NORTHEAST NOW (Assamese)

দৰঙৰ দুনীত বিদেশী সুৰাৰ অবৈধ ব্যৱসায়ী চক্ৰ উৎখাত : ৩জন গ্ৰেপ্তাৰ

September 11, 2018 6:06 pm · ময়ুখ গোস্বামী

শেহতীয়াভাৱে দৰঙৰ পাণ দোকান, ষ্টেশ্যনেৰী দোকান, গেলালামৰ দোকান—সৰ্বত্ৰ দেশীয়ভীৱে প্ৰস্তুত বিদেশী সুৰাৰ অবৈধ ব্যৱসায় বৃদ্ধি হোৱাতো পৰিলক্ষিত হৈছে। দলঙত শেহতীয়াভাৱে অবৈধ সুৰাৰ অবৈধ চক্রটোৰ কাৰ্যকলাপ বাঢ়ি অহাটো পৰিলক্ষিত হৈছে।

শেহতীয়াভাৱে দৰঙৰ দুনীত মঙলদৈ আৰক্ষীৰ এটা অভিযানকাৰী দলে অভিযান চলাই ভাৰতত প্ৰস্তুত দেশীয় সুৰা লৈ যোৱা অৱস্থাত ৩জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

অবৈধ সুৰাৰে সৈতে ধৰা পৰা লোককেইজন হৈছে উত্তৰ লখিমপুৰৰ পানীগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বছাগাঁৱৰ ৰাণা দাস (৩৫), বুঢ়া আৰক্ষী চকীৰ অন্তৰ্গত দুনীৰ এজন পাণ দোকানী যোগেন বৰুৱা (৪৫) আৰু মঙলদৈ আৰক্ষী থানাৰ অন্তৰ্গত গেৰিমৰীৰ মইনুল ইছলাম (৩০)।

দৰঙৰ আৰক্ষী অধীক্ষক শ্ৰীজিৎ টিয়ে জনাইছে যে বুঢ়া আৰক্ষী চকীৰ উপ পৰিদৰ্শক বিমল চন্দ্ৰ ৰয়ৰ নেতৃত্বত এটা আৰক্ষীৰ দলে অবৈধ সুৰাখিনিৰে সৈতে অবৈধ সুৰা ব্যৱসায় চক্ৰটোৰ সৈতে জড়িত লোক ৩জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। অভিযান কালত আৰক্ষীৰ দলটোৱে ১৫০ বটল সুৰাও জব্দ কৰিবলৈ সক্ষম হয়। বটলকেইটাত ৩৭৫ মি:লি: আৰু ১৮০মি:লি: সুৰা আছিল।

উল্লেখ্য যে সুৰাখিনি পৰিবহণ কৰা AS 13 E 8940 নম্বৰৰ মাৰুতী এল্টোখনো অভিযানকাৰী আৰক্ষীয়ে জব্দ কৰিছে।

পৰৱৰ্তী সময়ত অভিযুক্ত লোকসহ জব্দ কৰা সামগ্ৰীসমূহ আৱকাৰী বিভাগৰ ওচৰত হস্তান্তৰিত কৰা হয়।

Related News