NORTHEAST NOW (Assamese)

নগাঁও জিলা সাহিত্য সভাত কবি মেল : ৮০ গৰাকী কবিয়ে জীপাল কৰিলে সাহিত্য সভা ভৱন

December 20, 2020 7:48 pm · মুৰুলী বৰুৱা

নগাঁও জিলা সাহিত্য সভাৰ কবি সন্মিলন উপ-সমিতিৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে জিলা সাহিত্য সভাৰ মুখ্য কাৰ্যালয় কমলাদেৱী তোদী ভৱনত এখন কবি মেল অনুষ্ঠিত হয়।

নগাঁও জিলা সাহিত্য সভাৰ সভাপতি, বিশিষ্ট কবি-সাহিত্যিক পৰাণ কুমাৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত কবি সন্মিলনখন উদ্বোধন কৰে বিশিষ্ট সাহিত্যিক তথা নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰতিমোহন নাথে।

নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড° মঞ্জু লস্কৰে সঞ্চালনা কৰা কবি মেলখনত আমন্ত্ৰিত কবিসকলৰ উপৰি জিলাখনৰ অন্তৰ্গত শাখা সাহিত্য সভাৰ কবি প্ৰতিনিধিয়ে কবিতা পাঠ কৰে।

আজিৰ কবি মেল অনুষ্ঠানত ডাঃ প্ৰয়াগ শইকীয়া, দুলাল চন্দ্ৰ দাস, ড° বসন্ত কুমাৰ গোস্বামী, মৃণাল কুমাৰ বৰা, বিজন পাটৰ, তেজেন হাজৰিকা, কবিন ভাগৱতী, প্ৰদীপ শইকীয়া, মিণ্টু দাস, দীপ্তি বৰা, স্বপ্না কলিতা, দ্বিজেন্দ্ৰ মোহন শইকীয়া, কৃষ্ণ দৈমাৰী, কবীন পাটৰ, তপন কুমাৰ নগঞা, দুৰ্গেশ্বৰ বৰকটকী, পৱন শৰ্মা, ৰিজু কটকী, নৱ ৰাজন, মেধি ধন, হিমাদ্ৰী হাজৰিকাকে প্ৰমুখ্য কৰি প্ৰায় ৮০ গৰাকী কবিয়ে কবিতা পাঠ কৰি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ৰেৱত কুমাৰ হাজৰিকাই আঁ‌ত অনুষ্ঠানটোত নগাঁও আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক মৃণাল কুমাৰ হাজৰিকা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ভৱেশ মেধি, স্বপ্না কলিতা, জিলা কবি সন্মিলনৰ আহ্বায়ক বিচিত্ৰ নাৰায়ণ বৰা, কাৰ্যকৰী সভাপতি প্ৰদীপ শইকীয়া, নগাঁও জিলা প্ৰেছ ক্লাৱৰ সভাপতি কনক হাজৰিকা, বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতিসহ কবি মেলখনত দুই শতাধিক লোক উপস্থিত থাকে।

Related News