ৰাজধানী দিল্লীত প্ৰতিবাদৰ নতুনস্থলী হিচাপে নিৰ্ধাৰিত ৰামলীলা ময়দানত প্ৰতিবাদ সাব্যস্ত কৰাটো ব্যয়বহুল হৈ পৰিছে। এদিনৰ বাবে ময়দানখন বুকিং কৰিবলৈ প্ৰাৰম্ভিকভাৱে প্ৰয়োজন হ’ব প্ৰায় ১.২১ লাখ টকা। কেৱল সেয়াই নহয়, অহা ডেৰ-দুমাহৰ বাবে ময়দানখনৰ কোনো খালী তাৰিখ নাই।
প্ৰতিবেদন অনুসৰি, প্ৰায় ১২ একৰ মাটিকালি আগুৰি থকা ৰামলীলা ময়দানত একেলগে প্ৰায় ৫০ হাজাৰ লোকৰ সমাৱেশ ঘটাব পাৰি। কিন্তু এই ময়দান বুকিং কৰাৰ বাবে প্ৰতিদিনে ৫০ হাজাৰ টকা মাচুল দিব লাগিব। ইয়াৰ উপৰি ৫৫ হাজাৰ টকাৰ নিৰাপত্তা জমা ধন দিব লাগিব, যিটো পৰৱৰ্তী সময়ত ঘূৰাই দিয়া হ’ব। কৰসহ এদিনৰ বাবে প্ৰাৰম্ভিক ব্যয়ৰ পৰিমাণ প্ৰায় ১.২১ লাখ টকালৈ বৃদ্ধি পাব।
বিষয়াসকলে জনোৱা অনুসৰি, ২৯, ৩০ আৰু ৩১ ডিচেম্বৰ—এই তিনিটা দিনতহে চলিত বৰ্ষৰ শেষৰ ফালে ময়দানখন বুকিং কৰাৰ সুবিধা আছে। অৰ্থাৎ, অহা প্ৰায় আঢ়ৈ মাহৰ বাবে ময়দানখনত প্ৰতিবাদৰ আয়োজন কৰিবলৈ তাৰিখ পোৱাটো সহজ নহ’ব।
অৱশ্যে, প্ৰতিবাদ আৰু সমাৱেশৰ বাবে ময়দানখনৰ এটা সৰু অংশ বিনামূলীয়াকৈ ব্যৱহাৰ কৰাৰ সুবিধা আছে। কিন্তু সেই অংশত সৰ্বাধিক ১৫০জন লোকেহে সমৱেত হ’ব পাৰিব। ফলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী আয়োজন কৰিব বিচৰা সংগঠনসমূহৰ বাবে এই সুবিধা বিশেষ উপযোগী নহ’ব পাৰে।
উল্লেখ্য যে, ১১ অক্টোবৰত দিল্লী আৰক্ষীৰ আয়ুক্ত অনুৰাগ কুমাৰে জাৰি কৰা নিৰ্দেশ অনুসৰি, জন্তৰ-মন্তৰক প্ৰতিবাদৰ নিৰ্ধাৰিত স্থানৰ তালিকাৰ পৰা আঁতৰোৱা হৈছে। তাৰ পৰিৱৰ্তে ৰামলীলা ময়দান, উত্তৰ দিল্লীৰ বুৰাৰী ময়দান আৰু পূব দিল্লীৰ চিবিডি ময়দানক প্ৰতিবাদ আৰু বিক্ষোভৰ নতুন স্থান হিচাপে নিৰ্ধাৰণ কৰা হৈছে।
ৰামলীলা ময়দান বুকিং কৰাৰ বাবে দিল্লী পৌৰ নিগমৰ উদ্যান বিভাগত আবেদন কৰিব লাগিব। অৱশ্যে, বুকিঙৰ অনুমতি দিয়াৰ পূৰ্বে দিল্লী আৰক্ষীৰ অনাপত্তি প্ৰমাণ-পত্ৰ (NOC) বাধ্যতামূলক। পূৰ্বে জন্তৰ-মন্তৰত এইধৰণৰ বুকিং মাচুল দিবলগীয়া নহৈছিল। সেয়ে নতুন ব্যৱস্থাত প্ৰতিবাদ আয়োজনৰ ব্যয় আৰু তাৰিখ লাভৰ অসুবিধাক লৈ প্ৰশ্ন উত্থাপন হৈছে।





