• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোভিড টেষ্টৰ নামত কি বেপাৰ আৰম্ভ হৈ গৈছে আপুনি জ্ঞাতনে মহাশয়? : অভিজিত শৰ্মাৰ প্ৰশ্ন

চিঠিৰ জৰিয়তে হিমন্তক প্ৰশ্ন APW ৰ সভাপতি অভিজিত শৰ্মাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 8, 2020 5:12 pm
index.jpg11
71.8k
VIEWS
Share on FacebookShare on Twitter

অসমৰ স্বাস্থ্য, শিক্ষা আৰু বিত্ত বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ বহুকেইটা স্পৰ্শকাতৰ বিষয় সামৰি এখন চিঠি লিখিছে অসম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিত শৰ্মা আৰু সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি তালুকদাৰে।

যিখন চিঠিয়ে এতিয়া বিশেষ চৰ্চা লাভ কৰিছে বিভিন্ন মহলত।

কিছুমান উত্তৰ মন্ত্ৰীৰ পৰা বিচাৰি লিখা চিঠিখনৰ কিছু মূল অংশ বাতৰিৰ মাধ্যমৰে পাঠক ৰাইজৰ ওচৰত দাঙি ধৰিছো।

প্ৰথমে দুয়ো লিখিছে “সাম্প্ৰতিক সময়ত স্বাস্থ্য মন্ত্রী হিচাপে আপুনি যি তৎপৰতাৰে সময়ৰ মোকাবিলা কৰিছে তাৰ বাবে আমি আপোনাৰ ওচৰত কৃতজ্ঞ। আমি এইবাবে আপোনাৰ ওচৰত বেছি কৃতজ্ঞ যে জাত পাতৰ ৰাজনীতিৰ যি কাৰুণ্যতাৰে সহজ সময়ত দেশখন পৰিচালিত হয় সেই মানসিকতাক সাত যোজন আঁতৰত ৰাখি আপুনি যুঁজৰ নেতৃত্ব দিছে।”

“তবলিগি জামাতীৰ সতে আৰম্ভ হোৱা অসমৰ ক’ৰ’ণা যুদ্ধত এবাৰো আপুনি সচৰাচৰ ব্যৱহাৰ কৰা “জিন্না” শব্দ ব্যৱহাৰ নকৰি সমদৃষ্টিৰে বা তাতোকৈ অলপ বেছিকৈহে আতিথ্য দি ক’ৰ’ণাক্রান্ত জামাতীসকলক চিকিৎসাৰ ব্যৱস্থা কৰালে। ইয়াৰ বাবে আমি কৃতাৰ্থ।” পত্ৰত উল্লেখ।

তদুপৰি, স্বাস্থ্য বিভাগৰ মন্ত্ৰী হিচাপে এটা দশক হিমন্তই অসম চলালে বুলি উল্লেখ কৰি তেওঁ আৰু লিখি কয়,  “আমি কেতিয়াও নাভাবো যে আপুনি চমকৰ পাছত দৌৰা এজন মানুহ। কিন্তু কোভিডৰ আৰম্ভণি কালত অসমৰ স্বাস্থ্য খণ্ডৰ আচল শক্তি যেতিয়া আপুনি নিজ মুখেই বেকত কৰিলে তেতিয়া ভাবিবলৈ বাধ্য হলো সচাকৈ এয়া আপুনিয়েই কৈছেনে?”

“তাতোকৈ আচৰিত হ’লো কেন্দ্ৰীয় চৰকাৰৰ এটা সংস্থাৰ কিছু আই এ এছ বিষয়াই চলোৱা এটি সমীক্ষাত প্রকাশ পালে যে ডিমা হাচাওকে আদি কৰি অসমৰ কেইখনমান জিলাত আই চি ইউ বোলা বস্তুটো নায়েই,  নাই পৰ্যাপ্ত পৰিমাণে বিচনাৰ ব্যৱস্থা। প্ৰতিবেদনখন দেখি এনে লাগিছে কথাবোৰ মিছা!  কিন্তু,  প্ৰকৃততেই মিছানে?” সভাপতি সম্পাদকৰ প্ৰশ্ন।

তেওঁলোকে আৰু কয় “মহাশয়; কোভিডৰ বিৰূদ্ধে আপুনি বিৰামবিহীন যুঁজ দিছে। আমি আপোনাৰ হাতত সুৰক্ষিত অনুভৱ কৰিছো। কিন্তু,  অসমৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত এই মুহূৰ্তত চিকিৎসাৰ নামত কি বেপাৰ চলিছে সেইটো স্বাস্থ্য মন্ত্রী হিচাপে আপোনাকেই অৱগত কৰিব নালাগিবনে?”

ইপিনে, ক’ৰ’ণাৰ ভয়ত মহাশয় এতিয়া যেন কেঞ্চৰ, বৃক্ক, যকৃতৰ বিভিন্ন ৰোগ  নাইকীয়া হৈ গ’ল বুলি উল্লেখ কৰি তেওঁলোকে লগতে কয় “কোভিড টেষ্টৰ বেপাৰখনহে এতিয়া মূখ্য হল। কোভিড টেষ্টৰ নামত কি বেপাৰ আৰম্ভ হৈ গৈছে আপুনি জ্ঞাতনে মহাশয়?  যদিহে জ্ঞাত হৈও ব্যৱস্থা লোৱা নাই তেন্তে আপোনাৰ কর্তব্যকলৈ এটি প্রশ্ন নুঠিবনে? আৰু যদি আপুনি অজ্ঞাত তেন্তে মহাশয় আমি দুৰ্ভগীয়া নহয়নে?”

তেনে এটা উদাহৰণ দাঙি ধৰি তেওঁলোকে কয় “মহাশয় আপুনি শুনি দুখ পাব এগৰাকী আপোনাৰ আইৰ বয়সৰ মাতৃৰ, যাৰ দুই এদিনতে আদ্যশ্রাদ্ধ,  কেঞ্চাৰৰ সতে যুঁজি যুঁজি যি ঢুকাল। এসপ্তাহত চাৰিখন মেডিকেলে তেওঁৰ চাৰিবাৰ কোভিড পৰীক্ষা কৰিলে,  পি পি ই কীটৰ পৰা এন ৯৫ মাক্সলৈ প্ৰায় এসপ্তাহত ইতিমধ্যেই দেউলীয়া পৰিয়ালটোৰ পৰা অতিৰিক্ত এক লাখ টকা সৰকালে আৰু এসপ্তাহ পাচতেই তেওঁ মৃত্যু মুখত পৰিল, এয়া ন্যায় হল জানো মহাশয়।”

“ক’ৰ’ণাৰ ভয়ত চিকিৎসালয়লৈ নহা বহু কর্কট ৰোগীৰ ষ্টেজ ১ পাৰ হৈ অচিৰেই এনেকুৱা ষ্টেজলৈ আহিব য’ৰ পৰা জীৱন অসম্ভৱ। মহাশয়,  ক’ৰ’ণাৰ বাবে বাকী সকলো চিকিৎসা বাধাগ্ৰস্ত হোৱাৰ বাবে মানুহক ক’ৰ’ণাৰ পৰা বচোৱাৰ নামত অন্য ৰোগত মৃত্যু হ’বৰ বাবে এৰি দিয়াৰ নিচিনা হোৱা নাইনে?” পত্ৰত উল্লেখ।

ইয়াৰোপৰি, মন্ত্ৰীগৰাকীৰ উত্তৰটো “এই মুহূৰ্তত মই কি কৰিম” এনে ধৰণৰ হ’ব নালাগে বুলি উল্লেখ কৰি লগতে কয় “আপুনি নিজকে ইতিমধ্যেই অনন্য বুলি প্ৰমাণ কৰি থৈছে। ৰাজনীতিৰ কিমান নিমিলা অংক আপুনি মিলাই থৈছে আমি জনা বুজা হোৱাৰে পৰা দেখিছো।  গতিকে আমি নাভাবো আপুনি এই প্ৰশ্নটো আওকাণ কৰিব।”

অন্য এক বিষয় উত্থাপন কৰি তেওঁলোকে কয় “আপুনি অসমৰ শিক্ষামন্ত্ৰীও। মহাশয়, এটা প্রশ্ন শুনকচোন- যদি কোনোবা এজন মানুহে আপোনাৰ আৰোগ্য নিধিত এক কৌটি টকা দান দিয়ে তেওঁ তাৰ প্রতিদানস্বৰূপে যি ইচ্ছা তাকেই কৰাৰ লাইচেন্স প্ৰাপ্ত হয় নেকি?  যদি নহয় কোভিডৰ এই সংকটকালত যত অভিভাৱক সকল যোৱা চাৰিমাহে মন্দাবস্থাত চলি আছে,  অনলাইনত ক্লাচ চলাইও  কেনেকৈ মালিকপক্ষই একেকোবে ২০২১ ৰ জুন মাহলৈ “হোষ্টেল” ফী পৰ্যন্ত আগতীয়াকৈ দাবী কৰি ছাত্র ছাত্ৰীলৈ নটিচ দিব পাৰে।  দেশ কত যায় তাৰ ঠিক নাই,  মানুহে চব আশা বাদ দি জীয়াই থকাৰ সংগ্ৰামত ব্ৰতী হোৱা সময়ত এবছৰৰ হোষ্টেল মাচুল আগতীয়াকৈ দিবলৈ আদেশ দিবলৈ গুৱাহাটীৰ এখন তথাকথিত গ্লোবেল বিশ্ববিদ্যালয়ে সাহ কত পালে?  মহাশয় স্বাস্থ্যৰ লগতে আপুনি শিক্ষামন্ত্ৰীও, গতিকে এই প্রশ্ন আপোনাক সোধাটো অপৰাধ হ’ব নোৱাৰে নিশ্চয়। এইবোৰ বিষয় গম লৈ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা কৰাটো বোধহয়  ভুল হোৱা নাই?”

তেওঁলোকে লগতে লিখি কয়  “আপুনি ৰাজ্যৰ বিত্তমন্ত্রীও, গতিকে আপুনি সম্পূৰ্ণ বিশ্বাস কৰেনে যে লকডাউনৰ পাচত লকডাউনেই ক’ৰ’ণা যুদ্ধ জয়ৰ একমাত্র উপায়?  বিত্ত মন্ত্ৰী হিচাপে আপুনি কথাষাৰ ভাবিব।  ভাগি পৰা অর্থনীতি,  সৰু বৰ সকলো ব্যৱসায়ীৰ কঁকাল ভাগি যোৱা অৱস্থা,  হতাশগ্রস্ত মন এনেকৈ যুঁজখনত বাৰু আমি জিকিলোৱেই তাৰ পাচত কিমান ভয়ানক যুজ দিব লাগিব বিত্তমন্ত্রী হিচাপে আপুনি চিন্তা কৰি চাইছেনে? মাহে ৰেচনৰ নামত দিয়া জনে প্রতি পাঁচকিলো চাউল এই সমস্যাৰ সমাধান হব নোৱাৰে।  ছুইডেনৰ নিচিনা দেশৰ কোভিড যুঁজ যি ৰণকৌশল তাক আমি আদৰণি জনাব নোৱাৰোনে? আমি জানো এখন ৰাজ্যৰ এজন মন্ত্ৰী হিচাপে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা আপুনি পালন কৰিবই লাগিব। কিন্তু দেশখনৰ বাকী থকা অক্সিজেন খিনি বচাবলৈ আপুনি ইচ্ছা কৰিলে কেন্দ্রৰ লগত আলোচনা কৰিব পাৰে আৰু আমি ভাবো একমাত্র আপোনাৰ বাবেহে ই সম্ভৱ কিয়নো, আপুনি ” হিমন্ত বিশ্ব শর্মা” !”

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd