• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘মোৰ সপোন-মোৰ দিঠক’ : সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াৰ সঞ্চালনাত যুৱ-সংসদৰ মনোজ্ঞ অনুষ্ঠান সম্পন্ন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 20, 2020 8:21 pm

2 min read

20-12-2020 Photo
3.1k
VIEWS
Share on FacebookShare on Twitter

অসম সাহিত্য সভাৰ যুৱ-সংসদ উপ-সমিতিৰ উদ্যোগত আজি গুৱাহাটীৰ সাহিত্য সভাৰ ভগৱতী প্রসাদ বৰুৱা ভৱনত ‘মোৰ সপোন, মোৰ দিঠক’ শীৰ্ষক এটি ‘আড্ডা অনুষ্ঠান’ অনুষ্ঠিত হয়।

আজি বিয়লি ৪ বজাৰ পৰা অনুষ্ঠিত উক্ত অনুষ্ঠানত মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু অন্যান্যসকলৰ লগত ‘মোৰ সপোন, মোৰ দিঠক’ বিষয়ৰ ওপৰত মত বিনিময় কৰে সভাৰ শাপতি ডঃ কুলধৰ শইকীয়া, বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পূজাৰী আৰু মঞ্জু দেৱী পেগুয়ে।

অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ সভাপতি ডঃ কুলধৰ শইকীয়াই কয়-“প্রত্যেক মানুহৰে সপোন থাকে। এই সপোনবোৰ সফলতাৰে দিঠকত পৰিণত কৰিবলৈ সকলোৱেই অহোপুৰুষাৰ্থ কৰে। ঠিক সেইদৰেই অসম সাহিত্য সভাইয়ো বৰ্তমান অসমৰ জনজীৱনক লৈ দেখা সপোনবোৰ আমি বাস্তৱায়িত কৰিব লাগিব। ইয়াৰ বাবে আমাক সকলোৰে সহযোগিতা লাগিব।”

ইফালে অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পূজাৰী আৰু মঞ্জু দেৱী পেণ্ডয়ে তেওঁলোকৰ সপোনবোৰ বাস্তাৱায়িত কৰাত কেনেদৰে অহোপুৰুষাৰ্থ কৰিছিল সেই সন্দৰ্ভত বিস্তৃত ব্যাখ্যা দাঙি ধৰে।

অসম সাহিত্য সভাৰ ‘সভাপতি ডঃ কুলধৰ শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানত সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱী, বিশিষ্ট গল্পকাৰ ডাঃ অপূৰ্ব কুমাৰ শইকীয়া, বিশিষ্ট লেখিকা লীনা শৰ্মা, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া-লেখক থানেশ্বৰ মালাকাৰ, লেখক গোপাল জালান, অধ্যাপক ড‘ অম্বেশ্বৰ গগৈ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে।

যুৱ সংসদ উপ-সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল বৰ্মণে আঁত ধৰা অনুষ্ঠানত কটন বিশ্ববিদ্যালয়কে ধৰি গুৱাহাটীৰ কেবাখনো মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ বহুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে সভাৰ সভাপতি ডঃ কুলধৰ শইকীয়া, অনুৰাধা শৰ্মা পূজাৰী আৰু মঞ্জু দেৱী পেগুৰ সৈতে ভিন্ন বিষয়ত মত বিনিময় কৰে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd