NORTHEAST NOW (Assamese)
অসম

যোৰহাট আই টি আইত বৃহৎ কেলেংকাৰি : ৫০ জন ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি বাতিল

Posted by: এন ই নাও নিউজ September 17, 2018 10:05 am

শেহতীয়াকৈ যোৰহাট ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত (আই টি আই)ত ৫০ টাৰো অধিক ছীট অবণ্টন দিয়াত সংঘটিত হোৱা এক বৃহৎ কেলেংকাৰি সংঘটিত হোৱাৰ এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে।

উল্লেখযোগ্য যে যোৰহাট আজি দীৰ্ঘদিন ধৰি আই টি আইৰ এক বিশেষ চক্ৰ, যোৰহাট বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ এজন কৰ্মচাৰী আৰু তিতাবৰৰ এজন শিক্ষকে মিলি এই ভয়ংকৰ কেলেংকাৰি সংঘটিত কৰি আহিছিল।

জানিব পৰা মতে তিতাবৰ দিহিঙীয়া হাইস্কুলৰ নামৰ এখন স্কুলৰ পৰা শতাধিক অষ্টম শ্ৰেণী পাছ কৰা চাৰ্টিফিকেট বিগত এটা মাহত বিদ্যালয় পৰিদৰ্শকৰ স্বাক্ষৰ ল’বলৈ অনা হয়।

কিন্তু মন কৰিব লগীয়া যে  ইয়াৰ প্ৰতিজন ছাত্ৰই অষ্টম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত ৯৮ ৰ পৰা ৯৯ শতাংশ নম্বৰ লাভ কৰিছে। ফলত বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ৰ একাংশ বিষয়া-কৰ্মচাৰীৰ সন্দেহ হয়।

আৰু বিষয়টো সন্দৰ্ভত বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ৰ ফালৰ পৰা উপায়ুক্তক অৱগত কৰা হয়।

আৰু পিছত ঘটনা সন্দৰ্ভত এক তদন্ত চলোৱাত বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ৰ এজন কৰ্মচাৰী আৰু আই টি আইৰ এক চক্ৰই তিতাবৰৰ এই নিৰ্দিষ্ট বিদ্যালয়খন মেনেজ কৰি ১৫-২৫ হাজাৰ টকাৰ বিনিময়ত উক্ত চাৰ্টিফিকেটবোৰ বিক্ৰী কৰি আই টি আইৰ বিভিন্ন শাখাত ছীট দি আহিছে বুলি পোহৰলৈ আহে।

আনহাতে এই ঘটনা পোহৰলৈ অহাৰ লগে লগে বিদ্যালয় পৰিদৰ্শকে আই টি আইত নাম ভৰ্তি কৰা ৫০ জনৰো অধিক  ছাত্ৰ-ছাত্ৰীৰ ভুৱা চাৰ্টিফিকেট বাতিল কৰে।

মুঠতে যোৰহাট আই টি আইত এক বৃহৎ দালাল চক্ৰই ছীট দিয়াৰ নামত এক ৰমৰমীয়া বেহা চলাই আহিছে। এই ক্ষেত্ৰত এক উচ্চ পৰ্যায়ৰ তদন্ত হ’লে আৰু বহুতো বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে বুলি স্থানীয় ৰাইজে প্ৰকাশ কৰে।