পানীৰ মাজৰ এটি গৃহত টীয়কৰ এগৰাকী বৃদ্ধাৰ দুৰ্দশাগ্ৰস্ত জীৱন সংগ্ৰাম, চকুত পৰিবনে জনপ্ৰতিনিধিৰ?

mojk

টীয়ক নগৰৰ সমীপৰ চাউদাং গাঁওৰ এটি পৰিয়ালৰ দুৰ্দশাই সকলোকে ভবাই তুলিছে।

এই জুপুৰি সদৃশ গৃহটিত বাস কৰে এগৰাকী বৃদ্ধা , আৰু তেওঁৰ দুই পুত্ৰই। স্বামীৰ বিয়োগৰ পিছতেই দুই পুত্ৰৰ সৈতে অতি কষ্টেৰে দুবেলা দুমুঠি খাইছে এই পৰিয়াল টোৱে।

ডাঙৰ পুত্ৰই হাজিৰা কৰি সৰু অসুখীয়া পুত্ৰক চিকিৎসা কৰি ভাগৰি পৰিছে। জুৰুলা হোৱা পৰিয়াল টোৰ ঘৰত এতিয়া টীয়ক নৈৰ পানী আহি ভিতৰ পৰ্যন্ত পোৱাত থাকিবলৈ কষ্ট হৈছে পৰিয়ালটোৰ।

স্থানীয় জন প্ৰতিনিধিক বাৰম্বাৰ আহ্বান জনোৱাৰ পিছতো আজি পৰ্যন্ত এটি ঘৰ নাপালে এই পৰিয়ালটোৱে।

এতিয়াও পৰিয়াল টোৱে এক আশা পালি আছে বৰ্তমানৰ চৰকাৰ খনে যাতে পৰিয়ালটোক উদ্ধাৰ কৰে।