পতাকাখন
পতাকাখন উত্তোলন কৰা হ’ল।
জাতীয় গীত আৰু জাতীয় সংগীত সমস্বৰে গোৱা হ’ল।
আৰক্ষীবলে কৰ্তব্যবোধেৰে চেলুট জনালে
আৰু তাৰ পাছত সমদল কৰি পাৰ হৈ গ’ল।
সভাখন আছিল গম্ভীৰ।
সমগ্ৰ জাতিটোৰ ঐক্য যেন প্ৰকাশ হৈছিল।
যদিও অনুষ্ঠানটো কেৱল এক নিয়ম-পালিত প্ৰথা আছিল,
কোনেও কিন্তু তেনেদৰে কোৱা নাছিল।
পেৰেড শেষ হ’ল আৰু সকলো গুচি যোৱাৰ পাছত
পথাৰখন নিজান হৈ পৰিল।
উত্তোলিত ডাঙৰ পতাকাৰ তলত সৰু সৰু পতাকা লৈ থকা
অপসৃয়মান জনতাই
ক্লান্ত হাতবোৰক বিশ্ৰাম দিলে
সেই জনশূন্য পথাৰখন জাবৰেৰে ভৰাই।
তথাপি, দেশৰ প্ৰতি কৰ্তব্য দেখোন পালন ক’ৰা হ’ল।
ফটা-ছিটা কাপোৰ পিন্ধা মানুহজনে
উদাসীনভাৱে চালে এই উৎসৱলৈ
তেওঁৰ নিয়মীয়া দূৰত্বৰ পৰা।
তেওঁৰ আমনি লগা চকুযোৰে চাই ৰ’ল আঁতৰি যোৱা ভিৰটোলৈ
আৰু তেওঁ অবিৰতভাৱে অসভ্য গালি-গালাজ ভোৰভোৰাই থাকিল—
সেয়াই আছিল তেওঁৰ নিজা দৈনন্দিন নিয়ম।
এটা শিশুৱে কৌতুহলেৰে চাই ৰ’ল এই কাণ্ড।
তাৰ হাতত আছিল এখন কাগজৰ পতাকা।
সেইখন তাৰ বাবে বোজা যেন লাগিল
আৰু সি পতাকাখন অৰ্পণ কৰিলে সেই দুৰ্ভগীয়া মানুহজনক।
“এইটো কি?” তেওঁ সুধিলে।
“এইখন পতাকা,” ল’ৰাটোৱে ক’লে,
“আমাৰ দেশৰ প্ৰতীক”—
দেউতাকে তাক কি শিকাইছিল, তাকেই পুনৰাবৃত্তি কৰি।
“এইখন আমাৰ গৌৰৱ,” (সি নিজেই আৰু এষাৰ যোগ কৰিলে।)
ভিখাৰীজনৰ হাহিবোৰ আছিল বৰ অস্বস্তিকৰ।
“মোৰ ভোকাতুৰ পেট, মই গৌৰৱ খাই পেট ভৰাব নোৱাৰোঁ। তুমি শুনিছানে,
তুমি শুনিছানে, মোৰ বোপা?”*
*শেহতীয়া বিশ্বব্যাংকৰ সংশোধিত হিচাপ অনুসৰি, ভাৰতৰ প্ৰায় ৭.৫ কোটি মানুহ (৭৫.২৪ মিলিয়ন) এতিয়াও অৰ্থাৎ ২০২৬ চনতো দাৰিদ্ৰৰ সীমাৰেখাৰ তলত আছে—অৰ্থাৎ মুঠ জনসংখ্যাৰ প্ৰায় ৫.৩%।





