NORTHEAST NOW (Assamese)

বৰপেটাৰ মন্দিয়াত দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত নিহত দ্বাদশ শ্ৰেণীৰ ছাত্ৰী

May 30, 2019 4:55 pm · পুলেন্দ্ৰ দাস

বৰপেটা জিলাৰ বাঘবৰ থানাৰ অন্তৰ্গত মন্দিয়া‌ত আজি সংঘটিত এক শোকাৱহ দুৰ্ঘটনাত এগৰাকী ছাত্ৰীৰ মৃত্যু হয়। নিহত ছাত্ৰীগৰাকীক মৌৰাগাঁৱৰ শুকুৰ আলী আৰু ছাহেৰা খাতুনৰ একমাত্ৰ কন্যা তথা শিক্ষানুষ্ঠানখনৰ মেধাৱী ছাত্ৰী খাদিজা খাতুন বুলি চিনাক্ত কৰা হৈছে।

ঘটনা বিৱৰণি মতে নিহত ছাত্ৰীগৰাকী তথা খাদিজা খাতুন(১৭)এ পুৱাৰ ভাগত চাইকেলেৰে শিক্ষা‌নুষ্ঠানলৈ গৈ থকা অৱস্থাত এএছ ২৬এ ৬৫০০ নম্বৰ‌ৰ এখন দ্ৰুতবেগী ট্ৰাকে প্ৰচণ্ড জোৰত খুন্দি‌য়াই। ফলত দ্বাদশ শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে ঘটনাস্থলীতে মৃত্যুক আঁকোৱালি লয়।

আনহাতে শিক্ষানুষ্ঠানখনৰ মেধাৱী ছাত্ৰী খাদিজা খাতুনক এনেদৰে দ্ৰুতবেগী ট্ৰাকে মহিতায়াই নিয়াত শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰায় এঘণ্টাতকৈ অধিক সময় প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে।

পিছত ঘটনাস্থলীত বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক ড° ৰবীন কুমাৰ, উপ আৰক্ষী অধীক্ষক সমীৰণ বৈশ্য, বৰপেটা সদৰ থানাৰ আৰক্ষী বিষয়া, মন্দিয়া আৰক্ষী চকীৰ আৰক্ষী বিষয়াসকল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷

ইফালে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ চালকজনক ৰাইজে কৰায়ত্ত কৰি আৰক্ষী‌ক গতাই দিয়ে। গ্লোবেল একাডেমীৰ কৰ্তৃপক্ষ‌ই ছাত্ৰীগৰাকীৰ মৃত্যুৰ ক্ষতিপূৰণ হিচাপে পৰিয়ালৰ লোকক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ লগতে মন্দিয়া‌ৰ পথ বহল কৰা, জধে মধে পাৰ্কিং বন্ধ কৰা আদি দাবী সম্বলিত স্মাৰকপত্ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পংকজ কুমাৰ কাকতিৰ জৰিয়তে জিলা উপায়ুক্ত‌লৈ প্ৰেৰণ কৰে।

Related News