হৃদয় বিদাৰক! ক্ৰিকেট খেলি থাকোতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰৰ

পুনৰ হঠাতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা ঘটনা। এইবাৰ ঘটনাটো আৰু অধিক মৰ্মান্তিক। উত্তৰ প্ৰদেশৰ কানপুৰৰ দশম শ্ৰেণীৰ এজন ছাত্ৰই বন্ধুবৰ্গৰ সৈতে ক্ৰিকেট খেলি থাকোতে মৃত্যুক সাৱটি লয়। খেলৰ মাজভাগত তেওঁ ৰাণ ল’বলৈ দৌৰিছিল আৰু মাটিত পৰি যায়। খেলপথাৰত উপস্থিত বন্ধুসকলে সংজ্ঞা হেৰুওৱা সতীৰ্থৰ জ্ঞান ঘূৰাই পাবলৈ চেষ্টা কৰে। কিন্তু তেওঁলোক বিফল হয়।

তেওঁক ততাতৈয়াকৈ এখন স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও শেষ পৰ্যন্ত তেওঁক বচাব পৰা নগ’ল। চিকিৎসকসকলে জনায় যে কিশোৰটিৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে।

লগতে পঢ়ক: মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ’ব কোন?

১৬ বছৰীয়া ল’ৰাজনৰ নাম অনুজ। তেওঁ বুধবাৰে কানপুৰৰ বিলহাউৰৰ বিচি গ্ৰাউণ্ডত তেওঁৰ বন্ধুবৰ্গৰ সৈতে ক্ৰিকেট খেলি আছিল। ঘটনাটোৰ সময়ত তেওঁ ২১ ৰাণত বেটিং কৰি আছিল। তেতিয়াই তেওঁ ৰাণ ল’বলৈ দৌৰতে মাটিত পৰি গৈছিল আৰু জ্ঞান হেৰুৱাইছিল।

তেওঁক ততাতৈয়াকৈ স্থানীয় চিএইচচি চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও অনুজৰ ওঁঠ তেতিয়ালৈকে নীলা হৈ গৈছিল, নাড়ীৰ স্পন্দনো বিচাৰি পোৱা যোৱা নাছিল। ডাঃ গণেশ আৰু ডাঃ অভিষেক সিঙে অনুজক পৰীক্ষা কৰি তেওঁক মৃত বুলি ঘোষণা কৰিছিল। পিছত,চিকিৎসালয়খনে জনাইছিল যে দশম শ্ৰেণীৰ ছাত্ৰ কিশোৰজন হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছে।

উল্লেখ্য যে আগদিনা উত্তৰ প্ৰদেশত আন এজন যুৱকৰ মৃত্যু হৈছিল। ৰাস্তাত খোজ কাঢ়ি থাকোঁতে তেওঁ দুবাৰ হাঁচি মাৰিছিল আৰু মাটিত পৰি গৈছিল। পৰিয়ালটোৱে কৈছিল যে ৰাতিপুৱা এবাৰ তেওঁৰ বুকুৰ বিষ হৈছিল।

লগতে পঢ়ক: গান্ধীৰ ৰাজ্যত বিপৰ্যস্ত কংগ্ৰেছ; কিয় গুজৰাটৰ নিৰ্বাচনী ইতিহাসৰ আটাইতকৈ বেয়া ফলাফল কংগ্ৰেছৰ?

ইয়াৰে এদিন আগতে ৰাজস্থানৰ এটা মন্দিৰত দেৱতাৰ মূৰ্তিক প্ৰতি প্ৰণাম কৰি থকাৰ সময়তে এজন লোকৰ মৃত্যু হয়। ইয়াৰ উপৰিও যোৱা কেইমাহমানত নৃত্য কৰি থাকোতেও একাধিক লোকৰ মৃত্যু হৈছে।

দেখা গৈছে যে হৃদৰোগত আক্ৰমণৰ ফলত হোৱা মৃত্যুৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। এইক্ষেত্ৰত তথাকথিত ‘স্বাস্থ্য সচেতন’সকলো বাদ পৰা নাই। ৰাজু শ্ৰীবাস্তৱৰ দৰে বহুতো চেলিব্ৰিটি জিম কৰোঁতে হৃদৰোগত আক্ৰান্ত হৈছে। তাৰ পিছত তেওঁলোকৰ মৃত্যু হ’ল।

লগতে পঢ়ক:সুৰাৰ নিচাত! অভিনেত্ৰীৰ ভৰি চেলেকিছে ৰাম গোপাল বাৰ্মাই; ইণ্টাৰনেটত ভাইৰেল ‘লজ্জাজনক’ ভিডিঅ’

প্ৰশ্ন উত্থাপিত হৈছে ‘ষ্ট্ৰোক’ বা ‘হাৰ্ট এটেক’ হঠাতে কিয় ‘মহামাৰী’ হৈ উঠিল? বিশেষজ্ঞসকলে ইয়াৰ বাবে অস্বাস্থ্যকৰ জীৱনশৈলীক দোষাৰোপ কৰিছে। একে সময়তে তেওঁলোকে কোভিডৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়টোকো অগ্ৰাহ্য কৰা নাই। তেওঁলোকৰ মতে বাহিৰৰ পৰা বুজি পোৱা নগ’লেও মহামাৰীটোৱে বহুক্ষেত্ৰত শৰীৰৰ একাধিক অঙ্গ নিঃশব্দে ক্ষতিগ্ৰস্ত কৰিছে।