বিজেপি বিলাস! ১০০ কোটি টকা ব্যয়েৰে মধ্য প্ৰদেশত নিৰ্মাণ কৰিব ১০ মহলীয়া দলীয় কাৰ্যালয়

মধ্য প্ৰদেশৰ বিজেপিৰ নতুন কাৰ্যালয়ৰ আৰ্হি। ফটো সৌজন্য: এনডিটিভি

এই বছৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যৰ ভিতৰত আছে মধ্য প্ৰদেশো। গেৰুৱা শিবিৰে ২০২৪ চনৰ নিৰ্বাচনৰ পূৰ্বে সকলো নিৰ্বাচনত ভাল প্ৰদৰ্শন কৰিবলৈ ব্যাকুল হৈ পৰিছে। এনে পৰিস্থিতিত মধ্য প্ৰদেশত এটা বিশাল দলীয় কাৰ্যালয় নিৰ্মাণ কৰিবলৈ লোৱা হৈছে।

উল্লেখ্য যে বৰ্তমানৰ দলীয় কাৰ্যালয়টো যথেষ্ট ডাঙৰ। এইটো দেশৰ সৰ্ববৃহৎ দলীয় কাৰ্যালয়। কিন্তু সেই দৃষ্টান্ত ভংগ কৰি বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বে এক নতুন দৃষ্টান্ত স্থাপন কৰিবলৈ পদক্ষেপ লৈছে।

লগতে পঢ়ক: বিজেপি-আৰএছএছৰ চক্ৰবেহুত ৰাহুল! অসমকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত তেওঁৰ বিৰুদ্ধে গোচৰৰ তালিকা

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই দেওবাৰে ভৱনটোৰ ‘ভূমি পূজন’ কৰিব। এই বৃহৎ ভৱনটোৰ নিৰ্মাণৰ ব্যয় হ’ব প্ৰায় ১০০ কোটি টকা। ইয়াৰ আগতে ১৯৯১ চনত সেই সময়ৰ সুন্দৰলাল পাটৱা চৰকাৰৰ সময়ত ভূপালত নিৰ্মাণ কৰা দলীয় কাৰ্যালয়টো আটাইতকৈ ডাঙৰ আছিল। ব্যয় আছিল ২ কোটি টকা। এতিয়া এটা নতুন ভৱন নিৰ্মাণ কৰি ৰেকৰ্ড সৃষ্টি কৰিব প্ৰদেশ বিজেপিয়ে।

নতুন দলীয় কাৰ্যালয়টোত কি কি থাকিব? মধ্য প্ৰদেশ বিজেপিৰ সভাপতি ভি ডি শৰ্মাই জনায় যে দলটোৱে দেশৰ সকলো জিলাতে এটা দলীয় কাৰ্যালয় খুলিব বিচাৰে। ভূপালতো এটা নতুন দলীয় কাৰ্যালয় খোলাৰ পৰিকল্পনা বহুদিনীয়া। অৱশেষত এটা নতুন দলীয় কাৰ্যালয় নিৰ্মাণ কৰা হ’ব।

তেওঁ জনায় যে এই কাৰ্যালয়টো তিনিটা ভাগত বিভক্ত কৰা হ’ব। মুখ্য কাৰ্যালয় হৈছে ‘সংকল্প সংকুল’, নেতাসকলৰ বাসস্থান হৈছে ‘সমৰ্পন সংকুল’ আৰু কৰ্মীসকলৰ বাসস্থান হৈছে ‘সহযোগ সংকুল’। সকলো মিলি ঘৰটো ১০ মহলীয়া হ’ব! তাত এটা ডাঙৰ প্ৰেক্ষাগৃহ থাকিব। তাত একেলগে ১,০০০ জন বহিব পাৰিব।

লগতে পঢ়ক: আপোনাৰ দৰে কাপুৰুষ, ক্ষমতালোভী একনায়কত্ববাদীৰ আগত…! সৰৱ প্ৰিয়ংকা গান্ধী

পুৰণি কাৰ্যালয়ৰ পৰা বিজেপিয়ে মধ্য প্ৰদেশত ছয়বাৰ প্ৰতিদ্বন্দিতা কৰি তিনিবাৰ জয়ী হোৱাৰ বিপৰীতে তিনিবাৰ পৰাজিত হৈছিল। এইবাৰ বিয়াগোম নতুন দলীয় কাৰ্যালয়ে মধ্য প্ৰদেশত বিজেপিৰ বাবে কিহৰ বতৰা আনে সেয়া লক্ষ্যণীয় হ’ব।