মাগুৰী-মতাপুং বিলত খাৰুৱা তেলৰ প্ৰদূষণ বন্ধৰ দাবীত জিলা উপায়ুক্তলৈ স্মাৰকপত্ৰ

FB_IMG_1537414565598

তিনিচুকীয়া জিলা উপায়ুক্তক আজি অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ বাঘজান-মধূবন সংযোগী পাইপলাইনৰ পৰা খাৰুৱাতেল নিৰ্গত হোৱাৰ ফলত মাগুৰী-মতাপুং বিল আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত হোৱা প্ৰদূষণ সন্দৰ্ভত স্মাৰকপত্ৰ প্ৰদান কৰে পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সংস্থাই(WECO)।

অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ বাঘজান তৈলখাদৰ পৰা মধুবনলৈ যোৱা তৈল পৰিবাহী পাইপলাইনৰপৰা ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত চোট হাপজান চাহবাগিছাৰ ১৯ নং ছেকছনত  যোৱা ইং ১৪ ছেপ্টেম্বৰ তাৰিখে খাৰুৱা তেল নিৰ্গত হৈ মাগুৰী, মতাপুং বিল আৰু ইয়াৰ আশ-পাশৰ অঞ্চলত সিচৰিত হৈ পৰে।

খাৰুৱা তেলৰ পৰা চোট হাপজান, লংচোৱাল, হাতীজান, পুৰণি মতাপুং, গৰিয়াটিং, হাতীবাট বাঘজান আৰু নতুন ৰঙাগৰা আদি অঞ্চলৰ স্থানীয় ৰাইজৰ খেতি পথাৰৰ লগতে পোহনীয়া জীৱ জন্তুৰো যথেষ্ট অনিষ্ট হৈছে। উল্লেখযোগ্য যে উক্ত খাৰুৱা তেলৰ পৰা আন্তৰাষ্ট্ৰীয় খ্যাত পক্ষীবিল (IBA – Important Bird Area) মাগুৰী – মতাপুং বিলৰ জৈৱ বৈচিত্ৰ্য তথা পৰিৱেশ তন্ত্ৰৰ ব্যাপক ক্ষতিসাধন কৰিছে।খাৰুৱা তেলৰ পৰা  বিলখনৰ মাছ-কাছকে আদি কৰি চৰাই-চিৰিকটিৰ লগতে পোহনীয়া আৰু বনৰীয়া জীৱ- জন্তুৰ বিস্তৰ ক্ষতিসাধন কৰিছে। সেয়েহে উক্ত বিষয়টোৰ ওপৰত অতি সোনকালে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই আজি পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সংস্থাই তিনিচুকীয়া জিলা উপায়ুক্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰে।

উল্লেখিত স্মাৰকপত্ৰত সংস্থাই দাবী জনায় যে মাগুৰী-মতাপুং বিলৰ পানী অতি ক্ষিপ্ৰতাৰে সংশোধন কৰাৰ ব্যৱস্থা কৰক। স্থানীয় ক্ষতিগ্ৰস্ত কৃষক আৰু মাছমৰীয়া লোকসকলক উচিত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰক আৰু বাঘজান- মধুবন সংযোগী পাইপ লাইনৰ স্থায়ী সুৰক্ষাৰ অৰ্থে নদীসংযোগী অঞ্চলত যথেষ্ট গভীৰতাত পুনৰ পাইপ বহুওৱাৰ ব্যৱস্থা কৰক অন্যথা পৰিবেশ সুৰক্ষা তথা গ্ৰামাঞ্চলৰ জনসাধাৰণৰ ক্ষতিপূৰণ দাবীত জনসাধাৰণৰ সহযোগত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সংস্থা(WECO)ৰ সম্পাদক মানৱ চুতীয়াই স্মাৰকপত্ৰখনত স্পষ্টভাৱে উল্লেখ কৰিছে।

এইক্ষেত্ৰত জিলা প্ৰশাসন তথা অইল ইণ্ডিয়াই কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া অতি লক্ষণীয় হ’ব।