গুৱাহাটীত দশম শ্ৰেণীৰ ছাত্ৰক অপহৰণ কৰি হত্যা; চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে মহানগৰী

হত্যাৰ বলি গুৱাহাটীৰ মহৰ্ষি বিদ্যা মন্দিৰৰ দশম শ্ৰেণীৰ ছাত্ৰ নীতেশ কুমাৰ তিৱাৰী। ফটো: সংগ্ৰহীত।

গুৱাহাটীৰ বেলতলাৰ নীতেশ কুমাৰ তিৱাৰী নামৰ এজন দশম শ্ৰেণীৰ ছাত্ৰক অপহৰণ কৰি নৃশংসভাৱে হত্যাৰ ঘটনাই মহানগৰীত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বাতৰি অনুসৰি, ছাত্ৰজনক মঙলবাৰে অপহৰণ কৰাৰ পিছত অপহৰণকাৰীয়ে পৰিয়ালক ৭ লাখ টকা মুক্তিপণ দাবী কৰিছিল। হত্যাৰ বলি হোৱা ছাত্ৰজনৰ ঘৰ বেলতলাৰ বনগাঁৱত।

গুৱাহাটীৰ বৰসজাইৰ মহৰ্ষি বিদ্যা মন্দিৰৰ ছাত্ৰ আছিল নীতেশ। নিজৰ বিদ্যালয়ৰ সন্মুখৰ পৰাই ছাত্ৰজনক অপহৰণ কৰা হৈছিল ছাত্ৰজনক। অপহৰণৰ পিছত পৰিয়ালে বশিষ্ঠ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল।

কিন্তু বুধবাৰে বিয়লিলৈ বোন্দাৰ আমছিঙত ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ হয় । ছাত্ৰজনক চোকা অস্ত্ৰৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰে। হত্যাৰ পিছত হত্যাকাৰীয়ে ছাত্ৰজনৰ মৃতদেহ জংঘলত পেলাই থৈ যায়।

অভিষেক বৰুৱা নামৰ এজন লোকে ছাত্ৰজনক অপহৰণ কৰিছিল বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত অভিষেক বৰুৱাক গ্ৰেপ্তাৰ কৰিছে।

শেহতীয়াকৈ মহৰ্ষি বিদ্যা মন্দিৰৰ ছাত্ৰ নীতেশ কুমাৰৰ অপহৰণ-হত্যাৰ ন ন তথ্য পোহৰলৈ আহিছে। জানিব পৰা মতে, ২০১৯ চনৰ পৰা নীতেশ আৰু অভিষেকৰ  পৰিচয় আছিল। নীতেশ আৰু অভিষেকে প্ৰায়ে বাহিৰলৈ ফুৰিবলৈ গৈছিল বুলিও জানিব পৰা গৈছে।

অভিষেকে দাবী কৰা মতে নীতেশে তেওঁৰ পৰা ২ লাখ ৭ হাজাৰ টকা লৈছিল। ধনৰ লেনদেনৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

অভিযুক্ত অভিষেকৰ ঘৰ নাৰেংগীৰ বোন্দাত। অভিষেকৰ নাৰেংগীৰ ফুটপাথত দোকান আছিল। অভিষেকে বুধবাৰে নিতেশক ঘৰৰ সন্মুখৰ পৰাই লৈ গৈছিল বুলি কোৱা হৈছে। সেইদৰে বিয়লিৰ ভাগত বোন্দাৰ আমচিং অভয়াৰণ্য ফৰেষ্ট কেম্পৰ সমীপত নীতেশৰ মৃতদেহ উদ্ধাৰ হয়।

আৰক্ষীয়ে ইতিমধ্যে অভিষেকক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে। আৰক্ষীৰ তদন্তত হয়তো এই লোমহৰ্ষক হত্যাকাণ্ডৰ আঁৰৰ প্ৰকৃত তথ্য পোহৰলৈ আহিব।

ইপিনে, নীতেশ কুমাৰৰ হত্যাকাণ্ডত হাৰ্দিক নামৰ আন এজন যুৱকৰ নাম সাঙোৰ খাই পৰিছে। হাৰ্দিক নীতেশ কুমাৰৰ চুবুৰীয়া। নীতেশৰ হত্যাত হাৰ্দিকো জড়িত থাকিব পাৰে বুলি পিতৃয়ে সন্দেহ প্ৰকাশ কৰিছে। হাৰ্দিকে নীতেশৰ জৰিয়তে অভিষেকৰ পৰা ধন লোৱাৰ অভিযোগ তুলিছে নীতেশৰ পিতৃয়ে। হাৰ্দিকৰ সৈতে নীতেশৰ ৯০ হাজাৰ টকাৰ লেনদেন হৈছিল। কিন্তু নীতেশৰ পিতৃয়ে অভিষেকক চিনি নাপাই বুলি সদৰী কৰে।

আনহাতে, নীতেশে অধ্যয়নৰত বিদ্যালয়ৰ অধ্যক্ষই এই ঘটনা সন্দৰ্ভত জনায়, ‘‘নীতেশে বিদ্যালয়লৈ সময় মতে অহা যোৱা কৰিছিল। NCCৰ শিক্ষা গ্ৰহণ কৰি আছিল। বিদ্যালয়ত কোনো বিশৃংখল আচৰণ নাছিল নীতেশৰ। পঢ়া–শুনাও সকলো ঠিকেই আছিল।’’

ইপিনে, অভিযুক্ত অভিষেকৰ মাতৃয়ে কয়, ‘‘মোৰ সন্তানে যদি ভুল কৰিছে শাস্তি দিয়ক। মোৰ ল’ৰাই কেতিয়াও অকলে এই কাম কৰিব নোৱাৰে।’’

আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। তাৰমাজতে মহানগৰীত  সংঘটিত হোৱা এনেধৰণৰ অপৰাধৰ ঘটনাই মহাগৰবাসীক উদ্বিগ্ন কৰি তুলিছে।