• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home মনোৰঞ্জন চলচ্চিত্ৰ

সদ্যমুক্তিপ্ৰাপ্ত এখন কথাছবিৰ কথাৰে। কিয় চাব এইখন চিনেমা?

ৰিমলী বৰকটকী by ৰিমলী বৰকটকী
August 4, 2023 6:22 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

   হয়, বিগত ২১ জুলাই তাৰিখে মুক্তিপ্ৰাপ্ত সমগ্ৰ বিশ্বজুৰি অপেক্ষাৰত এখন ছবি অপেনহেইমাৰ। অপেনহেইমাৰৰ চিত্ৰনাট্য আৰু কাহিনী বিখ্যাত পৰিচালক খ্ৰীষ্ট’ফাৰ ন’লানৰ। মূলতঃ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত আমেৰিকাৰ মানহাট্টন প্ৰজেক্টত এট’ম ব’মৰ আৱিষ্কাৰক জে ৰবাৰ্ট অপেনহেইমাৰ নামৰ বিখ্যাত পদাৰ্থ বিজ্ঞানী গৰাকীৰ জীৱনভিত্তিক ছবি অপেনহেইমাৰ। ছবিখন কাই বাৰ্ডৰ আমেৰিকান প্ৰমেথিয়াছ নামৰ গ্ৰন্থখনৰ ভেটিত নিৰ্মিত। বৰ্তমান দেশৰ লগতে অসমৰো ভিন্ন ছবিগৃহত অপেনহেইমাৰ চলি আছে। 

    ছবিৰ আৰম্ভণি ঘটে এটি জেৰাৰ মাজেৰে। অৱশ্যেই,এই জেৰাৰ মুখ্য ব্যক্তি অপেনহেইমাৰ। চিনেমাৰ কাহিনীভাগ তিনিটা পৰ্যায় বা স্তৰত সমান্তৰালভাৱে চলি থাকে। প্ৰথম জেৰা,দ্বিতীয়তে অস্থিৰ,উদভ্ৰান্ত অপেনহেইমাৰৰ কেৰিয়াৰৰ উত্থানৰ সময়ত,কোৱান্টাম ফিজিকছৰ গৱেষণা,অধ্যয়ন,শিক্ষণ আদিৰ মাজতে অহা এট’ম ব’মৰ নিৰ্মাণৰ প্ৰস্তাৱ আৰু তৃতীয়তে পৰৱৰ্তী পৰ্যায়ত এটি চিনেটৰৰ দলে কৰা বাদানুবাদৰ খেলা-এই তিনি স্তৰত। জেৰাৰ কোঠাত পোহৰৰ ব্যৱহাৰ মনোগ্ৰাহী। অপেনহেইমাৰৰ মুখৰ মাত্ৰ এফালে পোহৰ পেলোৱা দৃশ্যংশসমূহ অৰ্থৱহ। আৱহ-সংগীতৰ ৱ্যৱহাৰ সমগ্ৰ ছবিখনতেই ভাল লগা। যেনে, নতুন বিশ্ববিদ্যালয়লৈ আহি এক উৎসাহেৰে শিক্ষাদান আৰম্ভ কৰাৰ সময়ত পোহৰৰ ব্যৱহাৰৰ লগতেই ভায়’লিনৰ ধনাত্মক সুৰৰ ব্যৱহাৰ প্ৰসংশনীয়। যদিওবা ছবিখন সম্পূৰ্ণ তিনিঘন্টা দৈৰ্ঘ্যৰ,পিছে গতিশীলতা অব্যাহত থাকে। অপেনহেইমাৰৰ নামৰ লগত দুগৰাকী নাৰীৰ নাম সাঙুৰ খাই,ঠিক কমিউনিষ্টৰ প্ৰতি থকা তেওঁৰ সহমৰ্মিতাৰ দৰেই। পৰৱৰ্তী পৰ্যায়ত বৈজ্ঞানিকসকলক একগোট কৰোৱা,এখন নতুন চহৰ প্ৰতিষ্ঠা কৰি,গৱেষণা কৰা পৰ্যন্ত চলি থাকে। গৱেষণা সফল হয়,এট’ম বম প্ৰস্তুত হৈ উঠে আৰু অৱশেষত সকলো অন্ত পৰে আমেৰিকাই হিৰোশ্বিমা আৰু নাগাছাকিত সেই ব’মা বিস্ফোৰন ঘটোৱাত। অপেনহেইমাৰে আনন্দ,উৎসৱমুখৰ কোলাহলত ধ্বংস আৰু মৃত্যুৰ কিৰিলি শুনিবলৈ আৰম্ভ কৰে। অপেনহেইমাৰৰ অপৰাধবোধক লৈ প্ৰশ্ন উঠি, উল্টাই অপেনহেইমাৰ হে জেৰাৰ সন্মুখীন হয় দীৰ্ঘকালৰ বাবে। এই আটাইবোৰক সামৰিয়েই ছবিখন। যাক এখন জীৱনতকৈয়ো বিশাল ছবি বুলিব পাৰি,অথচ শ্বুটিঙ সম্পূৰ্ণ হৈছে মাত্ৰ ৫৭ দিনত। শব্দগ্ৰহণ, সম্পাদনা সকলো দিশেই সুন্দৰ। 

Apply Now

   মেট ডেমন,ৰবাৰ্ট ব্ৰাউনি জুনিয়ৰ,আদি সকলো অভিনয় শিল্পীৰ অনন্য অভিনয়ৰ উৰ্দ্ধত জিলিকি আছে মুখ্য ভূমিকাত অভিনয় কৰা চিলিয়ান মাৰ্ফি। এক কথাত ক’বলৈ গ’লে চিলিয়ান মাৰ্ফি চিনেমাখনৰ মূল তাৰকা বা দ্যুতি। যদিহে ইতিহাসৰ পাতৰ এনে এটি অধ্যায়ৰ বিষয়ে চাবলৈ আপুনি আগ্ৰহী,তেন্তে তিনিঘন্টাৰ এই নাটকীয়তাহীন ছবিখন আপোনাৰ বাবে।

লেখিকাৰ মেইল- [email protected]

ৰিমলী বৰকটকী

ৰিমলী বৰকটকী

Stay Connected

  • 117k Fans

Recent News

২ দিনৰ ভিতৰত মৃত্যু হ’ব পাৰে! সমাজকৰ্মী সোণম ৱাংচুকক ‘বলপূৰ্বক খাদ্য’ খুৱাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন

২ দিনৰ ভিতৰত মৃত্যু হ’ব পাৰে! সমাজকৰ্মী সোণম ৱাংচুকক ‘বলপূৰ্বক খাদ্য’ খুৱাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন

July 15, 2026 5:58 pm
‘মোক ৰখাবলৈ অনুৰোধ নকৰিব, চৰকাৰক প্ৰশ্ন কৰক’, অনশন মঞ্চৰ পৰা সোনম ৱাংচুকৰ বাৰ্তা

‘মোক ৰখাবলৈ অনুৰোধ নকৰিব, চৰকাৰক প্ৰশ্ন কৰক’, অনশন মঞ্চৰ পৰা সোনম ৱাংচুকৰ বাৰ্তা

July 15, 2026 5:23 pm
অসম ৰাজ্যিক ভাৰতীয় গোৰ্খা পৰিসংঘৰ প্ৰতিষ্ঠাপক সভানেত্ৰী পদ্মশ্ৰী গীতা উপাধ্যায়লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

অসম ৰাজ্যিক ভাৰতীয় গোৰ্খা পৰিসংঘৰ প্ৰতিষ্ঠাপক সভানেত্ৰী পদ্মশ্ৰী গীতা উপাধ্যায়লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

July 15, 2026 3:54 pm
উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ মাৰ্কিন নাগৰিক! পাছপ’ৰ্ট নোহোৱাকৈ ৭ মাহ ধৰি কি কৰিছিল ভাৰতত?

উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ মাৰ্কিন নাগৰিক! পাছপ’ৰ্ট নোহোৱাকৈ ৭ মাহ ধৰি কি কৰিছিল ভাৰতত?

July 15, 2026 2:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২ দিনৰ ভিতৰত মৃত্যু হ’ব পাৰে! সমাজকৰ্মী সোণম ৱাংচুকক ‘বলপূৰ্বক খাদ্য’ খুৱাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন

২ দিনৰ ভিতৰত মৃত্যু হ’ব পাৰে! সমাজকৰ্মী সোণম ৱাংচুকক ‘বলপূৰ্বক খাদ্য’ খুৱাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন

July 15, 2026 5:58 pm
‘মোক ৰখাবলৈ অনুৰোধ নকৰিব, চৰকাৰক প্ৰশ্ন কৰক’, অনশন মঞ্চৰ পৰা সোনম ৱাংচুকৰ বাৰ্তা

‘মোক ৰখাবলৈ অনুৰোধ নকৰিব, চৰকাৰক প্ৰশ্ন কৰক’, অনশন মঞ্চৰ পৰা সোনম ৱাংচুকৰ বাৰ্তা

July 15, 2026 5:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd