ,  বিশিষ্ট অসমীয়া সাহিত্যিক শুচিব্ৰতা ৰায়চৌধুৰী, সাহিত্যিক তোষপ্ৰভা কলিতা আদিয়ে গৱেষণাৰ বাবে মৰুণোত্তৰভাবে ইলোৰা বিজ্ঞান মঞ্চৰ দ্বাৰা নিজৰ দেহদান কৰিছে।

ইলোৰা বিজ্ঞান মঞ্চই অংগ আৰু শৰীৰ দাতালৈ সহায় আগবঢ়ায় আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় , অসম চিকিৎসা মহাবিদ্যালয়, এইমছ গুৱাহাটী, তেজপুৰ চিকিৎসা মহাবিদ্যালয়, ,ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়, যোৰহাট চিকিট্ত্সা মহাবিদ্যালয় আৰু অন্যান্য চিকিৎসা মহাবিদ্যালয়ৰ লগত সমন্বয়ক হিচাপে কাম কৰে। এই মহাবিদ্যালয়সমূহত বৈজ্ঞানিক গৱেষণাৰ বাবে দান কৰা শৰীৰ ইলোৰা বিজ্ঞান মঞ্চয়ে পঠিওৱাৰ ব্যৱস্থা কৰে।

ইলোৰা বিজ্ঞান মঞ্চৰ সহায়ত আপুনি আপোনাৰ অংগ বা সম্পূৰ্ণ দেহ দান কৰিবলৈ হ’লে ইলোৰা বিজ্ঞান মঞ্চৰ গুৱাহাটীৰ হেদায়েৎপুৰত থকা কাৰ্যালয়ৰ লগত যোগাযোগ কৰিব পাৰে। ইয়াৰ উপৰিও ইলোৰা বিজ্ঞান মঞ্চৰ ৱেবচাইট http://www.elloravigyan.in/ ত সন্ধান কৰিব পাৰে। লগতে ইলোৰা বিজ্ঞান মঞ্চৰ দুগৰাকী পৰিচালক ইছফাকুৰ ৰহমানৰ ৯৪৩৫০ ৪২১০২ আৰু কমলেশ গুপ্তাৰ ৯৪৩৫৫ ৫০২০৭ ফোন নম্বৰত যোগাযোগ কৰিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

October 7, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd