DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এজোপা ৫৮৬ বছৰীয়া বিৰল প্ৰজাতিৰ বটবৃক্ষ-নাম বাখৰ বেঙেনা; ক’ত আছে এইজোপা গছ?

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
October 15, 2020 3:23 pm
20201015_144630

ফটো: নৰ্থইষ্ট নাও

635
VIEWS
Share on FacebookShare on Twitter

এইখন অসমতে অৱস্থিত ৫৮৬ বছৰীয়া এজোপা বিস্ময়কৰ বটবৃক্ষ। আহোম ৰাজত্ব কালৰ বৰ্ণিল ইতিসাহৰ সাক্ষী এইজোপা বটবৃক্ষৰ নাম ‘বাখৰ বেঙেনা’।

শিৱসাগৰ জিলাৰ বকতা মৌজাৰ বাখৰ বেঙেনা অঞ্চলত অৱস্থিত এইজোপা গছ। পৃথিৱীৰ বিৰল প্ৰজাতিৰ গছৰ ভিতৰত বাখৰ বেঙেনাও অন্যতম বুলি জনা যায়।

প্ৰায় ৩০ ফুট উচ্চতা এইজোপা বাখৰ বেঙেনাৰ বৈজ্ঞানিক নাম ‘ৰেনডিয়া ইউলিনডিন’চা’।

আন এক বৈশিষ্ট আছে এইজোপা বিৰল প্ৰজাতিৰ গছৰ। এই জোপা গছৰ প্ৰজনন ক্ষমতা নাই। এই গছৰ গুটিৰ পৰা পুলি নগজে। স্থানীয় লোকে এই গছৰ বীজ ৰোপন কৰিছে যদিও আজিলৈকে পুলি ওলোৱা নাই সেই বীজৰ পৰা।

স্থানীয় লোকৰ মতে শিপাৰ পৰাহে পুলি গজে এই বাখৰ বেঙেনাৰ।

এই গছজোপা কোনে ৰুইছিল, কেনেদৰে এই অঞ্চল পালেহি ইয়াৰ কোনো তথ্য নাই যদিও স্থানীয় ৰাইজৰ মুখে মুখে ইয়াৰ কিছু ইতিহাস আছে।

বাখৰ বেঙেনাৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি লক্ষী কোঁৱৰে আমাক জনায় যে, এক অলৌকিক শক্তিৰ অধিকাৰী এইজোপা বাখৰ বেঙেনা। অতীজৰে পৰা এই গছজোপাৰ তলত মানুহে পূজা অৰ্চনা কৰি আহিছে।

আজিৰ পৰা ৬/৭ বছৰৰ আগতে জেঠ মাহত কোনো এক বিশেষ দিনৰ সন্ধিয়া এই বাখৰ বেঙেনা গছজোপাৰ তলত কিছু সময়ৰ বাবে সমগ্ৰ অঞ্চলটো চাকিৰ পোহৰেৰে আলোকিত হৈ পৰিছিল। সেই অলৌকিক ঘটনা তেওঁ নিজে দেখিছে বুলি আমাক জানিবলৈ দিয়ে।

20201015_144801
ফটো: নৰ্থইষ্ট নাও

বাখৰ বেঙেনাৰ বিষয়ে বিজ্ঞান সন্মত তথ্য জানিবলৈ ২০১৪ চনত ড০ দিপক নাথৰ প্ৰচেষ্টাত বীৰবল শ্বাহিন ইনষ্টিটিউত অৱ পেলিঅ’বেটানী লক্ষৌৰ গৱেষণাগাৰত গৱেষণা কৰা হয়। এই গৱেষণাতে বাখৰ বেঙেনাৰ সেই সময়ত ৫৮০ বছৰ বুলি নিশ্চিত কৰে। বৰ্তমান বাখৰ বেঙেনাৰ বয়স ৫৮৬ বছৰ।

এই বাখৰ বেঙেনা চাবলৈ বহু দৰ্শনাৰ্থী আহে যদিও বৰ্তমানলৈকে অঞ্চলটোক এক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিব পৰা নাই চৰকাৰ তথা স্থানীয় প্ৰশাসনে। অৱশ্যে এইজোপা বিৰল প্ৰজাতি গছৰ নামত ভাৰত চৰকাৰে ডাক টিকট প্ৰচলনৰ ব্যৱস্থা কৰিছে।

বাখৰ বেঙেনাক এতিয়া সংৰক্ষণৰ প্ৰয়োজন। চৰকাৰে আন আন পৰ্যটনস্থলীৰ দৰে বাখৰ বেঙেনাৰ ওপৰতো গুৰুত্ব দিয়ক। বিশ্ববাসীৰ ওচৰত চিনাকী কৰি দিয়ক এই বিৰল প্ৰজাতি বটবৃক্ষ জোপাক।

Recent News

Russia-Ukraine war

মাৰিঅ’পোলত কেৱল এসপ্তাহত আত্মসমৰ্পণ কৰিছে ১,৭৩০ জন ইউক্ৰেনীয়ান সৈন্যই! দাবী ৰাছিয়াৰ

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Krishna Janmabhoomi case

কৃষ্ণ জন্মভূমিত মছজিদ বিতৰ্ক: শ্বাহি ইদগাহ মছজিদ আঁতৰাবলৈ কৰা আবেদন দাখিলত অনুমতি আদালতৰ

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd