• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘মুছলমানৰ এগৰাকীতকৈ অধিক পত্নী থাকিব পাৰে, কিন্তু সকলোৰে লগত ভাল ব্যৱহাৰ কৰিব লাগিব’- এলাহাবাদ উচ্চ ন্যায়ালয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 15, 2025 12:10 pm
211
VIEWS
Share on FacebookShare on Twitter

মুছলমান পুৰুষে এগৰাকীতকৈ অধিক পত্নীক বিয়া কৰাবলৈ কোনো আইনী বাধা নাই।এই কথা পুনৰ এবাৰ স্পষ্ট কৰি দিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে। বিবাহৰ এটা গোচৰত উচ্চ ন্যায়ালয়ে পৰ্যবেক্ষণ কৰিছিল, “এজন মুছলমান পুৰুষে ইচ্ছা কৰিলে চাৰিগৰাকী পত্নীলৈকে বিবাহপাশত আবদ্ধ হ’ব পাৰে।ইয়াৰ একমাত্ৰ চৰ্ত হ’ল তেওঁলোকৰ আচৰণ ভাল হ’ব লাগে।”

মূল গোচৰটো ২০২০ চনৰ। মোৰাদাবাদৰ ফুৰকান নামৰ এজন যুৱকৰ বিৰুদ্ধে দ্বিতীয় পত্নীয়ে গোচৰ ৰুজু কৰিছিল। মহিলাগৰাকীয়ে অভিযোগ কৰিছিল যে ফুৰকানে প্ৰথম বিবাহ লুকুৱাই তেওঁক বিয়া কৰাইছিল। আনকি বিয়াৰ পাছতো ধৰ্ষণ কৰিছিল। মোৰাদাবাদ থানাত দাখিল কৰা এজাহাৰ সন্দৰ্ভত মোৰাদাবাদৰ নিম্ন আদালতত দীৰ্ঘদিন ধৰি চলি আছিল বিচাৰ। ফুৰকানৰ অধিবক্তাই দাবী কৰিছে যে অভিযোগকাৰীয়ে নিজেই স্বীকাৰ কৰিছিল যে ফুৰকানে তেওঁক বিয়া কৰাইছে। আৰু দ্বিতীয় বিবাহ ইছলামত অপৰাধ নহয়। আৰু ধৰ্ষণৰ অভিযোগ বিয়াৰ পাছত বৈধ নহয়।

এই গোচৰটো এলাহাবাদ উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছে। শেহতীয়াকৈ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অৰুণ কুমাৰ সিং দেশৱালে এই গোচৰটো পৰ্যবেক্ষণ কৰি কয় যে মুছলমান পুৰুষে এগৰাকীতকৈ অধিক পত্নীক বিয়া কৰাব পাৰে। কাৰণ ভাৰতত মুছলমান বিবাহৰ লগত জড়িত সকলো আইন শ্বৰীয়ত আইনৰ দ্বাৰা পৰিচালিত। এই গোচৰসমূহ ভাৰতীয় দণ্ডবিধিৰ অন্তৰ্গত নহয়। আৰু শ্বৰীয়ত মতে মুছলমান পুৰুষে চাৰিগৰাকী পত্নীলৈকে বিবাহপাশত আবদ্ধ হ’ব পাৰে। এটাই চৰ্ত, সকলো ভাল হব লাগিব।

ন্যায়াধীশগৰাকীয়ে পৰ্যবেক্ষণ কৰে যে কোৰআনৰ মতে মুছলমানে কোনো বৈধ কাৰণ থাকিলে এজনতকৈ অধিক ব্যক্তিক বিয়া কৰাব পাৰে। কিন্তু সেই নিয়মৰ অপব্যৱহাৰ শেহতীয়াকৈ বৃদ্ধি পাইছে। বহুতে ব্যক্তিগত স্বাৰ্থৰ বাবে এজনতকৈ অধিক ব্যক্তিক বিয়া কৰাইছে। সেইবাবেই আদালতে একেধৰণৰ নাগৰিক সংহিতা প্ৰৱৰ্তন কৰাটো প্ৰয়োজনীয় বুলি বিবেচনা কৰে। কিন্তু শেষত আদালতে অন্তৱৰ্তীকালীন ৰায়দানত ফুৰকানৰ দুয়োখন বিবাহ বৈধ বুলি ঘোষণা কৰে। ২৬ মে’ত পুনৰ শুনানি গ্ৰহণ কৰা হ’ব এই গোচৰৰ।

Recent News

কলিয়াবৰত উদ্ধাৰ আঘাতপ্ৰাপ্ত হৰিণ : স্থানীয় লোকে উদ্ধাৰ কৰি গতাই দিলে বন বিভাগক

কলিয়াবৰত উদ্ধাৰ আঘাতপ্ৰাপ্ত হৰিণ : স্থানীয় লোকে উদ্ধাৰ কৰি গতাই দিলে বন বিভাগক

গোৱালপাৰাত ব্যাপক উচ্ছেদ অভিযান! ১৫০০ বিঘা মাটিৰ পৰা উচ্ছেদ ৬০০ৰো অধিক পৰিয়াল

গোৱালপাৰাত ব্যাপক উচ্ছেদ অভিযান! ১৫০০ বিঘা মাটিৰ পৰা উচ্ছেদ ৬০০ৰো অধিক পৰিয়াল

শিৱসাগৰত অ’এনজিচিৰ তৈলক্ষেত্ৰত গেছ লিকঃ দুৰ্গন্ধৰ লগতে অগ্নিকাণ্ডৰ আশংকাত ভুগিছে স্থানীয় ৰাইজ

শিৱসাগৰত অ’এনজিচিৰ তৈলক্ষেত্ৰত গেছ লিকঃ দুৰ্গন্ধৰ লগতে অগ্নিকাণ্ডৰ আশংকাত ভুগিছে স্থানীয় ৰাইজ

চোৰাং চিকাৰৰ ঘটনাত সন্ধানহীন ১.৮ কেজি ওজনৰ হাতীৰ দাঁত উদ্ধাৰ ডিগবৈ বন বিভাগৰ

চোৰাং চিকাৰৰ ঘটনাত সন্ধানহীন ১.৮ কেজি ওজনৰ হাতীৰ দাঁত উদ্ধাৰ ডিগবৈ বন বিভাগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd