NORTHEAST NOW (Assamese)

‘হাৱা হাৱানি’ নামৰ এক ব্যতিক্ৰমী গীতৰ এলবাম মুকলি

August 28, 2019 9:54 am · নীলমণি শৰ্মা
Updated: August 28, 2019 4:30 pm
ফটো : নর্থ-ইষ্ট নাও

জনগোষ্ঠী সমূহৰ ভিতৰত অন্যতম কোচ জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিক নৱ প্ৰজন্মৰ আগত চিনাকী কৰাই দিয়াৰ লগতে জনগোষ্ঠীটোৰ স্বকীয় কৃষ্টি-সংস্কৃতিক বিশ্ববাসীৰ আগত চিনাকি কৰাই দিয়াৰ মানসেৰে স্থানীয় যুৱক হিতেশ ৰুংদুং, কিশোৰ কোচ আৰু ৰমাকান্ত কোচে গ্ৰহণ কৰিছে বিশেষ প্ৰচেষ্টা।

শেহতীয়াকৈ য়ু চি বেনাৰত কিশোৰ কোচ আৰু ৰমাকান্ত কোচৰ পৰিচালনাত প্ৰকাশ পাইছে ‘হাৱা হাৱানি’ নামৰ কোচ জনগোষ্ঠী লোকৰ এটি গীতৰ এলবাম।

মঙলবাৰে জিলা খনৰ কৃষ্ণাইৰ খাৰদাং কোচ পাৰাত অনুষ্ঠিত এক অনুষ্ঠানত গীতৰ এলবামটি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।

অনুষ্ঠানত হেতেশ ৰুংদুং, প্ৰতিমা পাণ্ডে বটা প্ৰাপ্ত শিল্পী দীপক পামৰ লগতে কিশোৰ কোচ আৰু ৰমাকান্ত কোচ উপস্থিত থাকে।

উল্লেখ্য যে ‘হাৱা হাৱানি’ৰ গীতত অভিনয় কৰিছে জনপ্ৰিয় নৃত্য শিল্পী সিদ্ধান্ত কলিতা আৰু বিউটি ৰায়ে।

গীতৰ এই এলবামটো সংস্কৃতি প্ৰেমি ৰাইজে আকোৱালি ল’ব বুলি আশা প্ৰকাশ কৰিছে। উল্লেখ্য যে উদীয়মান সাংস্কৃতিক কৰ্মী হিতেশ ৰুংদুঙে ইয়াৰ পূৰ্বে কেইবাটাও গীতৰ এলবাম উলিয়াই জনপ্ৰিয়তা বুটুলিবলৈ সক্ষম হৈছে।

Related News