• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

১৬ ফেব্ৰুৱাৰী দেওবাৰে বিয়লি ৩.৩০ বজাৰ পৰা চানমাৰী স্থিত পেঞ্চনাৰ ভৱনত “কমিউনিষ্ট ইষ্টাহাৰঃ এক নতুন পৃথিৱীৰ ৰূপৰেখা” শীৰ্ষক আলোচনা চক্ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 6, 2025 11:37 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৮৪৮ চনৰ ২১ ফেব্ৰুৱাৰীত প্ৰকাশ পাইছিল বিশ্বত আলোড়ন সৃষ্টি কৰা যুগান্তকাৰী গ্ৰন্থ – কাৰ্ল মাৰ্ক্স আৰু ফ্ৰেডৰিক এংগেলছৰ কমিউনিষ্ট ইস্তাহাৰ। অন্যহাতে ২১ ফেব্ৰুৱাৰী দিনটো ইউনেস্কোই ভাষিক আৰু সাংস্কৃতিক বৈচিত্ৰ্যক উদযাপনৰ বাবে আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস হিচাপে ১৯৯৯ চনত ঘোষণা কৰিছে।এই দুয়োটা দিশ সামৰি ২০১৯ চনৰ ২১ ফেব্ৰুৱাৰীত,  লেফ্ট ৱৰ্ডছ বুক্ছকে ধৰি ভাৰতৰ প্ৰগতিবাদী প্ৰকাশন গোষ্ঠী কেইটামানৰ গোট – ইণ্ডিয়ান ছ’চাইটি ফৰ লেফট পাব্লিছাৰ্ছে নিজ নিজ ভাষাত কমিউনিষ্ট ইস্তাহাৰ সমূহীয়াকৈ পঢ়িবলৈ আহ্বান জনাই ৰেড বুক্ছ ডে’ অনুষ্ঠানৰ সূচনা কৰে।

ৰেড বুক্ছ ডে‘ৰ আয়োজনে শীঘ্ৰেই বিশ্বজুৰি প্ৰকাশকসকলৰ দৃষ্টি আকৰ্ষণ কৰে আৰু ২০২০ চনত দক্ষিণ কোৰিয়াৰ পৰা কিউবালৈকে ৩০,০০০তকৈও অধিক লোকৰ অংশগ্ৰহণেৰে উদযাপন কৰা হয়। ২০২০ চনত ৰেড বুকছ ডেৰ প্ৰথম আন্তৰ্জাতিক উদযাপনৰ প্ৰস্তুতিৰ বাবে, ইণ্ডিয়ান ছ’চাইটি অফ লেফ্ট পাব্লিছাৰ্ছে বিশ্বজুৰি প্ৰকাশকসকলৰ সভা আহ্বান কৰে। এই সভাসমূহে ইণ্টাৰনেশ্যনেল ইউনিয়ন অফ লেফ্ট পাব্লিছাৰ্ছ (আইইউএলপি)ৰ সৃষ্টি হয় য’ত এতিয়া পঞ্চল্লিশটা প্ৰকাশক অন্তৰ্ভুক্ত হৈছে। ২০২৪ চনলৈ ৰেড বুক্ছ ডে’ত অসমকে ধৰি ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে আন্তৰ্জাতিকভাৱে ইণ্ডোনেছিয়াৰ পৰা চিলিলৈ, চীনৰ পৰা তুৰষ্কলৈ, মালয়েছিয়াৰ পৰা ব্ৰাজিললৈ, অষ্ট্ৰেলিয়াৰ পৰা আমেৰিকালৈ দহ লাখতকৈও অধিক লোকে অংশগ্ৰহণ কৰে।

Apply Now

ভাৰতত কৃষক সংগঠন আৰু ট্ৰেড ইউনিয়নৰ সদস্যসকলে বিভিন্ন গাঁৱত কমিউনিষ্ট মেনিফেষ্টো আলোচনা কৰাৰ বিপৰীতে মাজতে ব্ৰাজিলৰ লেণ্ডলেছ ৱৰ্কাৰ্ছ মুভমেণ্টৰ সদস্যসকলে একেলগে বহি কাৰ্নিভাল উৎসৱৰ সময়ত পৰ্যায়ক্ৰমে কমিউনিষ্ট মেনিফেষ্টখন সমূহীয়াকৈ পঢ়ে। নেপালত কৃষি কৰ্মী সংঘই বিভিন্ন প্ৰগতিশীল কিতাপৰ বিষয়ে আলোচনা কৰে। আনহাতে টানজানিয়াৰ ভূমিহীন কৃষকসকলে সাক্ষৰতাৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰে। ২০২৩ চনত কিউবাৰ দহদিনীয়া হাভানা বুক ফেয়াৰত ২১ ফেব্ৰুৱাৰীত ৰেড বুক্ছ ডে’ৰ বিশেষ অনুষ্ঠানমালাৰ বাবে সংৰক্ষিত কৰা হয়।

আইইউএলপি গঠন কৰা হৈছিল কেৱল ৰেড বুক্ছ ডে’ প্ৰচাৰ কৰাৰ বাবেই নহয়, বৰঞ্চ এক বৃহত্তৰ প্লেটফৰ্ম প্ৰদান কৰাৰ বাবেও যাতে বাঁওপন্থী প্ৰকাশকসকলে সোঁপন্থীৰ আক্ৰমণৰ পৰা ৰক্ষা পৰে আৰু যুক্তিসংগত আৰু সমাজবাদী ধাৰণা আগবঢ়ায়।

আইইউএলপিয়ে ৰোমানিয়ানৰ পৰা ইণ্ডোনেছিয়ালৈকে বিভিন্ন ভাষাত একেদিনেই কেইবাটাও যুটীয়া কিতাপ প্ৰস্তুত কৰিছে (চে গুৱেৰাৰ ৰচনা, পেৰিছ কমিউনৰ স্মৰণ আদি) আৰু এই সময়ত বিভিন্ন লেখক আৰু প্ৰকাশকসকলে আক্ৰমণৰ সন্মুখীন হ’লে তেওঁলোকক ৰক্ষা কৰিবলৈ বিবৃতিও জাৰি কৰিছে। গ্ৰন্থাগাৰ আন্দোলনক শক্তিশালী কৰাও হৈছে ৰেড বুকছ ডেৰ অন্যতম লক্ষ্য যাতে সমূহীয়া পঠন বৃদ্ধিৰে যুক্তি আৰু প্ৰগতিশীল চিন্তা চৰ্চা আগুৱাই যায়। ৰেড বুক্ছ ডে হৈছে প্ৰগতিশীল কিতাপ লিখা, প্ৰকাশ কৰা আৰু সকলোৰে পঢ়াৰ অধিকাৰ ৰক্ষা কৰা আৰু যুক্তিক নাশ কৰা সমকালীন অন্ধবিশ্বাসী ধাৰণাৰ বিৰুদ্ধে যুঁজ দিয়া এক বৃহত্তৰ সাংস্কৃতিক সংগ্ৰামৰ অংশ। আশা কৰা হৈছে যে এই দিনটো সকলো আইইউএলপি আৰু বাঁওপন্থী প্ৰবাহৰ বাহিৰত থকা ব্যক্তি আৰু সংগঠনসমূহে আঁকোৱালি ল’ব।

এইবেলি গুৱাহাটীত ডি ৱাই এফ আই আৰু নৱযুগ প্ৰকাশনে যৌথভাৱে ৰেড বুক্ছ ডে’ৰ সৈতে সংগতি ৰাখি ১৬ ফেব্ৰুৱাৰীত বিয়লি ৩ঃ৩০ বজাৰ পৰা চান্দমাৰী স্থিত পেঞ্চনাৰ ভৱনত “কমিউনিষ্ট ইষ্টাহাৰঃ এক নতুন পৃথিৱীৰ ৰূপৰেখা” শীৰ্ষক আলোচনা চক্ৰৰ আয়োজন কৰিছে। বক্তা হিচাপে উপস্থিত থাকিব  বাঁওপন্থী দল চি পি আই(এম)ৰ ৰাজ্যিাক সম্পাদক সুপ্ৰকাশ তালুকদাৰ। ৪৫ মিনিটৰ বক্তৃতাৰ পিছত উপস্থিত ব্য্ক্তিসকলে ৩০ মিনিটৰ বাবে নিজৰ নিজৰ মত ডাঙি ধৰিব।আশা কৰিছোঁ আপোনালোকেও অনুষ্ঠানটোত উপস্থিত থাকি আন্তৰ্জাতিক ৰেড বুক্ছ ডে’ পালন কৰাৰ এই প্ৰচেষ্টা সফল কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd