ছাত্ৰ ৰাজনীতিৰ পৰা মুখ্যমন্ত্ৰীলৈ; বহু বিতৰ্কই আগুৰি থকা নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক পৰিক্ৰমা

Himanta1

অসমৰ নতুন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

অসমৰ পঞ্চদশ গৰাকী মুখ্যমন্ত্ৰী হিচাপে অহা সোমবাৰে শপত গ্ৰহণ কৰিব ডঃ  হিমন্ত বিশ্ব শৰ্মাই। বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব, আৰএছএছ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মতিৰ পিছতে অসমৰ নতুন মুখ্যমন্ত্ৰী হিচাপে আজি বিজেপিৰ বিধায়িনী দলে নিৰ্বাচিত কৰে ডঃ শৰ্মাক।

তেওঁ বিদায়ী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব।

জন্মঃ-

নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ জন্ম হৈছিল ১৯৬৯ চনৰ ১ ফেব্ৰুৱাৰিত যোৰহাটৰ জেইল ৰোডত। তেওঁৰ পিতৃৰ নাম হ’ল কৈলাশ নাথ শৰ্মা আৰু মাতৃ হ’ল মৃণালিনী দেৱী।

শিক্ষা জীৱনঃ-

পিতৃৰ চাকৰিৰ সূত্ৰে যোৰহাটৰ পৰা গুৱাহাটীলৈ বদলি হৈ অহাত গুৱাহাটী উলুবাৰীত শিক্ষা জীৱন আৰম্ভ কৰা হিমন্ত বিশ্ব শৰ্মাই ১৯৮৫ চনত কামৰূপ একাডেমীৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতে কটন কলেজত নামভৰ্তি কৰে।

তেওঁ কটন কলেজতে ছাত্ৰ ৰাজনীতিত সক্ৰিয় অংশগ্ৰহণ কৰি ১৯১-৯২ বৰ্ষৰ বাবে কটন কলেজ ছাত্ৰ একতা সভাৰ সাধাৰণস সম্পাদকৰূপে নিৰ্বাচিত হয়। কটন কলেজৰ ছাত্ৰ ৰাজনীতিত সক্ৰিয় হৈ থকাৰ সময়ত ছাত্ৰ ৰাজনীতিক প্ৰদূষিত কৰি বিতৰ্কৰ আৱৰ্তত হিমন্ত বিশ্ব শৰ্মাই সোমাই পৰিছিল।

কটন কলেজৰ পৰাই ১৯৯০ চনত ৰাজনীতি বিজ্ঞানৰ স্নাতক আৰু ১৯৯২ চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী আইন কলেজৰ পৰা আইনৰ স্নাতক ডিগ্ৰীও লাভ কৰে।

ইয়াৰ পিছতে ১৯৯৬ চনৰ পৰা ২০০১ চনলৈ ডঃ শৰ্মাই গুৱাহাটী উচ্চ ন্যায়ালয়ত অধিবক্তা হিচাপে কৰ্মৰত আছিল। আনহাতে অসম চৰকাৰৰ মন্ত্ৰী হৈ থকাৰ সময়তে হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পিএইচডি ডিগ্ৰীও লাভ কৰে।

বৈবাহিক জীৱনঃ-

২০০১ চনৰ ৭ জুনত হিমন্ত বিশ্ব শৰ্মাই ৰিণিকি ভূঞা শৰ্মাৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় আৰু তেওঁ নন্দীল বিশ্ব শৰ্মা আৰু সুকন্যা শৰ্মা নামৰ দুটি সন্তানৰ পিতৃ।

ৰাজনৈতিক জীৱনঃ-

ছাত্ৰ ৰাজনীতিত সক্ৰিয় হোৱাৰ পিছতে ডঃ হিমন্ত বিশ্ব শৰ্মাই তদানীন্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ আমোলত ১৯৯৬ চনত ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰি সক্ৰিয় ৰাজনৈতিক জীৱন আৰম্ভ কৰে।

ইয়াৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মা সদৌ অসম ছাত্ৰ সন্থাৰো সক্ৰিয় কৰ্মী আছিল আৰু আছুৰ ভিতৰুৱা খবৰ তদানীন্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াক যোগান ধৰাৰ অভিযোগত তেওঁক পৰৱৰ্তী সময়ত আছুৰ পৰা বহিস্কাৰ কৰা হৈছিল।

ইফালে সেই সময়ছোৱাতে সংযুক্ত মুক্তি বাহিনী, অসম(আলফা)ৰ সৈতেও হিমন্ত বিশ্ব শৰ্মাৰ সম্পৰ্ক আছিল বুলি চৰ্চা লাভ কৰিছিল আৰু নবৈ দশকৰ মাজভাগত পাণবজাৰ আৰক্ষীয়ে তেওঁক এই সংক্ৰান্তত আটকো কৰিছিল।

২০০১ চনত জালুকবাৰীৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰথমবাৰ অসম বিধানসভালৈ নিৰ্বাচিত হোৱাৰ পিছতে তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আমোলত ২০০২ চনত অসম চৰকাৰৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব লাভ কৰে হিমন্ত বিশ্ব শৰ্মাই।

ডঃ হিমন্ত বিশ্ব শৰ্মাই ২০০২ চনৰ পৰা ২০১৪ চনলৈ তৰুণ গগৈৰ আমোলত কৃষি, পৰিকল্পলা আৰু উন্নয়ন, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বিত্ত, শিক্ষা আৰু অসম চুক্তি ৰূপায়ণ আদি বিভাগৰ ৰাজ্যিক আৰু কেবিনেট মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰিছিল।

তৰুণ গগৈৰ আমোলত হিমন্ত বিশ্ব শৰ্মাই কেবাখনো নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ লগতে শিক্ষাৰ ক্ষেত্ৰতো নতুনত্ব আনিবলৈ প্ৰয়াস কৰিছিল। স্বাস্থ্য আৰু শিক্ষা খণ্ডৰ আন্তঃগাঁথনি পৰিৱৰ্তনৰ ক্ষেত্ৰততো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছু গুৰুত্ব দিয়া পৰিলক্ষিত হৈছিল।

তৰুণ গগৈৰ অতি বিশ্বস্ত হিচাপে পৰিচিত ডঃ হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী সময়ত কংগ্ৰেছ দলৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী আৰু নেতা হৈ পৰে আৰু ২০১৪ চনত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিৰুদ্ধে বিসম্বাদ আৰম্ভ কৰা বুলি সংবাদ মাধ্যমত চৰ্চা লাভ কৰে।

তৰুণ গগৈৰ আমোলত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেবাটাও কেলেংকাৰিত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছিল। লুই বাৰ্জাৰ কেলেংকাৰি, সাৰদা কেলেংকাৰি আৰু ডিমা হাছাও কেলেংকাৰিতো হিমন্ত বিশ্ব শৰ্মা জড়িত বুলি অভিযোগ উচ্চাৰিত হৈছিল। অসম লোক সেৱা আয়োগৰ কেলংকাৰিতো হিমন্ত বিশ্ব শৰ্মাই জড়িত থকা বুলি অভিযোগ উঠি আহিছে।

আনকি তেতিয়াৰ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে হিমন্ত বিশ্ব শৰ্মাক সাৰদা কেলেংকাৰিত জড়িত থকাৰ অভিযোগ তোলাই নহয়, কেন্দ্ৰত বিজেপিয়ে ক্ষমতা দখলৰ পিছতে তেতিয়াৰ কংগ্ৰেছী মন্ত্ৰী হিমন্ত বিশ্বৰ বিৰুদ্ধে সাৰদা কেলেংকাৰিৰ তদন্ত আৰম্ভ কৰা হ’ব বুলিও মুকলিকৈ ঘোষণা কৰিছিল।

কেলেংকাৰিৰ তদন্তৰ পৰা নিজকে ৰক্ষা কৰিবলৈ বিশ্ব শৰ্মাই বিজেপিত যোগদান কৰাৰ বুলিও অসমৰ ৰাজনীতিত চৰ্চা লাভ কৰি আহিছে।

ডঃ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দল ত্যাগ কৰি ২০১৫ চনত বিজেপি দলত যোগদান কৰে আৰু ২০১৬ চনৰ নিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থী হিচাপে জালুকবাৰীৰ পৰা পুনৰ নিৰ্বাচিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আমোলত পুনৰ স্বাস্থ্য, বিত্ত, শিক্ষা, অসম চুক্তি ৰূপায়ণ, নগৰ উন্নয়ন আৰু পিছলৈ গড় কাপ্তানী বিভাগৰ মন্ত্ৰীৰ দায়িত্ব লাভ কৰে।

২০২১ চনৰ বিধানসভাৰ নিৰ্বাচনত জালুকবাৰী সমষ্টিৰ পৰা ১ লাখৰো অধিক ভোটত বিজয়ী হৈ অহা ডঃ হিমন্ত বিশ্ব শৰ্মাই সৰ্বানন্দ সোণোৱালৰ পিছত অসমৰ পঞ্চদশগৰাকী মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰিছে।

স্মৰ্তব্য যে ২০০১ চনৰ পৰা ২০২১ চনলৈ ডঃ হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰী বিধানসভা সমসষ্টিৰ পৰা ক্ৰমাগতভাৱে নিৰ্বাচিত হৈ আহিছে।