বাজপেয়ীলৈ শ্ৰদ্ধা জ্ঞাপন কৰি অসম-ভিত্তিক কবিতা প্ৰতিযোগিতাৰ আয়োজন

Atal-Bihari-Vajpayee.jpg.image.784.410

আগশাৰীৰ শব্দশিল্পী, বাগ্নী ৰাষ্ট্ৰনেতা প্রয়াত প্ৰধান মন্ত্ৰী  অটল বিহাৰী বাজপেয়ী সকলোৰে সন্মানীয় এগৰাকী ৰাষ্ট্ৰনেতা। তেওঁৰ জীৱনটো হৈছে কবিতাৰ ৰোমাঞ্চেৰে পৰিপূৰ্ণ। যি সময়ত সমাহিত ভাৱমূৰ্তিক দুৰ্বলতা বুলি গণ্য কৰা হৈছিল সেই সময়ত বাজপেয়ী জীয়ে এই কথা প্ৰমাণ কৰি দিছিল যে এটা কাৰোবাৰ বাবে উত্তৰাধিকাৰো হ’ব পাৰে। কবিতাৰ প্ৰতি তেওংৰ ধাউতিয়ে তেওঁৰ সমসাময়িক সকলো ৰাজনৈতিক নেতাৰ পৰা তেওঁক পৃথক কৰি তুলিছিল। তেওঁৰ অসামান্য উত্তৰাধিকাৰৰ অংশ হিচাপে বাজপেয়ীয়ে এৰি গৈছে কলিজাত কঁপনি তোলা কবিতামালা, যি কবিতাসমূহক চিৰদিন মানুহে আদৰ কৰিব।

এই কিংবদন্তী কবিগৰাকীৰ প্ৰতি সন্মান জনাবলৈ মাইগভআছামে (MyGov Assam) অসমৰ জনসাধাৰণৰ বাবে এক কবিতা প্ৰতিযোগিতাৰ আয়োজন কৰিছে।মাইগভআছামে প্ৰয়াত ৰাষ্ট্ৰনেতাগৰাকীলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰি লিখা কবিতাৰ এটা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। কবিতাসমূহ অসমত প্ৰচলিত যিকোনো ভাষাতেই ৰচনা কৰিব পৰা যাব। এই প্ৰতিযোগিতা দুটা শাখাত বিভক্ত হ’ব।

প্ৰথম শাখাত অন্তৰ্ভুক্ত হ’ব বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল। এই শাখাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা প্ৰতিযোগীক ক্ৰমে ৩০০০টকা, ২০০০ টকা আৰু ১০০০ টকাৰ পুৰস্কাৰ প্ৰদান কৰা হ’ব।

নিয়মাবলীত আয়োজকৰ তৰফৰ পৰা জনোৱা মতে কবিতা কি ভাষাত লিখা হৈছে তাক উল্লেখ কৰাটো বাধ্যতামূলক। প্ৰতিযোগীসকলে মাত্ৰ এটা শাখাত এটা কবিতা প্ৰেৰণ  কৰিব পাৰিব। আনে লিখা কবিতা গ্ৰহণ কৰা নহ’ব আৰু বিচাৰকৰ সিদ্ধান্ত চূড়ান্ত হ’ব বুলি আয়োজকে জনাইছে।

দ্বিতীয় শাখা সকলোৰে বাবে মুকলি থাকিব। এই শাখাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা প্ৰতিযোগীক ক্ৰমে ৫০০০টকা, ৩০০০ টকা আৰু ২০০০ টকাৰ পুৰস্কাৰ প্ৰদান কৰা হ’ব।

সকলো কবিতাকেই সম্পাদনা কৰি এখন কবিতা সংকলনত প্ৰকাশ কৰা হ২ব। কবিতা প্ৰেৰণৰ অন্তিম তাৰিখ ২০১৮ৰ ১০ চেপ্টেম্বৰ। সকলো কবিতা মাইগভআছাম পৰ্টেলৰ জৰিয়তে প্ৰেৰণ কৰিব লাগিব।