পুনেৰ হাভেলী তালুকৰ এখন গাঁৱত এক অতি নিষ্ঠুৰ আৰু ভয়ংকৰ ঘটনা সংঘটিত হৈছে। কেৱল পুত্ৰ সন্তান জন্ম দিব নোৱাৰাৰ বাবেই এজন স্বামীয়ে নিজৰ পত্নীৰ যৌনাংগত এচিড ঢালি দিয়াৰ দৰে এক অমানৱীয় কাণ্ড ঘটিছে। জানিব পৰা মতে, এই দম্পতীহালৰ ইতিমধ্যে দুগৰাকী কন্যা সন্তান আছে। ল’ৰা সন্তান নোহোৱাৰ বাবেই স্বামীয়ে সঘনাই পত্নীক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল। কিন্তু যোৱা ২০ এপ্ৰিল তাৰিখে এই নিৰ্যাতনে এক চৰম সীমা অতিক্ৰম কৰে।
ঘটনাৰ দিনা ৩০ বছৰীয়া স্বামীয়ে পত্নীৰ লগত তীব্ৰ কাজিয়াত লিপ্ত হয়। তেওঁ পত্নীক কিয় ল’ৰা সন্তান জন্ম দিব পৰা নাই বুলি প্ৰশ্ন কৰাৰ লগতে পত্নীৰ চৰিত্ৰৰ ওপৰতো সন্দেহ কৰি আন পুৰুষৰ লগত সম্পৰ্ক থকাৰ মিছা অভিযোগ উত্থাপন কৰে। ইয়াৰ পিছতেই তেওঁ পত্নীক ভাবুকি প্ৰদান কৰে আৰু লগে লগে শৌচাগাৰ পৰিষ্কাৰ কৰা এচিড আনি পত্নীৰ গোপন অংগত ঢালি দিয়ে।
এই আক্ৰমণৰ ফলত মহিলাগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। কিন্তু ইমানৰ পিছতো পাষাণ স্বামীৰ মন অলপো গলা নাছিল। পত্নীয়ে যন্ত্ৰণাত কাতৰ অনুৰোধ কৰাৰ পিছতো তেওঁ মহিলাগৰাকীক চিকিৎসালয়লৈ লৈ যোৱাৰ সলনি একেৰাহে ১৫ দিন ধৰি ঘৰৰ ভিতৰতে আৱদ্ধ কৰি ৰাখে। অৱশেষত যোৱা ৯ মে’ তাৰিখে মহিলাগৰাকীয়ে নিজৰ কন্যা সন্তানৰ সহযোগত সুযোগ বুজি ঘৰৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়।
ঘৰৰ পৰা ওলাই মহিলাগৰাকী পোনে পোনে চোলাপুৰত থকা নিজৰ মাক-দেউতাকৰ ঘৰলৈ যায় আৰু তাৰ পিছত আৰক্ষীক সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত কৰে। বৰ্তমান ভুক্তভোগী মহিলাগৰাকী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আৰু তেওঁৰ স্বাস্থ্যৰ পৰীক্ষাও কৰা হৈছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, অভিযুক্ত স্বামীয়ে পুনেৰ এটা ফেব্ৰিকেশন কাৰখানাত ৱেল্ডাৰ হিচাপে কাম কৰে। মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত পুনে গ্ৰাম্য আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ ১১৫ আৰু ১২৪ নং ধাৰাৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। বৰ্তমান পলাতক অৱস্থাত থকা অভিযুক্ত স্বামীক আৰক্ষীয়ে বিচাৰি আছে।





