লিডুত নাগৰিকত্ব সংশোধনী বিধেয়ক,২০১৬ৰ বিৰুদ্ধে জোঁ‌ৰ সমদল

যুৱ-ছাত্ৰ পৰিষদ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত প্ৰতিবাদী শোভাযাত্ৰা

IMG-20181202-WA0010

আজি  ২ ডিচেম্বৰ দেওবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত বিতৰ্কিত ‘নাগৰিকত্ব সংশোধনী বিধেয়ক,২০১৬’ৰ বিৰুদ্ধে মাৰ্ঘেৰিটাৰ লিডু কলেজ তিনিআলিৰ পৰা লিডু থানালৈ এক জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰা হয়। “যদি নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত হয় সমগ্ৰ অসমীয়া জাতিটো শেষ হৈ যাব। কোনো কাৰণতেই এই বিধেয়কখন গৃহীত হবলৈ দিয়া নহ’ব।” বুলি মন্তব্য কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক কাঞ্চন বৰাই।

আনহাতে, ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ১৬ মে’ত সকলো বাংলাদেশীয়ে টালি-টোপোলা বান্ধিব লাগিব বুলি দিয়া মিছা প্ৰতিশ্ৰুতিক সোঁ‌ৱৰাই  ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ (তিনিচুকীয়া জিলা সমিতি) সাধাৰণ সম্পাদক পাপু দত্তই কয়, “এই চৰকাৰখন যে এখন মিছলীয়া তথা দায়িত্ববোধ হীন চৰকাৰ তেওঁলোকৰ প্ৰতিটো কাৰ্য্যৱলী তথা সিদ্ধান্তই তাকেই প্ৰতিফলিত কৰে।”

আজিৰ এই জোঁ‌ৰ সমদল কাৰ্যসূচীত প্ৰায় এক শতাধিক প্ৰতিবাদকাৰীয়ে অংশ গ্ৰহণ কৰে। পঞ্চায়ত নিৰ্বিচনৰ প্ৰাকক্ষণত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এই প্ৰতিবাদী কাৰ্যসূচীয়ে বিশেষ প্ৰভাৱ বিস্তাৰ কৰিব বুলি ধাৰণা কৰা হৈছে।