DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ফোন নম্বৰ সংগ্ৰহ কৰি প্ৰথমে বন্ধুত্ব, তাৰপিছত ধৰ্ষণ, বহু মহিলাৰ জীৱন ধ্বংস কৰা ডেলিভাৰী বয়ক গ্ৰেপ্তাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 22, 2021 10:03 am
rape-1587902098
432
VIEWS
Share on FacebookShare on Twitter

অনলাইন যোগে অৰ্ডাৰ দিয়া সামগ্ৰী যোগান ধৰাৰ পিছত ফিডবেকৰ নামত বহু মহিলাৰ ফোন নম্বৰ সংগ্ৰহ কৰিছিল এজন ডেলিভাৰী বয়ে।

এটা আগশাৰীৰ ই-কমাৰ্চ কোম্পানীৰ ডেলিভাৰী বয় বিশাল বৰ্মা নামৰ যুৱক জনে সামগ্ৰী যোগান ধৰিবলৈ নিতৌ বহু লোকৰ ঘৰলৈ গৈছিল। য’তেই যুৱক জনে ধুনীয়া যুৱতী অথবা মহিলা দেখিছিল তাতেই তেওঁ ফিডবেক দিয়াৰ নামত মহিলা-যুৱতীৰ পৰা ফোন নম্বৰ সংগ্ৰহ কৰি লৈছিল।

ইয়াৰ পিছতে তেনে মহিলা-যুৱতীলৈ ফোন কৰিবলৈ আৰম্ভ কৰিছিল যুৱক জনে।

যিসকল মহিলা-যুৱতীয়ে বিশালৰ ফোনৰ প্ৰতি সঁহাৰি দিছিল তেওঁলোকক চিকাৰ হিচাবে বাচি লৈছিল যুৱক জনে।

প্ৰথমে ফোনত বন্ধুত্বৰ প্ৰস্তাৱ দি বিশালে তেনে মহিলা-যুতীৰ সৈতে সম্পৰ্ক ক্ৰমাৎ আগবঢ়াই নিছিল। সম্পৰ্ক গাঢ় হৈ পৰাৰ পিছত বহু মহিলা-যুৱতীৰে বিশালে ভিডিঅ’ কলিং আৰম্ভ কৰিছিল।

ভিডিঅ’ কলিঙৰ সময়ত বিশালে মহিলা-যুৱতীসকলৰ আপত্তিজনক ছবি কৌশলেৰে সংগ্ৰহ কৰি থৈছিল। পিছত তেনে মহিলা-যুৱতীক নিজৰ ঘৰলৈ মাতি বিশালে তেওঁলোকৰ আপত্তিজনক ছবি দেখুৱাই ব্লেকমেইল কৰিছিল আৰু বলাৎকাৰ কৰিছিল।

পশ্চিমবংগৰ হুগলীৰ চুচুড়াৰ ত্ৰিকোণ পাৰ্ক নিবাসী বিশাল বৰ্মা নামৰ ডেলিভাৰী বয় জনে এনেদৰে কিমান মহিলা-যুৱতীক ধৰ্ষণ কৰিছে তাৰ সঠিক হিচাব এতিয়াও উলিয়াব পৰা হোৱা নাই।

শেহতীয়াকৈ বিশালৰ জালত ভৰি দিয়া এগৰাকী মহিলাই বিশালৰ বিৰুদ্ধে চুচুড়া থানাত অভিযোগ দাখিল কৰাৰ পিছতে আৰক্ষীয়ে ডেলিভাৰী বয় বিশালক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে বিশালে ব্লেকমেইল কৰি ৮ গৰাকী মহিলাক বলাৎকাৰ কৰাৰ তথ্য এতিয়ালৈকে জানিব পৰা গৈছে।

আদালতে বিশালক ৫ দিনৰ আৰক্ষীৰ জিম্মাত ৰখাৰ নিৰ্দেশ দিছে। আৰক্ষীৰ জেৰাত ওলাই পৰিব বিশালৰ আৰু বহু কলংকিত কাহিনীৰ কথা।

Recent News

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Amarinder Singh

শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Assam career MHRB

Assam Career : এমএইচআৰবিত বৈজ্ঞানিক বিষয়া আৰু বিশ্লেষকৰ খালী পদৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd