নিজৰ ককায়েকৰ হাতত ধৰ্ষিতা ভগ্নী! অন্তঃসত্ত্বা হোৱাৰ খবৰ পাই আৰক্ষীৰ কাষ চাপিল মাতৃ

১৬ বছৰীয়া ককায়েকে নিজৰ ১৩ বছৰীয়া ভনীয়েকক কৰিলে ধৰ্ষণ৷যাৰ ফলতোছোৱালীজনী গৰ্ভৱতী হৈ পৰিল। ইয়াৰ পাছতে গোটেই বিষয়টো সন্দৰ্ভত আৰক্ষীৰ কাষ চাপে মাতৃ। অভিযোগৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে কিশোৰগৰাকীক গ্ৰেপ্তাৰ কৰিছে।

গুজৰাটৰ চুৰাটৰ এই ঘটনাই সৃষ্টি কৰিছে হুলস্থুল। আৰক্ষীৰ মতে, কেইবাদিনো পূৰ্বে ছোৱালীজনীয়ে পেটৰ বিষত ভুগিছিল। তাৰ পাছত মাকে তেওঁক হস্পিতাললৈ লৈ যায়৷ তাত থকা চিকিৎসকে কয় যে ছোৱালীজনী গৰ্ভৱতী৷ সেই কথা শুনি ছোৱালীজনীৰ মাক আচৰিত হৈ পৰিল।

ঘটনা সন্দৰ্ভত সোধাত অষ্টম শ্ৰেণীৰ ছোৱালীজনীয়ে ধৰ্ষণৰ বলি হোৱা বুলি স্বীকাৰ কৰে। তেওঁ কয় যে দাদাই তেওঁক দুবাৰমান বলপূৰ্বকভাৱে ধৰ্ষণ কৰিছিল। এই সকলোবোৰ শুনি মাতৃগৰাকীয়ে পুত্ৰৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰে।

আৰক্ষীয়ে লগতে কয় যে ছোৱালীজনীৰ পিতৃ-মাতৃয়ে দৈনন্দিন শ্ৰমিক হিচাপে কাম কৰে। ল’ৰা-ছোৱালীক ঘৰত এৰি প্ৰতিদিনে কামলৈ যায়। ভাই-ভনী গোটেই দিনটো অকলশৰীয়া। সেই সুযোগতে ককায়েকে অকলশৰীয়া অৱস্থাত ভনীয়েকক ধৰ্ষণ কৰিছিল।

ছোৱালীজনীয়ে মাক-দেউতাকক জনাইছিল যে কেইবামাহো পূৰ্বে ককায়েকে তাইক যৌন সম্পৰ্ক স্থাপনৰ প্ৰস্তাৱ দিছিল। কিন্তু তেওঁ মান্তি নহ’ল। আৰু সেইবাবে সি তাইক দুবাৰকৈ বলপূৰ্বকভাৱে ধৰ্ষণ কৰে।

ছোৱালীজনীয়ে লগতে কয় যে কোনোবাই গম পালে ককায়েকে হত্যা কৰাৰ ভাবুকি দিছিল। সেইবাবেই তেওঁ নিজৰ জীৱনৰ ভয়ত এইবোৰ মাক-দেউতাকক ক’ব পৰা নাছিল। আৰক্ষীৰ মতে, POCSO আইনৰ অধীনত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে।