মহানগৰীৰ উলুবাৰী সেতুত চিনেমা কায়দাৰে দুৰ্বৃত্তৰ ডকাইতি কাণ্ড

Robbery.-Photo-credit-Khas-Khabar-750x375

প্ৰতিনিধিত্বমূলক ফটো

মহানগৰীত পুনৰ সংঘটিত হয় এক ডকাইতিৰ ঘটনা। মহানগৰীৰ উলুবাৰী উৰণীয়া সেতুত আজি দিপাংকৰ দত্ত নামৰ এজন লোকক চাৰিজনীয়া অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলে তথা ডকাইতৰ দলে প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰাৰ লগতে তেওঁৰ পৰা নগদ ৮ হাজাৰ টকা লুট কৰি নিয়ে।

দত্তই জানিবলৈ দিয়া মতে ঘটনা সংঘটিত হোৱাৰ সময়ত তেওঁ গুৱাহাটী ৰে’লৱে ষ্টেশ্যনৰ পৰা এখন অট’ৰিক্সাত আহি আছিল। দুৰ্বৃত্তৰ দনটোৱে তেওঁক পিছা কৰি আহি উলুবাৰী উৰণীয়া সেতুৰ ওচৰত ৰ’বলৈ নিৰ্দেশ দিয়ে। কিন্তু তেওঁ ৰ’বলৈ অস্বীকাৰ কৰাত দুৰ্বৃত্তৰ দলটোৱে পিস্তল দেখুৱাই ভাবুকি প্ৰদান কৰে।

পিছত তেওঁক দুৰ্বৃত্তৰ দলটোৱে লোৰ ৰ’ডেৰে প্ৰহাৰ কৰাৰ লগতে দত্তৰ মূৰত ৰডেৰে প্ৰহাৰ কৰাত তেওঁ অচেতন হৈ পৰে আৰু দুৰ্বৃত্তৰ দলটোৱে তেওঁৰ পৰা ৮ হাজাৰ নগদ ধনৰ লগতে অন্যান্য সামগ্ৰীও লুট কৰে।

ইফালে ঘটনাস্থলীত আৰক্ষীৰ তহলদাৰী দল উপস্থিত হোৱাৰ উমান পাই দুৰ্বৃত্তৰ দলটো তাৰ পৰা পলায়ন কৰে। পল্টলবজাৰ আৰক্ষীয়ে জনোৱা অনুসৰি ঘটনাত দুৰ্বৃত্তৰ দলে ব্যৱহাৰ কৰা এখন স্কুটী জব্দ কৰে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ আধাৰত ৩৯২ ধাৰাত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।