সহযোগী বাদ্যযন্ত্ৰীয়ে নিশা গাড়ীৰ ভিতৰত যৌন নিৰ্যাতন কৰিলে যুৱতী সংগীত শিল্পীক; দক্ষিণ কামৰূপত চাঞ্চল্য অব্যাহত

মি টু আন্দোলনেও কমাব পৰা নাই নাৰীৰ প্ৰতি যৌন নিৰ্য্যাতনৰ ঘটনা

Arup Sarma

অভিযুক্ত অৰূপ শৰ্মা আৰু যুৱতী সংগীত শিল্পীগৰাকী।

এগৰাকী উদীয়মান গায়িকাই ৰাতি সংগীতানুষ্ঠান পৰিৱেশন কৰিবলৈ গৈ বলি হ’ব লগীয়া হ’ল সহযোগী বাদ্যযন্ত্ৰীৰ যৌন নিৰ্যাতনৰ। এই দুৰ্ভাগ্যজনক ঘটনাটো ঘটিছে দক্ষিণ কামৰূপ অঞ্চলত।

#Me too মুভমেণ্টে দেশত ধুমুহাৰ সৃষ্টি কৰি থকাৰ সময়তে অসমৰ সাংস্কৃতিক জগতত সংঘটিত এই ঘটনাটোৱে সমগ্ৰ অঞ্চলটোৰ শিল্পী সমাজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

“তেওঁ তেনেকুৱা কৰিব বুলি মই কেতিয়াও ভবা নাছিলো। সংগীতৰ সূত্ৰে তেওঁৰ লগত ভালেই চিনাকি আছিল।” অৰূপ শৰ্মা নামৰ অভিযুক্ত যুৱকজনৰ অপকৰ্মত হতাশ হোৱা বুলি কৈ ভুক্তভোগী শিল্পী অজন্তা মজুমদাৰে কয়।

যুৱতী শিল্পীগৰাকীয়ে জনোৱামতে, তেওঁ ২৫ অক্টোৰৰ নিশা দক্ষিণ কামৰূপৰ ৰামপুৰৰ এটা সংগীতানুষ্ঠানত গীত পৰিৱেশন কৰি ঘৰলৈ উভতাৰ পথত সন্মুখীন হৈছিল বাদ্যযন্ত্ৰীজনৰ এই নিৰ্যাতনৰ। অভিযুক্ত বাদ্যযন্ত্ৰী অৰূপ শৰ্মাই জোৰ কৰি তেওঁক আপত্তিকৰ স্থানত স্পৰ্শ কৰিছিল।

“আজি মোৰ লগত কৰিছে, কাইলৈ আন কাৰোবাৰ লগত কৰিব। এইটো কাৰণে মই মাত মাতিছো। তেওঁ যাতে আন কাৰো লগত এনে কৰিবলৈ সাহস নকৰে।” ভুক্তভোগী অজন্তাই কয়।

আনহাতে নিজৰ হাতত প্ৰমাণ থকা বুলিও দাবী কৰে অজন্তাই। “মোৰ হাতত সম্পূৰ্ণ প্ৰমাণ আছে। তেওঁ মোক নিজৰ কামৰ কাৰণে ক্ষমা খুজিছে, মই সকলো ৰেকৰ্ডিং কৰি থৈছো।” আত্মবিশ্বাসী অজন্তাই দৃঢ়তাৰে কয়, “মই আইনী ব্যৱস্থা ল’ম।”

মহিলা শিল্পীসকলৰ নিৰাপত্তাৰ দিশটোত উদ্বিগ্নতা প্ৰকাশ কৰি তেওঁ নিজৰ অভিজ্ঞতাক দুৰ্ভাগ্যজনক আখ্যা দি কয়, “মই আন শিল্পীৰ ক্ষেত্ৰত এনে হোৱাৰ কথা শুনিছো যদিও এয়া মোৰ জীৱনত প্ৰথম হৈছে। আৰু মই বৰ হতাশ হৈছো।” অজন্তাই কয়।

তেওঁ ইয়াক ৰক্ষকেই ভক্ষক হোৱাৰ দৰে কথা বুলি কয়, “আমি ৰাতি প্ৰগ্ৰাম কৰিবলৈ যাব লগীয়া হয়। তেওঁলোকৰ ভৰসাতে যাওঁ। তেওঁলোকে আমাক ভণ্টী হিচাপে সুৰক্ষা দিব লাগে। সকলো একে নহয় অৱশ্যে। বহুতে আমাক ভণ্টী হিচাপে লয়। তেতিয়া খুব ভাল লাগে।”